‘নতুন কৃষি আইনে কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে’; IMFৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথ

Gita Gopinath

ভাৰতৰ নতুন কৃষি আইনসমূহে দেশৰ কৃষকৰ আয় বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই মন্তব্য কৰিছে আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি(International Monetary Fund)ৰ গৱেষণা বিভাগৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে।

‘ভাৰতৰ শেহতীয়াকৈ প্ৰণয়ন কৰা কৃষি আইনত কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে, কিন্তু ইয়াৰ লগতে দুৰ্বল কৃষকসকলক এক সামাজিক সুৰক্ষা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে।’ আইএমএফৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে কয়।

ভাৰতীয় মূলৰ বিশিষ্ট অৰ্থনীতিবিদগৰাকীয়ে লগতে কয় যে ভাৰতীয় কৃষি খণ্ডত পৰিৱৰ্তনৰো প্ৰয়োজন আছিল।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত বিগত কেবামাহো ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত কৃষকে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

কৃষক সংগঠন আৰু চৰকাৰৰ মাজত অনুষ্ঠিত ১১ লানিকৈ আলোচনা ব্যৰ্থ হোৱাৰ পিছত ২৬ জানুৱাৰীৰ দেশৰ গণতন্ত্ৰ দিৱসৰ দিনা কৃষকসকলে ৰাজধানী নতুন দিল্লীলৈ টেক্টৰসহ বিশাল কৃষক সমদল বাহিৰ কৰে।

আনকি গণতন্ত্ৰ দিৱসৰ দিনাই প্ৰতিবাদকাৰী কৃষকসকলে দিল্লীৰ লালকিল্লা দখল কৰি ৰাষ্ট্ৰীয় পতাকাৰ সৈতে কৃষক সংগঠনৰ পতাকাও উত্তোলন কৰে।

ইফালে এই কৃষক সমদলে ৰাজধানী নতুন দিল্লীত বিক্ষিপ্ত হিংসাত্মক পৰিস্থিতিৰো সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে। দিল্লী আৰক্ষীৰ মতে বিশাল কৃষক সমদলৰ আক্ৰমণত প্ৰায় ৩ শৰো অধিক আৰক্ষী আহত হৈছে।

আনহাতে কৃষক নেতৃত্বই কোনো তৃতীয় পক্ষই এই হিংসাত্মক কাৰ্য সংঘটিত কৰা বুলি দাবী কৰিছে।

বিতৰ্কিত তিনিখন কৃষি আইন বাতিলৰ দাবীত দেশৰ ৰাজধানী এইদৰে উত্তাল হৈ থকাৰ মসয়তে IMFৰ গৱেষণা পৰিষদৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে কৰা এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।