NORTHEAST NOW (Assamese)

কাজিৰঙাত এইবাৰ গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হ’ব ‘ই-নিয়ন্ত্ৰণ’ মোবাইল এপ

September 29, 2018 7:45 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ গতি নিয়ন্ত্ৰণৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে আজি এটা নতুন মোবাইল এপৰ শুভ উদ্বোধন কৰা হয়। ‘ই-নিয়ন্ত্ৰণ’ নামৰ এই মোবাইল এপটো মুকলি কৰে গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰাই।

উপায়ুক্ত গৰাকীয়ে এই এপটোৱে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত চলা গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰি বন্যপ্ৰাণীক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব।

এই সম্পৰ্কত বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, কাজিৰঙাৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ লগতে নেচনেল ইনফৰ্মেটিচ চেণ্টাৰৰ গোলাঘাট জিলা কেন্দ্ৰৰ জিলা বিষয়া অভিজিত কাকতি, সহকাৰী বিষয়া সুশ্ৰুত ৰাজখোৱা আৰু অনান্য বিষয়ববীয়া সকলো উপস্থিত আছিল।

এন আই চি গোলাঘাট জিলা কেন্দ্ৰই নিৰ্মাণ কৰা এই এনডৰয়ড এপটো বান পানীৰ সময়ত টাইম কাৰ্ডৰ পৰিৱৰ্তে ব্যৱহাৰ হ’ব বুলি এন আই চি গোলাঘাটে জনায় ৷

তাৰোপৰি এই মোবাইল এপটোৰ জৰিয়তে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে তীব্ৰ বেগত গতি কৰা যানবাহনৰ নম্বৰ আৰু সবিশেষ বনকৰ্মীয়ে মেবাইলতে সংগ্ৰহ কৰি পৰৱৰ্তী চেক গেটলৈ প্ৰেৰণ কৰিব পাৰিব বুলিও জনায় অভিজিত কাকতীয়ে ৷

ইফালে ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই নৰ্থ ইষ্ট নাওক কয় যে, ‘এই মোবাইল এপটো আমি এই বাৰেই পৰীক্ষামুলক ভাৱে ব্যৱহাৰ কৰাৰ সিধান্ত লৈছিলো যদিও বানপানী নোহোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলো ৷ পৰৱৰ্তী বান পানীৰ সময়ত এই এপটো আমি পৰীক্ষামুলক ভাৱে ব্যৱহাৰ কৰিম’।

Related News