• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গামোচাখন চায়েই চিনি পালে নিজৰ পুতেকক! নদীত উটি অহা মৃতদেহটো আলফা (স্বাঃ) সদস্য জান অসমৰ বুলি চিনাক্ত কৰিলে মাকে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 29, 2018 6:27 pm
Jaan Asom

নিহত আলফা সদস্য জান অসম (বাওঁফালৰজন )।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰীৰ মাজুলী চাপৰিত বুঢ়ীদিহিং নদীত যোৱা ২৭ ছেপ্টেম্বৰ উদ্ধাৰ হোৱা আলফা সদস্যজনৰ মৃতদেহ ৪৮ ঘণ্টাৰ অন্তত আজি চিনাক্ত হ’ল। আলফা সদস্যজনক জান অসম ওৰফে ৰুদ্ৰেশ্বৰ বৰুৱা বুলি আজি মাক বৈজয়ন্তী বৰুৱাই চিনাক্ত কৰে।

মন কৰিব লগীয়া যে ইয়াৰ পূৰ্বে পৰিয়ালৰ লোকে দুবাৰকৈ নিৰীক্ষণ কৰিও মৃতদেহটো জান অসমৰ বুলি চিনাক্ত কৰিব পৰা নাছিল। কিন্তু আজি মাকে কিছু দিনৰ পূৰ্বে নিজে দিয়া গামোচাখন জান অসমৰ গাত দেখা পাই নিশ্চিত কৰে।

Apply Now

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কুজু পথাৰৰ স্বৰ্গীয় ভোগেন বৰুৱা আৰু বৈজয়ন্তী বৰুৱাৰ পুত্ৰ ৰুদ্ৰেশ্বৰ বৰুৱা ওৰফে জান অসমে বিগত ২০১২ চনত আলফা স্বাধীনত যোগদান কৰিছিল। ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত জান অসমে শেহতীয়াকৈ তিনিচুকীয়া জিলাত সংঘটিত কেইবাটাও ভয়াৱহ কূটাঘাতেৰে সেনা-আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছিল।

আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ড, ডিৰাক সোণজানৰ অন্তেশ্বৰ মহন্তৰ হত্যাকাণ্ড, ডিগবৈ-পেঙেৰী পথত  সেনাৰ ওপৰত আক্ৰমণ, বৰডুমচাৰ বাগিচা কৰ্মচাৰী শৈল্য দহোটীয়াৰ অপহৰণ, কোণাপথাৰ চাহবাগিচাত গুলীবৰ্ষণ, জাগুনৰ ব্যৱসায়ীক অপহৰণকে ধৰি  জান অসম কেইবাটাও কূটাঘাতত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।

ইপিনে জান অসম গুলী লাগি মৃত্যু হোৱা নাছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে।  আৰক্ষীৰ ভাষ্য মতে যোৱা ২৪ ছেপ্টেম্বৰত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কঠাচেমাত সংঘটিত সেনাৰ সংঘৰ্ষৰ সময়ত জান অসমে পানীত জঁপিয়াই দিছিল। জান অসমৰ শৰীৰত থকা কেথড, একে-৪৭ ৰাইফল, গ্ৰেনেড আদি অস্ত্ৰ-শস্ত্ৰৰ ওজনৰ বাবেই পানীত ডুবি মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অৱশ্যে এই পৰ্যন্ত ৰাইফল দুটা উদ্ধাৰ হোৱা নাই।

উল্লেখযোগ্য যে ২৫ ছেপ্তেম্বৰত তিনিচুকীয়া জিলাৰ পেঙেৰীত সেনা আৰু আলফাৰ মাজত হোৱা গুলীয়াগুলীৰ পিছদিনা অৰ্থাৎ ২৭ ছেপ্তেম্বৰত পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে তেতিয়াই এইটো জান অসমৰ মৃতদেহ বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু সংঘৰ্ষটোত তেওঁৰ মৃত্যু হৈছিল বুলি সকলোৱে ধৰি লৈছিল।

ইপিনে পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কালি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত নিহত আলফা সদস্যজন জান অসম বুলি উল্লেখ কৰিছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd