তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰীৰ মাজুলী চাপৰিত বুঢ়ীদিহিং নদীত যোৱা ২৭ ছেপ্টেম্বৰ উদ্ধাৰ হোৱা আলফা সদস্যজনৰ মৃতদেহ ৪৮ ঘণ্টাৰ অন্তত আজি চিনাক্ত হ’ল। আলফা সদস্যজনক জান অসম ওৰফে ৰুদ্ৰেশ্বৰ বৰুৱা বুলি আজি মাক বৈজয়ন্তী বৰুৱাই চিনাক্ত কৰে।
মন কৰিব লগীয়া যে ইয়াৰ পূৰ্বে পৰিয়ালৰ লোকে দুবাৰকৈ নিৰীক্ষণ কৰিও মৃতদেহটো জান অসমৰ বুলি চিনাক্ত কৰিব পৰা নাছিল। কিন্তু আজি মাকে কিছু দিনৰ পূৰ্বে নিজে দিয়া গামোচাখন জান অসমৰ গাত দেখা পাই নিশ্চিত কৰে।
উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত কুজু পথাৰৰ স্বৰ্গীয় ভোগেন বৰুৱা আৰু বৈজয়ন্তী বৰুৱাৰ পুত্ৰ ৰুদ্ৰেশ্বৰ বৰুৱা ওৰফে জান অসমে বিগত ২০১২ চনত আলফা স্বাধীনত যোগদান কৰিছিল। ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত জান অসমে শেহতীয়াকৈ তিনিচুকীয়া জিলাত সংঘটিত কেইবাটাও ভয়াৱহ কূটাঘাতেৰে সেনা-আৰক্ষীৰ নিদ্ৰা হৰণ কৰিছিল।
আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ড, ডিৰাক সোণজানৰ অন্তেশ্বৰ মহন্তৰ হত্যাকাণ্ড, ডিগবৈ-পেঙেৰী পথত সেনাৰ ওপৰত আক্ৰমণ, বৰডুমচাৰ বাগিচা কৰ্মচাৰী শৈল্য দহোটীয়াৰ অপহৰণ, কোণাপথাৰ চাহবাগিচাত গুলীবৰ্ষণ, জাগুনৰ ব্যৱসায়ীক অপহৰণকে ধৰি জান অসম কেইবাটাও কূটাঘাতত জড়িত আছিল বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।
ইপিনে জান অসম গুলী লাগি মৃত্যু হোৱা নাছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীৰ ভাষ্য মতে যোৱা ২৪ ছেপ্টেম্বৰত জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কঠাচেমাত সংঘটিত সেনাৰ সংঘৰ্ষৰ সময়ত জান অসমে পানীত জঁপিয়াই দিছিল। জান অসমৰ শৰীৰত থকা কেথড, একে-৪৭ ৰাইফল, গ্ৰেনেড আদি অস্ত্ৰ-শস্ত্ৰৰ ওজনৰ বাবেই পানীত ডুবি মৃত্যু হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অৱশ্যে এই পৰ্যন্ত ৰাইফল দুটা উদ্ধাৰ হোৱা নাই।
উল্লেখযোগ্য যে ২৫ ছেপ্তেম্বৰত তিনিচুকীয়া জিলাৰ পেঙেৰীত সেনা আৰু আলফাৰ মাজত হোৱা গুলীয়াগুলীৰ পিছদিনা অৰ্থাৎ ২৭ ছেপ্তেম্বৰত পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত তাকেৰিত বুঢ়ীদিহিং নৈত সন্দেহজনক আলফা (স্বাঃ) সদস্য এজনৰ মৃতদেহ উদ্ধাৰ হৈছিল। আৰক্ষীয়ে তেতিয়াই এইটো জান অসমৰ মৃতদেহ বুলি সন্দেহ প্ৰকাশ কৰিছিল আৰু সংঘৰ্ষটোত তেওঁৰ মৃত্যু হৈছিল বুলি সকলোৱে ধৰি লৈছিল।
ইপিনে পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কালি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত নিহত আলফা সদস্যজন জান অসম বুলি উল্লেখ কৰিছিল।