• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বড়োলেণ্ডত নতুন ৰাজনৈতিক অংক; শক্তিশালী হ’ব য়ু পি পি এল!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 13, 2020 5:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ সৈতে বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বিৰ আটাইকেইটা গোট, নিখিল বড়ো ছাত্ৰ সন্থা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নতুন বড়ো চুক্তিত স্বাক্ষৰ কৰাৰ পাছতে বড়োলেণ্ডত নতুন ৰাজনৈতিক দলৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

ইতিমধ্যে, ১১ ফেব্ৰুৱাৰিত এন ডি এফ বিৰ আটাইকেইটা গোট বড়ো সকলৰ সমস্যা, সমাধান আৰু প্ৰগতিৰ স্বাৰ্থত পুনৰ একত্ৰিত হয়।

Apply Now

তামুলপুৰত ১২ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা এবছুৰ অভিৱৰ্তনত আজি এন ডি এফ বিৰ নেতা সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অৱশ্যে এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত নাথাকিল ৰঞ্জন দৈমাৰী আৰু ধীৰেণ বড়ো।

এবছুৰ অভিৱৰ্তনৰ পৰা আগন্তুক বিটিচি নিৰ্বাচনৰ পূৰ্বে বড়োলেণ্ডত নতুন ৰাজনৈতিক দল গঠন যে নহয় সেই সন্দৰ্ভত এটা ইংগিত লাভ কৰা গৈছে।

বি টি আৰত নতুন দল গঠনৰ পৰিৱৰ্তে হাগ্ৰামৰ সৈতে মতৰ বিৰোধিতা থকা সকলে ইউ পি পি এলৰ লগত লগ লাগি আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা অধিক। এইক্ষেত্ৰত এবছুই য়ু পি পি এলক সমৰ্থন আগবঢ়াব।

পূৰ্বতেও য়ু পি পি এলৰ প্ৰতি এবছু আৰু এন ডি এফ বিৰ সমৰ্থন আছিল কিন্তু এইবাৰ যিহেতু এন ডি এফ বিৰ আটাইকেইটা গোট মূল সূতিলৈ আহিল আৰু তেওঁলোকে যদি একত্ৰিতভাৱে অগ্ৰসৰ হয় তেতিয়া এন ডি এফ বি, এবছু আৰু য়ু পি পি এল-ৰ একত্ৰিত শক্তি যথেষ্ট বৃদ্ধি পাব।

এই সম্পৰ্কত য়ু পি পি এলৰ নেতা উৰ্খাও গৌৰাং ব্ৰহ্মই আমাৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘‘য়ু পি পি এল, এবছু আৰু এন ডি এফ আমি আটাইকেইটা সংগ্ৰামী গোট। আমাৰ মাজত সুসম্পৰ্ক পূৰ্বৰে পৰা আছে।  এন ডি এফ বিৰ আটাইকেইটা গোটৰ সৈতে একেলগে আগবঢ়াৰ বাবে আমি আলোচনা চলাই আছো।’’

তেওঁ লগতে কয়, ‘‘এন ডি এফ বিয়ে যিহেতু সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিছে গতিকে তেওঁলোক আৰু এন ডি এফ বি হৈ নাথাকিব। গতিকে আমি আটাইকেইটা সংগ্ৰামী দল-সংগঠন একলগ হোৱাৰ প্ৰচেষ্টা চলাই আছে।’’

ইপিনে, তেওঁলোকৰ বিপৰীতে থাকিব বি পি এফ। বি টি চি গঠন হোৱাৰ পৰাই বড়োভূমিত শাসনত থকা বি পি এফ কিন্তু এইবাৰ এন ডি এফ বিৰ, এবছু আৰু য়ু পি পি এল-ৰ একত্ৰিত শক্তিৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখিন হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ বিপৰীতে, সাংসদ নৱ শৰণীয়াৰ ভূমিকাও চিন্তা কৰিব লাগিব। বড়ো ভূমিত বি পি এফ আৰু এন ডি এফ বি-ইউ পি পি এলৰ একত্ৰিত শক্তিৰ মাজত বড়ো ভোটৰ বিভাজনৰ সুযোগ লোৱাৰ বাবে নিশ্চয় শৰণীয়াই চেষ্টা কৰিব।

ইতিমধ্যে নৱ শৰণীয়াৰ নেতৃত্বত বি টি এ ডি আৰ্মী নামেৰে দল গঠন হৈছে। গতিকে তেওঁলোকো সাজু হৈ আছে।

উৰ্খাও গৌৰা ব্ৰহ্মই আমাৰ আগত মন্তব্য কৰিছে, ‘এইবাৰ বি টি চিত পৰিৱৰ্তন ঘটাতো নিশ্চিত। যোৱাবাৰেই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ প্ৰত্যহ্বানৰ সন্মুখীন হৈছিল। এইবাৰ বি পি এফ আৰু শাসনত থাকিব নোৱাৰিব।’

অৱশ্যে এইখিনি সময়ত বিজেপিৰ ভূমিকা কি হয় সেয়াও লক্ষনীয় হ’ব, কাৰণ বড়োভূমিত বিজেপিয়ে এতিয়া নিজৰ ভেটি যথেষ্ট শক্তিশালী কৰিছে। বিজেপিত বহু যোগদান হৈছে। বিশেষকৈ অনা বড়ো লোকৰ মাজত বিজেপিয়ে এটা প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে মিত্ৰজোঁটত হয়তো বি পি এফৰ সংকট বিজেপিয়ে দূৰ কৰিব পাৰে।

বিটিচি নিৰ্বাচনৰ সময় চমু আহিলেও ইয়াৰ ৰাজনৈতিক দৃশ্যপট এতিয়াও অস্পষ্ট হৈ আছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd