পাকিস্তানে দখল কৰা ছিয়াচিন ভূখণ্ডত সুৰংগ নিৰ্মাণ, উপগ্ৰহৰ ছবিত দেখা গৈছে পথ নিৰ্মাণৰ কাম আৰু চীনা সেনাৰ গতিবিধি

পূৱ লাডাখৰ পাছত এইবাৰ ছিয়াচিন। এইবাৰ পাকিস্তান দখল কৰা ভাৰতৰ ভূখণ্ডৰ শ্বাক্সগাম অঞ্চলত (সামৰিক ভাষাত ট্ৰেন্স কাৰাকোৰাম ট্ৰেক্ট) পথ আৰু সুৰংগ নিৰ্মাণৰ দৰে কাম চীনৰ দ্বাৰা কৰি থকাৰ কথা পোহৰলৈ আহিল। মেক্সাৰ টেকন’লজিয়ে প্ৰকাশ কৰা নতুন উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে অঞ্চলটোত স্থায়ী নিৰ্মাণ কাৰ্য চলাই আছে।

লগতে পঢ়ক: ৰে’ল বাতিলৰ ফলত আবদ্ধ কৰিমগঞ্জৰ শতাধিক ভোটাৰ; ভোটদানৰ পৰাও বঞ্চিত

১৯৪৮ চনত পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ সেই অঞ্চল দখল কৰে। ১৯৬০ চনত ইছলামাবাদে ছিয়াচেন হিমবাহৰ পূব প্ৰান্তত থকা শ্বাক্সগাম অঞ্চল বেইজিঙৰ হাতত অৰ্পণ কৰে। বিগত কেইবছৰমানৰ পৰা চীনা সেনাই ভাৰতৰ ভূখণ্ডৰ ভিতৰতো পূব লাডাখ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এইবাৰ চীনৰ অনুৰূপ কাম ছিয়াচেন অঞ্চলতো পোৱা গ’ল।

লগতে পঢ়ক: অনন্য! টী-২০ ক্ৰিকেটত ইণ্ডোনেছিয়াৰ স্পিনাৰৰ বিশ্ব অভিলেখ; ০ ৰানত দখল কৰিলে ৭টা উইকেট

কেইবছৰমানৰ আগতে উপগ্ৰহৰ ছবিত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা চীনৰ সামৰিক নিৰ্মাণ দলং নিৰ্মাণৰ কাৰ্যকলাপ দেখা গৈছিল। পাছত মেক্সাৰে প্ৰকাশ কৰা উপগ্ৰহৰ ছবিত দেখা গৈছে যে চীনৰ সেনাই এল এল চিৰ ওচৰৰ আকছাই অঞ্চলত স্থায়ী বাংকাৰ আৰু বৃহৎ সুৰংগ নিৰ্মাণ কৰিছে। ভাৰতৰ মতে জি জিনপিঙৰ সেনাবাহিনীৰ এই পদক্ষেপ ভৱিষ্যতৰ সংঘাতৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে লোৱা হৈছে।

লগতে পঢ়ক: পেলেষ্টাইনৰ সমৰ্থনত উলিওৱা প্ৰতিবাদত অংশগ্ৰহণ; ভাৰতীয় মূলৰ ছাত্ৰীক আমেৰিকাত গ্ৰেপ্তাৰ

২০২৩ চনৰ জুলাই-আগষ্ট মাহত লোৱা উপগ্ৰহৰ ছবিসমূহৰ বিশ্লেষণ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশ্বাস কৰে যে মাটিৰ তলৰ বাংকাৰত গধুৰ অস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ লজিষ্টিক সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা আছে।

লগতে পঢ়ক: পিছলৈ খোজ কাঢ়ি পাইছেনে? উপকাৰিতা আছে পিছলৈ খোজ কঢ়াৰ

কাৰাকোৰাম ঘাইপথ (আনুষ্ঠানিকভাৱে চীন-পাকিস্তান ইকনমিক কৰিডৰ বা চিপিইচি নামেৰে জনাজাত) পশ্চিম চীনৰ জিনজিয়াং প্ৰদেশৰ কাছগড়ৰ পৰা দক্ষিণ পাকিস্তানৰ গৱাদাৰ বন্দৰলৈকে গৈ শ্বাক্সগাম উপত্যকাৰ মাজেৰে পাৰ হৈ যায়। ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ‘বাই লেন’ ঘাইপথটো চীনৰ ‘ৱান বেল্ট ৱান ৰোড’ কাৰ্যসূচীৰ অন্যতম মূল অংশ। প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা অংশই বিশ্বাস কৰে যে যুদ্ধৰ পৰিস্থিতিত সৈন্য আৰু সামৰিক সঁজুলিৰ দ্ৰুত পৰিবহণৰ বাবে চীন সেনাই শ্বাক্সগাম-চিপিইচি সংযোগী পথ নিৰ্মাণ কৰি আছে। যিটো ভাৰতৰ বাবে অতিকৈ চিন্তনীয় বিষয়।