China Aggression in India পুনৰ ভাৰতৰ ভূমিখণ্ডত চীনে নিৰ্মাণ কাৰ্য চলাই থকাৰ তথ্য পোহৰলৈ আহিছে। উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ এখন গাঁৱত চীনে নিৰ্মাণ কৰা দ্বিতীয়টো এনক্লেভৰ তথ্য।
পেন্টাগন সদৰী কৰা তথ্য অনুসৰি চীনে নিৰ্মাণ কৰা এই এনক্লেভত ৬০টা ঘৰ থকা বুলি কোৱা হৈছে।
বাতৰি অনুসৰি, চীনে নিৰ্মাণ কৰা এই দ্বিতীয়টো এনক্লেভ ভাৰত-চীন সীমান্তৰ পৰা ভাৰতীয় ভূমিখণ্ডৰ ৬ কিলোমিটাৰ ভিতৰত আছে।
এই তথ্য পোহৰলৈ অহাৰ পাছতেই ভাৰতে ইতিমধ্যে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।
ইপিনে, ভাৰতীয় ভূখণ্ডত চীনে অবৈধ নিৰ্মাণ কাৰ্য চলোৱাৰ বাতৰি প্ৰকাশ পাই আহিছে যদিও ভাৰতীয় সেনাই সেয়া অস্বীকাৰ কৰি আহিছে।
তদুপৰি, অৰুণাচলৰ চৰকাৰ তথা প্ৰশাসনেও এই সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
উল্লেখ্য যে চলিত নৱেম্বৰ মাহৰ প্ৰথম ভাগতে চীনৰ আগ্ৰাসনক লৈ পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত চীনে এখন গাঁও পাতি পেলোৱাৰ এক ভয়ংকৰ তথ্য মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল।
ভাৰত আৰু চীনৰ মাজত ইয়াকে লৈ আকৌ এবাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছিল আমেৰিকাই।
বিডেন প্রশাসনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদনত চীনৰ সামৰিক প্ৰস্তুতি তথা ভূমি আগ্ৰাসনৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়োৱা হৈছিল।
Also Read: Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে
উক্ত প্ৰতিবেদনত উল্লেখ কৰা মতে ২০২০ চনৰ কোনো এটা সময়ত অৰুণাচলত গাওঁখন নিৰ্মাণ কৰা হৈছিল। গাঁওখনত কমেও ১০০টা ঘৰ আছে।
মাৰ্কিন প্ৰতিবেদন মতে গাওঁখন অসামৰিক কামকাজত ব্যৱহাৰ কৰা হৈছে। অৰুণাচলৰ সোৱণশিৰি জিলাত ছাৰি চু নদীৰ পাৰত চীনে গাওঁখন নিৰ্মাণ কৰিছে।
সূত্ৰসমূহৰ মতে এতিয়াও তাত উন্নয়নৰ কাম চলি আছে বুলি কোৱাৰ লগতে অঞ্চলটোত বহুদিন ধৰি এটা চীনৰ চেকপ’ষ্ট আছিল বুলি প্ৰকাশ পাইছিল।
আনহাতে, বৰ্তমান যি স্থানত চীনে এই নিৰ্মান কাৰ্য চলোৱা বুলি পেন্টাগনে দেখুৱাইছে সেই স্থানখিনি অনলাইনত থকা মানচিত্ৰত ভাৰতৰ বুলিয়েই উল্লেখ কৰা হৈছে।