• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ

অংকিতা দত্ত নতুন সভানেত্ৰী, ৰাতুল পাটোৱাৰী কাৰ্যকৰী সভাপতি, পৰিতোষ ৰয় উপ-সভাপতি

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 2, 2021 6:50 pm
New youth congress committee
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটীৰ নৱ-নিযুক্ত সভানেত্রী ডঃ অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে “জাগ ডেকা তেজ জাগ” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে সদ্য বিদায়ী সভাপতি কমৰুল ইছলাম চৌধুৰীৰ পৰা প্ৰদেশ যুৱ কংগ্রেছৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

আজিৰ এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি শ্ৰীভূপেন কুমাৰ বৰা, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি, সম্পাদক অজয় শিকাৰা, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুল বাটিন খণ্ডকাৰ, ডাঃ আছিফ নজৰ, প্ৰীতম কৰ্মকাৰ, চৰিফা ৰহমান, কৃষ্ণা দাস, প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। এই উপলক্ষে ৰাজীৱ ভৱন চৌহদত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় সহস্ৰাধিক যুৱ কংগ্ৰেছৰ নেতা-কৰ্মী উপস্থিত থাকি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই বক্তব্য দাঙি ধৰি কয় যে দেশৰ এই সন্ধিক্ষণত যুৱ প্ৰজন্মই সাহেসেৰে নেতৃত্ব দি দেশৰ মৌলিক সামাজিক চৰিত্ৰ সলনি কৰিব বিচৰা সমূহ সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ শক্তিক প্ৰতিহত কৰিব লাগিব। দেশৰ এই নতুন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামত তেওঁ সদায় যুৱ শক্তিৰ সৈতে একাত্ম হৈ থাকিব বুলি উল্লেখ কৰে।

Apply Now

যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি শ্ৰীনিবাস বি ডিয়ে কয় যে অসমত প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুনকৈ দায়িত্ব প্ৰাপ্ত নেতৃবৰ্গই অসমৰ যুৱ সমাজৰ কাষ চাপি এনেদৰে কাৰ্যনিৰ্বাহ কৰিব লাগিব যাতে আগন্তুক প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ দলে সফলতা অৰ্জন কৰিব পাৰে। তেওঁ লগতে কয় যে অসম আজি এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্য। অসমত অসৎ পদ্ধতিৰে সংগৃহীত ধনৰ ভাগ বহু কেন্দ্ৰীয় নেতৃত্বয়ো লাভ কৰি আছে।

নৱ-নিযুক্ত সভানেত্ৰী অংকিতা দত্তই কয় যে তেওঁৰ পিতৃ প্ৰয়াত অঞ্জন দত্তই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আলফাৰ দৰে সংগঠনৰ সৈতে মুখামুখি হৈ কংগ্ৰেছ দলৰ ৰাজনীতিক অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। অজি কংগ্ৰেছৰ দুৰ্যোগপূৰ্ণ অৱস্হাত দায়িত্বভাৰ গ্ৰহণ কৰি তেৱোঁ পুনৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ গঠনৰ প্ৰচেষ্টাত ব্ৰতী হ’ব।

সভাত উপস্হিত বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু ৰেকিবুদ্দিন আহমেদ, যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়েও বক্তব্য দাঙি ধৰে।

নৱ-নিযুক্ত সভানেত্ৰী ডঃ অংকিতা দত্তৰ গৃহ সমষ্টি আমগুৰি আৰু নৱ-নিযুক্ত কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী গৃহ সমষ্টি ধৰ্মপুৰৰ বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী, সমৰ্থকৰ উপৰি ছয়গাঁও, গোৱালপাৰা আৰু গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু কংগ্ৰেছ কৰ্মী আজিৰ সভাত উপস্থিত থাকে বুলি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই জানিবলৈ দিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd