• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ দিশে ধাৱমান নিউজিলেণ্ড, সংকটত পাকিস্তান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2026 7:37 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত টি-২০ বিশ্বকাপত নাটকীয় পাকলৈছে ছেমি ফাইনেলৰ যুঁজখনে। বৰ্তমানৰ পৰিস্থিতি অনুসৰি নিউজিলেণ্ডৰ বাবে ছেমি ফাইনেলৰ পথ প্ৰশস্ত হোৱা দেখা গৈছে যদিও আয়োজক দেশ শ্ৰীলংকাৰ বিশ্বকাপ অভিযানৰ ইয়াতেই যৱনিকা পৰিল। ইপিনে কিৱিবাহিনীৰ এই জয়ৰ পাছত পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ আশা যথেষ্ট ম্লান হৈ পৰিছে। গ্ৰুপ পৰ্যায়ত সুন্দৰ প্ৰদৰ্শন কৰি ছুপাৰ এইটত স্থান নিশ্চিত কৰা শ্ৰীলংকাই নিজৰ ধাৰাবাহিকতা ৰক্ষা কৰাত ব্যৰ্থ হ’ল। অষ্ট্ৰেলিয়াক পৰাস্ত কৰি আত্মবিশ্বাসী হৈ থকা লংকা বাহিনী বুধবাৰে নিউজিলেণ্ডৰ হাতত শোচনীয়ভাৱে পৰাস্ত হয়। ইয়াৰ লগে লগে চলিত বিশ্বকাপৰ ছুপাৰ এইট পৰ্যায়ৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় দছুন শনাকাৰ দলটো। শ্ৰীলংকাৰ এই ব্যৰ্থতাৰ মূল কাৰণ হিচাপে চিহিত হৈছে তেওঁলোকৰ দুৰ্বল বেটিং প্ৰদৰ্শন।

কলম্বোত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ মেচখনত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। খেলখনৰ আৰম্ভণি শ্ৰীলংকাৰ বাবে যথেষ্ট আশাপ্ৰদ আছিল। মহেশ থাক্ষনা আৰু দুষমান চমিৰাৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত নিউজিলেণ্ডৰ বেটছমেনসকল অসহায় হৈ পৰিছিল। প্ৰথম দহ অভাৰত কিৱিদলে মাত্ৰ ৭৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু ফিন এলেনকে ধৰি তিনিজন শীৰ্ষ পৰ্যায়ৰ বেটছমেন পেভিলিয়নলৈ উভতি গৈছিল। খেলখনৰ ১৩ নং অভাৰ চলি থকাৰ সময়ত নিউজিলেণ্ডৰ অৱস্থা অধিক শোচনীয় হৈ পৰে আৰু মাত্ৰ ৮৪ ৰানতে তেওঁলোকে ৬টা উইকেট হেৰুৱায়। সেই সময়ত এনে লাগিছিল যেন নিউজিলেণ্ড অতি কম স্ক’ৰতে থমকি ৰ’ব।

Apply Now

কিন্তু খেলখনৰ মোৰ সলাই দিয়ে নিউজিলেণ্ডৰ অধিনায়ক মিচেল ছাণ্টনাৰে। এগৰাকী স্পিনাৰ হিচাপে পৰিচিত হ’লেও সংকটৰ সময়ত তেওঁ নিজৰ বেটিং দক্ষতাৰ পৰিচয় দিয়ে। তেওঁ মাত্ৰ ২৬টা বলত বিস্ফোৰক ৪৭ ৰানৰ এটা ইনিংছ খেলে। তেওঁক যোগ্য সংগ দি ক’ল মেককাঞ্চিয়েও ২৩টা বলত ৩১ ৰান সংগ্ৰহ কৰে। এই গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ বলত নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত ১৬৮ ৰানৰ এটা সন্মানীয় স্ক’ৰ থিয় কৰায়। ১৬৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি শ্ৰীলংকাই আৰম্ভণিতেই উজুটি খায়। অপেনাৰ পাথুম নিশংকা প্ৰথমটো বলতে আউট হোৱাৰ পাছত দলটোৰ বেটিং বিপৰ্যয় স্পষ্ট হৈ পৰে। কুশল মেণ্ডিছ, চৰিথ আছালংকা বা অধিনায়ক শনাকায়োদলক বিপদৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে। কামিন্দু মেণ্ডিছে সৰ্বাধিক ৩১ ৰান কৰাৰ বিপৰীতে শেষৰ ফালে দুনিথ ৱেলালেগে কৰা সামান্য প্ৰয়াসৰ বাবে লংকা বাহিনীয়ে ১০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয়। অৱশেষত নিউজিলেণ্ডে ৬১ ৰাণৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি ছেমি ফাইনেলৰ দৌৰত আগবাঢ়ি যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

উজনিত বানৰ ভয়াবহ ৰূপ : ২৪ ঘণ্টাত ২১ জনৰ মৃত্যু, ৫ লাখতকৈ অধিক লোক আক্ৰান্ত

July 22, 2026 8:44 am
প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল: মন্তব্য নিট পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা পাংশুল বাঞ্চালৰ

July 22, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd