NORTHEAST NOW (Assamese)

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

May 17, 2022 2:49 pm · এন ই নাও নিউজ, গুৱাহাটী
বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কো।

ৰাছিয়াৰ ইউক্ৰেইন অভিযানক সমৰ্থন কৰাৰ অভিযোগত বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কো আৰু কেইবাজনো প্ৰতিৰক্ষা বিষয়াকে ধৰি ২৭ জন নেতাৰ ওপৰত নিউজিলেণ্ডে নিষেধাজ্ঞা আৰোপ কৰিছে।

সোমবাৰে নিউজিলেণ্ডৰ বৈদেশিক মন্ত্ৰী নানিয়া মাহুতাই এইদৰে কয়: “বেলাৰুছ চৰকাৰৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ সাৰ্বভৌমত্বৰ ওপৰত এক অবৈধ আৰু অগ্ৰহণযোগ্য অভিযানত সহায় কৰিছে।”

লগতে পঢ়ক: পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

নিউজিলেণ্ডে নিষিদ্ধ কৰা এই ২৭ গৰাকী ব্যক্তিৰ ভিতৰত কেইবাগৰাকীও সামৰিক নেতাও আছে।

নিষেধাজ্ঞাত অন্তৰ্ভুক্ত ব্যক্তিসকলে নিউজিলেণ্ডলৈ যাত্ৰা কৰিব নোৱাৰিব, তেওঁলোকৰ মালিকানাধীন বা নিয়ন্ত্ৰিত বিমান বা জাহাজ নিউজিলেণ্ডত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব, তেওঁলোকে দেশখনত কোনো সম্পত্তি ৰাখিব নোৱাৰিব তথা নিউজিলেণ্ডত ব্যৱসায় কৰিব নোৱাৰিব।

লগতে পঢ়ক: চীনে অৰুণাচলৰ সীমান্তৰ সিপাৰে বৃহৎ আন্তঃগাঁথনি নিৰ্মাণত নিয়োজিত হৈ আছে: সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতা

ইয়াৰ পূৰ্বে নিউজিলেণ্ডে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ পুটিনকে ধৰি ৬৫০গৰাকীতকৈও অধিক ৰাছিয়াৰ নাগৰিকক নিষিদ্ধ কৰিছিল।

Related News