• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ তাৰকাৰ; বিশ্বকাপৰ পূৰ্বে নিউজিলেণ্ডৰ বাবে এক ডাঙৰ আঘাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2025 10:01 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ তাৰকা বেটছমেন কেন উইলিয়ামছনে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০২৬ চনৰ বিশ্বকাপৰ মাত্ৰ চাৰি মাহ পূৰ্বে লোৱা তেওঁৰ এই সিদ্ধান্ত নিউজিলেণ্ডৰ ক্ৰিকেটৰ বাবে এক বৃহৎ আঘাত।

৩৫ বছৰীয়া উইলিয়ামছনে ৯৩খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ নিউজিলেণ্ডৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী। তেওঁ ১৮টা অৰ্ধশতককে ধৰি ৩৩ গড়ে ২৫৭৫ ৰান সংগ্ৰহ কৰিছে।

Apply Now

২০১১ চনত টি-২০ত অভিষেক ঘটোৱা উইলিয়ামছনে ৭৫খন মেচত অধিনায়কত্ব কৰি নিউজিলেণ্ডক দুবাৰকৈ (২০১৬ আৰু ২০২২) টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল আৰু এবাৰ (২০২১) ফাইনেলত অৱতীৰ্ণ কৰাইছে।

উইলিয়ামছনে কয়, “মই দীৰ্ঘদিন ধৰি এই ফৰ্মেটৰ অংশ হৈ আছো, আৰু ইয়াৰ সৈতে জড়িত প্ৰতিটো স্মৃতি আৰু অভিজ্ঞতা মোৰ বাবে অতি বিশেষ। এতিয়া মই অনুভৱ কৰিছো যে এইটো মোৰ আৰু দলৰ বাবে উপযুক্ত সময়। ইয়াৰ ফলত দলটোৱে আগন্তুক শৃংখলা আৰু তেওঁলোকৰ পৰৱৰ্তী ডাঙৰ লক্ষ্য টি-২০ বিশ্বকাপৰ বাবে স্পষ্টতা লাভ কৰিব।”

তেওঁ লগতে কয়, “এই মুহূৰ্তত আমাৰ এটা অতি প্ৰতিভাৱান টি-২০ দল আছে। এই খেলুৱৈসকলৰ বাবে অধিক ক্ৰিকেট খেলি বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে আগন্তুক সময়ছোৱা অতি গুৰুত্বপূৰ্ণ। মিচ (মিচেল ছাণ্টনাৰ) এজন মহান অধিনায়ক আৰু তেওঁ এই দলটোক সবলভাৱে নেতৃত্ব দিছে। এতিয়া ব্লেক কেপছহঁতক আগুৱাই নিয়াৰ সময়। মই তেওঁক সদায় দূৰৰ পৰাই সমৰ্থন কৰিম।”

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পৰা নিউজিলেণ্ড বাহিৰ হোৱাৰ পিছত কেনে হোৱাইট  বলৰ ফৰ্মেটৰ অধিনায়কত্ব মিচেল ছাণ্টনাৰক অৰ্পণ কৰে। তেতিয়াৰ পৰা তেওঁ বিশেষ ক্ৰিকেট খেলা নাই। তেওঁ ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলি পৰিয়ালৰ সৈতে সময় কটায়।

শেহতীয়াকৈ উইলিয়ামছনে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেপেল-হেডলী টি-২০ শৃংখলাৰ পৰা আঁতৰি আহিছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনতো তেওঁ কৰঙণৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত তেওঁ পুনৰ এদিনীয়া ক্ৰিকেটলৈ উভতি আহে।

অহা ২৬ নৱেম্বৰত বে অভালত অনুষ্ঠিত হ’বলগীয়া প্লাংকেট শ্বিল্ড মেচত কেনে নৰ্দাৰ্ণ ডিষ্ট্ৰিক্টৰ হৈ খেলিব পাৰে, য’ত তেওঁৰ দলটোৱে অকলেণ্ডৰ বিৰুদ্ধে খেলিব। অৱশ্যে বৰ্তমান কেনৰ প্ৰধান লক্ষ্য হৈছে ২ ডিচেম্বৰৰ পৰা ক্ৰাইষ্টচাৰ্চত আৰম্ভ হ’বলগীয়া ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd