• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সম্পাদক প্ৰধান-সভাপতিক তামুলপুৰত বিপুল সম্বৰ্ধনা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 1, 2020 7:31 am
Tamu;lpur story

তামুলপুৰৰ সভাৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘ৰাজ্যিক কৰ্মচাৰী সকল বিভিন্ন সমস্যাৰে জৰ্জৰিত। এই সমস্যা সমূহ সমাধান কৰিবলৈ যাওঁতে যাতে ৰাজ্যিক কৰ্মচাৰী সকলৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি নহয় তাৰ ওপৰত লক্ষ্য ৰাখিব সদৌ অসম কৰ্মচাৰী পৰিষদে,’’ এই গুৰুত্বপূৰ্ণ মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সম্পাদক প্ৰধান মৃণাল দাসৰ।

দাসে ৰাজ্যিক কৰ্মচাৰী সকলৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত আন্দোলন বৰ্জিত পৰিবেশৰ সৃষ্টি কৰি ৰাজ্য চৰকাৰৰ লগত যোগাত্মক দৃষ্টি ভংগীৰে আলাপ-আলোচনা কৰি সংঘাত বিহীনভাবে ৰাজ্যিক কৰ্মচাৰী সকলৰ সমস্যা সমধানত গুৰুত্ব আৰোপ কৰিব লাগিব বুলিও কয়।

Apply Now

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত তামুলপুৰ সামূহিক ভৱনত অনুষ্ঠিত এখন সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সম্পাদক তথা তামুলপুৰৰ সুসন্তান মৃণাল দাস আৰু নৱ নিৰ্বাচিত সভাপতি প্ৰদীপ দত্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি চিনাকান্ত বসুমতাৰীৰ পৌৰাহিত্যত আজি দিনৰ ১-৩০ বজাত অনুষ্ঠিত আৰু সম্পাদক কন্দৰ্প তালুকদাৰে উদ্দেশ্য বাখ্যা কৰা সভাত নৱ নিৰ্বাচিত সম্পাদক প্ৰধান গৰাকীয়ে অসম আন্দোলনৰ পটভূমিত জন্ম লাভ কৰা সদৌ অসম কৰ্মচাৰী পৰিষদে অসম তথা অসমীয়াৰ জাতীয় সমস্যাৰ প্ৰতি দায়বদ্ধ আৰু এনে সমস্যাৰ ক্ষেত্ৰত কেতিয়াও কৰ্মচাৰী পৰিষদে আপোচ কৰা নাই আৰু ভৱিষ্যতেও আপোচ নকৰে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

আনহাতে, অগ্ৰাধিকাৰ ভিত্তিত কৰ্মচাৰী সকলৰ  সমস্যাক গুৰুত্ত দি সমস্যা সমাধানৰ পোষকতা কৰি সাম্প্ৰতিক সময়ত দৰমহা আয়োগৰ  বিনামূলীয়া স্বাস্থ্য সেৱাৰ যি অনুমোদন আছিল সেয়া সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দি চৰকাৰৰ লগত আলোচনা কৰা হব বুলিও সম্পাদক প্ৰধান গৰাকীয়ে সভাত মন্তব্য কৰে।

চৰকাৰী শিক্ষানুষ্ঠান সমূহত ছাত্র-ছাত্ৰী অনুপাতে স্থায়ী শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো ইতিমধ্যে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা হৈছে বুলি উল্লেখ কৰি সম্পাদক প্ৰধান গৰাকীয়ে কয় যে অনাগত দিনত চৰকাৰৰ সৈতে অনুষ্ঠিত হব লগীয়া আলোচনাত এই সমস্যা সমূহকো গুৰুত্ত দিয়া হব।

আজিৰ এই সম্বৰ্ধনা সভাত উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সভাপতি প্ৰদীপ দত্তই কয় যে চৰকাৰৰ মূল চালিকা শক্তি হৈছে ৰাজ্যৰ কৰ্মচাৰী সকল। চৰকাৰে যি জনকল্যান আঁচনি তৈয়াৰ কৰে, সেয়া সুচাৰুৰূপে ৰূপায়ন কৰে ৰাজ্যৰ কৰ্মচাৰী সকলে। ৰাজ্যৰ কৰ্মচাৰী সকলে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি নিজৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত একত্ৰিত হৈ থাকিব লাগিব ।

লগতে দত্তই অসমৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাকুকি সৃষ্টি কৰি অসমীয়াৰ অনিষ্ট সাধন কৰিব বিচৰা কোনো শক্তিৰ লগতে কৰ্মচাৰী পৰিষদে কেতিয়াও আপোচ নকৰে বুলিও মন্তব্য কৰে।

সভাত উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাই নৱ নিৰ্বাচিত সম্পাদক প্ৰধান আৰু সভাপতিৰ লগতে ফেব্ৰুৱাৰি মাহত দায়িত্বভাৰ ল’বলগীয়া সমিতিখনক নতুন সমিতি খনৰ দায়িত্ব অসীম হ’ব বুলি উল্লেখ কৰি অসমৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সততা আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ নতুন সমিতিৰ বিষয়-ববীয়া সকলক আহ্বান জনায়।

আজিৰ সভাত অসম কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত নেতৃবৃন্দক তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদ, কুমাৰীকাটা অঞ্চলিক কৰ্মচাৰী পৰিষদ, তামুলপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সন্থা, বাক্সা জিলা ছাত্র সন্থা, তামুলপুৰ মহকুমা ছাত্র সন্থা, তামুলপুৰ আঞ্চলিক ছাত্র সন্থা, তামুলপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, তামুলপুৰ  গড়কপ্টানি মাষ্টাৰৰোল শ্ৰমিক ইউনিয়ন, তামুলপুৰ প্ৰাথমিক শিক্ষক গোট আৰু বাক্সা জিলা মাধ্যমিক বিদ্যালয় সমূহৰ কাৰ্য্যালয় সহায়ক সন্থাই বিপুল ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd