NORTHEAST NOW (Assamese)

বিবাহৰ নিমন্ত্ৰিত অতিথিয়েই বহন কৰিব লাগিব অভ্যৰ্থনাৰ খৰচ! অদ্ভুত আবদাৰ নৱ দম্পতীৰ

November 12, 2021 8:47 pm · এন ই নাও নিউজ, গুৱাহাটী

ইণ্টাৰনেটত চকু ফুৰালেই নিতৌ এনে কিছু খবৰ দেখিবলৈ পোৱা যায়, যিবোৰে মানুহক খোৰাকী দিয়ে। এনে এটা খবৰেই ভাইৰেল হৈছে ইণ্টাৰনেটত। বহু লোকে এই খবৰত হাঁহিৰ খোৰাক পোৱাৰ লগতে শ্বেয়াৰ কৰি ভাইৰেল কৰিছে এখন বিশেষ বিবাহ আমন্ত্ৰণ পত্ৰ।

বহু লোকে এই পত্ৰখনৰ সমৰ্থনত পত্ৰখন প্ৰকাশ কৰা দম্পতীটোক প্ৰসংশা কৰাৰ বিপৰীতে আন কিছু লোকে ঠাট্টা-নিন্দাসূচক মন্তব্য আগবঢ়াইছে দম্পতী হালক লক্ষ্য কৰি।

সি যি কি নহওক এহাল আমেৰিকান দম্পতীৰ এক আচৰিত সিদ্ধান্তই বৰ্তমান এক আলোড়নৰ সৃষ্টি কৰিছে। পিছে কি আছে বিশেষ বিবাহৰ আমন্ত্ৰণ পত্ৰখনত,যাৰ বাবে এনে আলোড়নৰ সৃষ্টি হৈছে !

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা বিবাহৰ আমন্ত্ৰণ পত্ৰখনত স্পষ্ট কৰি দিছে যে অতিথিসকলে অভ্যৰ্থনালৈ আহিবলৈ ৯৯ আমেৰিকান ডলাৰ ব্যয় কৰিব লাগিব। ভাৰতীয় টকাৰ হিচাপত ইয়াৰ পৰিমাণ ৭,৩০০ টকা।

তেওঁলোকে আমন্ত্ৰণ পত্ৰত উল্লেখ কৰিছে যে বিবাহ অনুষ্ঠানটোৰ প্ৰৱেশদ্বাৰত নৱদম্পতিক ধনেৰে শুভেচ্ছা জনোৱাৰ বাবে এক নিৰ্দিষ্ট স্থান ঠিক কৰি দিয়া হ’ব । এই টকাৰে তেওঁলোকে মধুচন্দ্রিমা ভ্ৰমণ কৰিব। আনহাতে গুজৱ ওলাইছে যে দম্পতীহাল পূৰ্বে বিবাহিত আৰু তেওঁলোকৰ তিনিটা সন্তান আছে।

নিমন্ত্ৰণ পত্ৰখনে নিমন্ত্ৰিত অতিথিৰ মাজত বিতৰ্কৰ উদ্ভৱ কৰিছে। বহুতৰ মতে, দম্পতীহালৰ এনে আচৰণ একেবাৰে সভ্য নহয়। এইটো অতিথিসকলৰ বাবে অপমানজনক।

আনহাতে, কিছুমান লোকে অনুভৱ কৰে যে এনে সিদ্ধান্ত তেওঁলোকৰ নিজৰ খৰচ বচাবলৈ সঁচাকৈয়ে প্ৰশংসনীয়। কাৰণ তেওঁলোকে এটা খৰচত বিয়া পাতি আছে। এই উপলক্ষে আনক অভ্যৰ্থনা কৰাৰ কোনো অৰ্থ নাই। বহু লোকে দম্পতীহালৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে।

Related News