NORTHEAST NOW (Assamese)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন হ’ল ৬ খন নতুন গ্ৰন্থ

December 30, 2025 9:28 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৌদ্ধিক যাত্ৰাত আজি এক সোণোৱালী অধ্যায় সংযোজিত হ’ল ৷ বিশ্ববিদ্যালয়খনৰ সভাকক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপক, গৱেষক সমন্বিতে অধ্যয়নৰত শিক্ষাৰ্থীৰ ছখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে অংশ লয় উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা, বিশ্ববিদ্যালয়খনৰ সমন্বয়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, এডিপি কলেজৰ সহকাৰী অধ্যাপকদ্বয় তথা লেখক ক্ৰমে ড° মিলন নেওগ, জীৱন নৰহ, বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° কমল কুমাৰ তাঁতী আৰু ৰূপহী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ৰেকিবুদ্দিন আহমেদ হাজৰিকাই ।

উন্মোচনী অনুষ্ঠানত উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° চাহিন জাফৰিৰ “দৃষ্টি আৰু সৃষ্টি”, পঞ্জীয়ক ড° শৰৎ হাজৰিকাই গৱেষক ছাত্ৰদ্বয় মাণিক জ্যোতি গগৈ আৰু মৃধুস্মিতা শইকীয়াই সম্পাদনা কৰা অসমৰ জনগোষ্ঠীয় ভৌতিক সংস্কৃতি (২য় খণ্ড), সমন্বয়ক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ লগতে জীৱন নৰহে গৱেষক ছাত্ৰ মাণিক জ্যোতি গগৈ, ছাত্ৰীদ্বয় স্বাগতা কলিতা আৰু হিমশিখা সন্দিকৈয়ে সম্পাদনা কৰা দুখন গ্ৰন্থ ক্ৰমে সমীক্ষণ, জোনাকৰ বৰ্ণমালা, অৱসৰী অধ্যাপক ৰেকিবুদ্দিন আহমেদ হাজৰিকাই ছাত্ৰী স্বাগতা কলিতাৰ গান গোৱা ল’ৰাজন আৰু বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড° কমল কুমাৰ তাঁতীয়ে স্নাতকোত্তৰ শাখাৰ ছাত্ৰী পংখী বনিয়া আৰু বৰ্ণালী নেওগে সম্পাদনা কৰা ফেঁহুজালি উন্মোচন কৰে ।

উন্মোচনী অনুষ্ঠানত অংশলোৱা প্ৰতিগৰাকীয়ে আজিৰ দিনটো বিশ্ববিদ্যালয়খনৰ বৌদ্ধক ক্ষেত্ৰৰ এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি অসমীয়া বিভাগলৈ ধন্যবাদ জনাই ৷ বিভাগটোৰ সহকাৰী অধ্যাপক ড° পাৰ্থ প্ৰতিম ফুকনে আঁতধৰা অনুষ্ঠানত সহকাৰী অধ্যাপক ড° শিখামণি শৰ্মাই শলাগৰ শৰাই আগবঢ়াই ৷

Related News