NORTHEAST NOW (Assamese)

ৰে’ল বিভাগৰ সজাগতা : ৰচিদ নিদিয়া খাদ্য “ফ্ৰী” বুলি দাবী কৰক

July 25, 2019 5:22 pm · অনিৰ্বাণ পাঠক
প্ৰতিনিধিত্বমূলক ছবি।

ৰে’লত বা প্লেটফৰ্মত খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰে যদি যাত্ৰীয়ে খাদ্য ক্ৰয় কৰা সময়ত ৰচিদ নিদিয়ে, তেন্তে যাত্ৰীজনে সেই খাদ্য “ফ্ৰী” বুলি গণ্য কৰিব পাৰিব। ৰে’লবিভাগে ইয়াৰ  যাত্ৰীসকলক এই বিশেষাধিকাৰ দি সজাগতামূলক প্ৰচাৰ চলোৱা দেখা গৈছে।

ৰে’ল বিভাগে আজিৰ পৰা প্ৰায় এবছৰ পূৰ্বেই এই “ৰচিদ নিদিয়া খাদ্য ফ্ৰী” নীতি গ্ৰহণ কৰিছিল যদিও ৰে’লযাত্ৰীৰ সজাগতা নথকা বাবে এতিয়াও প্লেটফৰ্মবোৰত খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰে ৰচিদ নিদিয়াকৈ খাদ্য বিক্ৰী কৰি আহিছে। ইয়াৰ জৰিয়তে জি এছ টি ফাঁকিৰ দৰে অনিয়ম সংঘটিত হৈ থকাত চৰকাৰে বহু পৰিমাণৰ ৰাজহ হেৰুৱায়।

https://twitter.com/DRM_RNY/status/1154281140653445120

সময়ৰ অভাৱত যাত্ৰীসকলে কৰা খৰখেদাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে খাদ্য বিক্ৰী কৰা প্ৰতিষ্ঠানবোৰে।

অসমৰো ৰে’লযাত্ৰীসকলৰ মাজত যাতে এই নীতিৰ ভালদৰে প্ৰচাৰ হয়, তাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেইৰ ৰঙিয়া ডিভিশ্যনে অসমীয়া ভাষাতে “IF NO BILL,THEN FOOD IS FREE” শীৰ্ষক এটা চুটি ভিডিঅ’ প্ৰচাৰ কৰিছে। অসমীয়ালৈ ডাবিং কৰা মূল ভিডিঅ’টো মধ্য ৰে’লে প্ৰস্তুত কৰা।

Related News