দেওবাৰে পুৱা প্ৰায় ৬.৪০ বজাত তিনিচুকীয়া সংমণ্ডলত নাহৰকটীয়া আৰু দুলীয়াজান ষ্টে’চনৰ মাজত মালবাহী ৰে’ল এখন পথচ্যুত হৈছে।
ফলত তিনিচুকীয়া-নামৰূপ-শিমলুগুৰি (মেইনলাইন)ৰ মাজত ৰে’ল চলাচল বন্ধ হৈ পৰিছে।
এন এফ ৰেলৱেই অসমত ১৯খন ৰে’লৰ যাত্ৰাপথ পৰিৱৰ্তন/ বাতিল কৰিছে।
এন এফ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দাই এই কথা সদৰী কৰিছে।
Goods train derailed near Duliajan station under Tinsukia division of NFR. As a result some trains have been diverted. ART is already at site. Restoration work is on. pic.twitter.com/63k5O1V2X9
— N. F. Railway (@RailNf) December 8, 2019
যাত্ৰাপথ পৰিৱৰ্তন/ বাতিল হোৱা ৰে’লসমূহ–
১. 14056 দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন–ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
২. 14056 দিল্লী-ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 06.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন–ডিব্ৰুগড় হৈ যাত্ৰা পৰিৱৰ্তন কৰা হৈছে।
৩. 14055 ডিব্ৰুগড়-দিল্লী ব্ৰহ্মপুত্ৰ মেইল/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন– শিমলুগুৰি হৈ যাত্ৰা পৰিৱৰ্তন কৰা হৈছে।
৪. 12423 ডিব্ৰুগড়—নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19 / ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
৫. 12424 নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
৬. 15930 ডিব্ৰুগড়-তাম্বাৰাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
৭. 15959 হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
৮. 15603 গুৱাহাটী-লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড়-লিডু হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
৯. 15941 ঝাঝা-ডিব্ৰুগড় এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 06.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১০. 15909 ডিব্ৰুগড়-লালগড় অৱধ আছাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১১. 15929 তাম্বাৰাম-ডিব্ৰুগড় এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১২. 15910 লালগড়—ডিব্ৰুগড় অৱধ আছাম এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 05.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড় হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১৩. 15604 লিডু-গুৱাহাটী ইণ্টাৰ্চিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ লিডু-ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১৪. 15967 ৰঙিয়া-ডিব্ৰুগড় ইণ্টাৰচিটি এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১৫. 15960 ডিব্ৰুগড়-হাওৰা কামৰূপ এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 08.12.19/ ডিব্ৰুগড়-শিৱসাগৰ টাউন-শিমলুগুৰি হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১৬. 13282 ৰাজেন্দ্ৰনগৰ—নিউ তিনিচুকীয়া এক্সপ্ৰেছ/ যাত্ৰাৰম্ভ 07.12.19/ শিমলুগুৰি-শিৱসাগৰ টাউন-ডিব্ৰুগড়-নিউ তিনিচুকীয়া হৈ যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে।
১৭. 55901 লামদিং-তিনিচুকীয়া পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত আংশিকভাৱে বাতিল থাকিব।
১৮. 55902 তিনিচুকীয়া-লামদিং পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ মৰিয়নিৰ পৰা চলিব আৰু মৰিয়নি আৰু তিনিচুকীয়াৰ মাজত বাতিল থাকিব।
১৯. 55914 তিনিচুকীয়া-যোৰহাট টাউন পেছেঞ্জাৰ/ যাত্ৰাৰম্ভ 08.12.19/ বাতিল থাকিব।