• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্তঃগাঁথনি উন্নয়নৰ নামত গছ-বন কাটি তহিলং কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে; আৰটিআইৰ উত্তৰত উদ্বেগজনক তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 30, 2024 8:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীৰ এনডিএ চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা আন্তঃগাঁথনিৰ উন্নয়নৰ নামত অবাধ হাৰত গছ কাটিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। বিগত সময়চোৱাত ঘাইপথ বহল কৰাৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত কাটি পেলাইছে ৩৬০৬ জোপা গছ।

সাংবাদিক কোকিল শইকীয়াই দাখিল কৰা তথ্যৰ অধিকাৰ (আৰটিআই)ৰ উত্তৰত ২০১৫ চনৰ পৰা অসমৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতু আৰু যান-বাহনৰ আণ্ডাৰপাছ (ভি ইউ পি) নিৰ্মাণৰ বাবে কৃষ্ণচূড়া, ৰাধাচূড়া, বৰ্ষা গছকে ৭৭০ জোপা মূল্যৱান গছ কাটি পেলোৱা হৈছে বুলি জানিবলৈ দিছে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

Apply Now

তদুপৰি, গুৱাহাটীত ছয়শৰীয়া ঘাইপথত উৰণ সেঁতু নিৰ্মাণাৰ বৰাগাঁও, গড়চুক, লখৰা, আৰু বশিষ্ঠ জংচনত ২০১৫ চনৰ পৰা ২০২৪ চনলৈ মুঠ ২,২১৭ জোপা গছ কাটিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

ইয়াৰ উপৰিও আন্তঃগাঁথনি নিৰ্মাণৰ নামত চাংসাৰীত ১৬২ জোপা আৰু ছ’চাইটি চ’কত ১১২ জোপা গছত কুঠাৰ মাৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে।

ইফালে জাগীৰোড, ৰহা, ডিমৌ, বৰঘাট, আৰু কঠিয়াতলী জংচনত নিৰ্মাণ কৰি থকা হৈছে। এই প্ৰকল্পৰ বাবে ৩৪৫ জোপা গছ কাটি পেলোৱা হৈছে।

বাতৰি অনুসৰি গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ১৫ হাজাৰৰো অধিক গছ, ধেমাজিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ৩ হাজাৰতকৈ অধিক গছ কাটিছে প্ৰাধিকৰণে।

স্বাভাৱিকতে এতিয়া এই পৰিসংখ্যাই ৰাজ্যখনৰ ৰাজ্যৰ পৰিৱেশবিদ আৰু নাগৰিকসকলক শংকিত কৰি তুলিছে। কেৱল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণেই নহয় শেহতীয়াকৈ বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ নাম বন ধ্বংসৰ যজ্ঞ পাতিছে অসমৰ ৰাজ্য চৰকাৰেও।

এই উদ্বেগ বৃদ্ধি কৰি গুৱাহাটীত ২৫ মে’ত অভিলেখৰ ভিতৰত আটাইতকৈ উষ্ণ দিনটো অনুভৱ কৰা হয়, য’ত উষ্ণতা ৪০.১ ডিগ্ৰী চেলছিয়াছত উপনীত হয়, যিটো ১৯৬০ চনৰ পিছত সৰ্বোচ্চ উষ্ণতা। এই অভিলেখ ভংগকাৰী উষ্ণতা অঞ্চলটোৰ অভূতপূৰ্ব গৰমৰ ঢৌৰ মাজতে সংঘটিত হয়।

ছুইজাৰলেণ্ডৰ বায়ুৰ গুণাগুণ নিৰীক্ষণ সংস্থা আইকিউএয়াৰৰ “বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদন ২০২৩”ত গুৱাহাটীক বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ হিচাপে স্থান দিয়া হৈছে। ২০২২ চনৰ পৰা ২০২৩ চনলৈ পিএম২.৫ৰ ঘনত্ব দুগুণ বৃদ্ধি পোৱা প্ৰদূষণৰ ভয়ংকৰ বৃদ্ধিৰ সৈতে বনাঞ্চল ধ্বংসৰ সম্পৰ্ক এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

আন্তঃগাঁথনি উন্নয়নৰ সুবিধাৰ বাবে ব্যাপকভাৱে গছ কটা ঘটনাই বৃদ্ধি পোৱা উষ্ণতা আৰু প্ৰদূষণৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছে৷ নিৰ্বনানীকৰণৰ এই ঘটনাই পৰিৱেশৰ বহনক্ষমতাৰ সৈতে অগ্ৰগতিৰ মাজত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য ৰক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd