• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ট্ৰাক চালকৰ অধিকাৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ পৰামৰ্শ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2022 2:30 pm
human rights of truck drivers
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে দেশৰ ট্ৰাক চালকসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এক পৰামৰ্শ জাৰি কৰিছে। ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বত আয়োগে বাণিজ্যিক ট্ৰাক চালকসকলৰ মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই পৰামৰ্শাৱলী জাৰি কৰিছে।

এক বিবৃতিত আয়োগে কয়, “আয়োগে লক্ষ্য কৰিছে যে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা স্বত্বেও মূলত: ট্ৰাকৰ ব্যৱসায় খণ্ডিত আৰু অসংগঠিত হৈ থকাৰ বাবে ট্ৰাক চালকসকলৰ ন্যায্য অধিকাৰে পৰ্যাপ্ত মনোযোগ লাভ নকৰে।”

Apply Now

ইয়াৰ পূৰ্বে বাণিজ্যিক ট্ৰাক চালকসকলৰ বিষয়ত ব্যৱসায় আৰু মানৱ অধিকাৰ সম্পৰ্কীয় মূল গোটৰ বৈঠকত সভাপতিত্ব কৰি ন্যায়াধীশ অৰুণ মিশ্ৰই বাণিজ্যিক ট্ৰাক চালকসকলৰ দুৰ্দশাৰ ওপৰত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সহযোগিতামূলক, ব্যৱহাৰিক আৰু কাৰ্যকৰী সমাধানৰ পৰামৰ্শ আগবঢ়াইছিল।

মানৱ অধিকাৰ আয়োগে কয় যে অধিকাংশ ট্ৰাক চালকে ভৱিষ্যত নিধি, পেঞ্চন, স্বাস্থ্য বীমা, জীৱন বীমা, গ্ৰেচুইটি আদি সামাজিক সুৰক্ষা সুবিধা লাভ নকৰে। দীঘলীয়া কামৰ সময়, পৰ্যাপ্ত বিশ্ৰাম আৰু টোপনিৰ অভাৱ, পৰিয়ালৰ পৰা দীঘলীয়া বিচ্ছিন্ন, কম দৰমহা, সময়মতে পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ খাদ্য উপলব্ধ নোহোৱা, আইন প্ৰৱৰ্তনকাৰী সংস্থা আৰু সামাজিক বিৰোধী উপাদানৰ দ্বাৰা শোষণৰ নিৰন্তৰ ভাবুকি আৰু পথ দুৰ্ঘটনাৰ বিপদাশংকা ইত্যাদিয়ে ট্ৰাক চালকসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক চাপ সৃষ্টিৰ লগতে ড্ৰাগছৰ প্ৰতি আসক্তি আৰু অবাধ যৌন আচৰণৰ জন্ম দিব পাৰে।

মানৱ অধিকাৰ আয়োগৰ মহাসচিব দেৱেন্দ্ৰ কুমাৰ সিঙে সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয় তথা বিভাগৰ সচিব, ৰাজ্যসমূহৰ মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ প্ৰশাসকসকললৈ লিখা এখন পত্ৰত এই পৰামৰ্শসমূহ ৰূপায়ণ কৰাৰ লগতে তিনি মাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

আয়োগে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনে চাৰিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত আছে শোষণৰ পৰা সুৰক্ষা, চালকসকলক প্ৰয়োজনীয় সুবিধাৰ ব্যৱস্থা, আৰ্থ-সামাজিক সুৰক্ষাৰ ব্যৱস্থা আৰু বাণিজ্যিক ট্ৰাক চালকসকলৰ শাৰীৰিক আৰু মানসিক কল্যাণ।

আয়োগে আগবঢ়োৱা এনে গুৰুত্বপূৰ্ণ কেইটামান পৰামৰ্শ এনেধৰণৰ-

বাণিজ্যিক ট্ৰাকৰ প্ৰতিজন চালক, সহ-চালক আৰু সহায়কৰ বাবে নূন্যতম লাখ টকাৰ ব্যক্তিগত দুৰ্ঘটনা আৱৰণ বাধ্যতামূলকভাৱে ক্ৰয় কৰাৰ ব্যৱস্থা কৰিবলৈ মটৰ বাহন আইন, ১৯৮৮ সংশোধনৰ পৰামৰ্শ;

পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত বা শাৰীৰিকভাৱে অক্ষম হোৱা চালক, সহ-চালক আৰু সহায়কসকলক নগদবিহীন চিকিৎসা প্ৰদান কৰা;

পাৰ্কিং এলেকা, সজ্জিত জিৰণিঘৰ, শৌচাগাৰ তথা বাথৰুম, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত যুক্তিসঙ্গত হাৰত খাদ্য আৰু পানীয় প্ৰদান কৰা ৰেষ্টুৰেণ্ট, মেকানিকৰ দোকান, ফাৰ্মাচী, চিকিৎসকৰ ক্লিনিক আদিৰে গঠিত ড্ৰাইভাৰ ৰেষ্ট ষ্টপ ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য মুখ্য পথৰ কাষৰ মুখ্য স্থানবোৰত ৪০ কিলোমিটাৰৰ মূৰে মূৰে স্থাপন;

পথ দুৰ্ঘটনাৰ সন্মুখীন হোৱা চালকসকলৰ বাবে জৰুৰীকালীন অৱস্থাত সহায়ক হোৱাকৈ ঘাইপথৰ লগতে নিয়মীয়া আস্থান সমূহত সম্পূৰ্ণভাৱে সজ্জিত ট্ৰমা চেণ্টাৰ স্থাপন কৰা;

সজাগতা সৃষ্টি আৰু সকলো ট্ৰাক চালক পঞ্জীয়ন কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় বীমা যোজনা আৰু স্বাস্থ্য যোজনাৰ বিষয়ে অৱগত কৰাৰ বাবে সজাগতা অভিযানৰ পৰামৰ্শ;

নামমাত্ৰ সদস্য ভৰ্তি মূল্য পৰিশোধ কৰাৰ পিছত ট্ৰাক চালকসকলৰ বাবে জীৱনৰ লগতে স্বাস্থ্য আৱৰণ প্ৰদান কৰা এক বীমা আঁচনি আৰম্ভ কৰাৰ পৰামৰ্শ;

ইয়াৰোপৰি মানৱ অধিকাৰ আয়োগে পত্ৰখনত আন কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শাৱলীও সংযোগ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd