বেংগালুৰুৰ বৈদেশিক ডাকঘৰ (FPO)ত এক বৃহৎ পৰিমাণৰ MDMA ঔষধ থকা পাৰ্চেল জব্দ কৰিছে শুল্ক বিভাগে। প্ৰায় ১.৮ কোটি টকা মূল্যৰ ২.৫৯ কিলোগ্ৰাম MDMA ঔষধৰ এই পাৰ্চেলটো সংগ্ৰহ কৰিবলৈ অহা এজন নাইজেৰিয়ান নাগৰিকক আটক কৰা হৈছে।
নাইজেৰিয়ান যুৱক জনে জাৰ্মানীৰ পৰা ডাৰ্ক ৱেবৰ জৰিয়তে এই ঔষধৰ অৰ্ডাৰ দিছিল বুলি সন্দেহ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি পাৰ্চেলটোত নীলা, গুলপীয়া আৰু হালধীয়া ৰঙৰ এক্সটেচী পিল আছিল। ২৭ জানুৱাৰীত চামৰাজপেটৰ বেংগালুৰুৰ বৈদেশিক ডাকঘৰত পাৰ্চেলটো অৱতৰণ কৰিছিল।
শুল্ক সন্দেহবশত তেওঁলোকে পাৰ্চেলটো স্কেন কৰাৰ সিদ্ধান্ত লয় আৰু পাৰ্চেলটোৰ ওপৰৰ আৱৰণ খুলি দিয়াৰ পাছতে এই বৃহৎ পৰিমাণৰ টেবলেটবোৰ উদ্ধাৰ কৰে।
সূত্ৰ অনুসৰি, পাৰ্চেলটো বাগালুৰ ডাকঘৰলৈ বিতৰণৰ বাবে প্ৰেৰণ কৰা হৈছিল। পোষ্টমেনজনে শনিবাৰে পাৰ্চেলটো সংগ্ৰহ কৰিবলগীয়া ব্যক্তিজনৰ সৈতে যোগাযোগ কৰে।
পোন প্ৰথমে সংগ্ৰহ কৰিবলগীয়া ব্যক্তিজনে বাংগালোৰৰ পৰা পাৰ্চেল সংগ্ৰহ কৰিব বুলি উল্লেখ কৰে যদিও পিছত কেইবাবাৰো অৱস্থান সলনি কৰে।
৪৮ ঘণ্টাৰ পিছত ব্যক্তিজনে বাইলেশিৱালৰ পৰা পাৰ্চেল সংগ্ৰহৰ বাবে এজন ব্যক্তিৰ সৈতে উপস্থিত হয়। আৰক্ষীয়ে সন্দেহবশত: তেওঁলোকক ধৰিবলৈ চেষ্টা কৰে।
এই অতৰ্কিত পৰিস্থিতিৰ সন্মুখীন হৈ দুয়ো পলাবলৈ চেষ্টা কৰিলেও আৰক্ষীয়ে নাইজেৰিয়ান নাগৰিকজনক ধৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা নাইজেৰিয়ান যুৱকজনে হেন্নুৰত বাস কৰে।NDPS আইনৰ অধীনত ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান ধৃত যুৱকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।




