• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫২খন মেচত ১৪৫টা গ’ল, বাৰ্চিলোনা একাডেমীৰ পৰা অহা ১২ বছৰীয়া বিস্ময় বালকৰ সৈতে চুক্তিবদ্ধ Nike

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2025 12:02 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিয়নেল মেছি, জাভি হাৰ্নাণ্ডেজ, আন্দ্ৰেছ ইনিয়েষ্টা, চাৰ্জিঅ’ বুস্কেটছ, কাৰ্লোছ পুয়ল, পেপ গুৱাৰ্ডিঅ’লা… নামৰ তালিকাখন অতি দীঘলীয়া। আপুনি ইচ্ছা কৰিলে আৰু কিছুমান নাম যোগ কৰিব পাৰে – ভিক্টৰ ভালডেছ, চেস্ক ফেব্ৰেগাছ, জোৰ্ডি আলবা, থিয়াগো আলকান্টাৰা, গাভি, আনছু ফাটি, লেমিনে ইয়ামাল।

তেওঁলোকে সকলোৱে এটা সময়ত বাৰ্চিলোনাৰ জাৰ্চি পিন্ধিছে। কিন্তু তাৰ বাহিৰেও তেওঁলোকৰ মাজত আন এটা ডাঙৰ মিল আছে। তেওঁলোক আটাইকেইজন বার্চিলোনাৰ বিশ্ববিখ্যাত ফুটবল একাডেমী ‘লা মাছিয়া’ৰ পৰা আহিছিল! এই একাডেমী প্ৰতিভাৱান ফুটবলাৰ নিৰ্মাণৰ অদম্য কাৰখানাৰ দৰে, য’ত ইটোৰ পিছত সিটো নতুন প্ৰজন্ম ওলাই আহিছে। ১২ বছৰীয়া ডেষ্টিনি কোচিছ’ এজিফ’ৰ লা মাছিয়াৰ এনে এজন উজ্জ্বল প্ৰতিভা।

Apply Now

নামটো বেছি দীঘল যেন লাগিলে তেওঁক ডেষ্টিনি ক’চিছ’ বুলিও ক’ব পাৰি। এই মুহূৰ্তত তেওঁ বাৰ্চাৰ বয়সভিত্তিক গোটত খেলি আছে। ভৱিষ্যতে তেওঁ কিমান দূৰ আগবাঢ়িব সেয়া সময়েহে ক’ব। অৱশ্যে তেওঁৰ নাম এতিয়া কাইলিয়ান এমবাপে আৰু লা মাছিয়াৰ আন এক আশ্চৰ্য্য লেমিনে ইয়ামালৰ সৈতে জড়িত হৈ পৰিছে! অসমান বয়সৰ এই তিনিজনৰ মাজত তুলনা মাত্ৰ এটা কাৰণতে – গ’ল দিয়াৰ অবিশ্বাস্য ক্ষমতা।

আৰ্জেণ্টিনাৰ কাকত লা নেচনৰ মতে, ডেষ্টিনিয়ে যেতিয়া বাৰ্চাৰ ১২ বছৰ অনুৰ্ধ দলত প্ৰথম ছিজন কটায়, তেতিয়া তেওঁক বয়সতকৈ অলপ বয়সীয়াল দলত খেলা হৈছিল। ১১ জনীয়া দলত খেলি তেওঁ সেই প্ৰথম ছিজনত ৯খন মেচত ১৬টা গ’ল দিছিল।

কিন্তু যোৱা ছিজনত তেওঁৰ প্ৰদৰ্শন সঁচাকৈয়ে আচৰিত আছিল। সাতজনীয়া দলত খেলি তেওঁ ৫২খন খেলত ১৪৫টা গ’ল দিছিল! এই প্ৰদৰ্শনৰ পিছতেই তেওঁৰ নাম আলোচনাৰ মাজলৈ আহে। ইয়াৰ আন এটা কাৰণ আছে – ইমান কম বয়সতে তেওঁ ক্ৰীড়া সঁজুলি নিৰ্মাতা কোম্পানী নাইকৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিয়েও বিতৰ্কৰ সূচনা কৰিছে।

চুক্তিৰ কাহিনীত সোমোৱাৰ আগতে ডেষ্টিনিৰ বিষয়ে জনাটো গুৰুত্বপূৰ্ণ। ডেষ্টিনি ক’ছিছ’ নাইজেৰিয়ান বংশদ্ভুত স্পেনিছ। তেওঁৰ পিতৃ নাইজেৰিয়াৰ ফুটবলাৰ আজিক পাছচাল। এসময়ত আজিকে স্পেইনৰ তৃতীয় বিভাগৰ ফুটবল খেলিছিল। তেওঁৰ তিনিওজন পুত্ৰ বাৰ্চিলোনাৰ লা মাছিয়াত!

ছেপ্টেম্বৰ মাহত আজিকে ব্ৰিটিছ কাকত দ্য ছানক কৈছিল, “ভগৱানক ধন্যবাদ, মোৰ তিনিওজন পুত্ৰ বাৰ্চিলোনাত আছে। সকলোৰে অৱস্থা ভাল। কিন্তু ডেষ্টিনিয়ে, মই ভাবো, তেওঁৰ বয়সৰ হিচাপে অলপ বেছি ভাল কাম কৰি আছে।”

ডেষ্টিনিৰ ডাঙৰ ভাতৃ ১৭ বছৰীয়া ডেভিদ অবিনা আৰু মাজু ভাতৃ ১৬ বছৰীয়া ডিভাইন ইকেনাও লা মাছিয়াৰ পৰাই উঠি আহিছে। ২০১৭ চনত লা মাছিয়াত যোগদান কৰা ডেভিদে এতিয়া স্পেনিছ ফুটবলৰ পঞ্চম স্তৰৰ দল কৰ্নেলাৰ হৈ খেলি আছে। ডিভাইন লা মাছিয়াত বাৰ্চাৰ ১৫ বছৰ অনুৰ্ধ দলত গঢ়ি উঠিছে। তিনিওজন ভাতৃৰ ভিতৰত ডেষ্টিনিৰ বাবেই সংবাদ মাধ্যমে আটাইতকৈ বেছি আগ্ৰহী।

স্পেইনৰ বয়সভিত্তিক প্ৰতিযোগিতা জেমন কাপ আৰু কোপা ইস্কাত ডেষ্টিনি চিনাকি মুখ। ২০২৩–২৪ চনৰ কোপা ইস্কাত ২০টা গ’ল দি বাৰ্ছাক চেম্পিয়ন কৰি তুলিছিল। লা নেচনে প্ৰকাশ কৰা অনুসৰি তেওঁক খেলা দেখি থকাসকলে কৈছিল যে ডেষ্টিনি এজন বিস্ফোৰক ফুটবলাৰ। বয়সৰ তুলনা ভৰি দুখন মজবুত। দৌৰৰ প্ৰথম কেইমিটাৰমানত তেওঁ অতি বেগী। দুয়ো ভৰিৰে সমানে পাকৈত আৰু হেডেৰেও গ’ল দিব পাৰে। ২০২৩–২৪ ছিজনত বাৰ্চাৰ ১০ বছৰ অনুৰ্ধ দলৰ হৈ তেওঁ ২৭খন মেচত ১০০টা গ’ল দিছিল।

ব্ৰিটিছ সংবাদ মাধ্যম দ্য টাইমছে প্ৰকাশ কৰা অনুসৰি এই মাহত নাইকে ডেষ্টিনিৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ পূৰ্বেও তেওঁলোকে ব্ৰাজিলৰ ৮ বছৰীয়া ফুটবলাৰ কোৱান বেচিলেৰ সৈতে একেধৰণৰ চুক্তি কৰিছিল। ডেষ্টিনিৰ সৈতে নাইকৰ এই চুক্তি বিখ্যাত এজেণ্ট পিনি জাহাভিৰ কোম্পানী গ’ল ইণ্টাৰনেশ্যনেল লিমিটেডৰ সৈতে জড়িত। এই ইজৰাইলী ফুটবল এজেণ্টে বাৰ্চাৰ প্ৰশিক্ষক হান্সি ফ্লিক আৰু ষ্ট্ৰাইকাৰ ৰবাৰ্ট লেৱাণ্ডোস্কিৰ কেৰিয়াৰো পৰিচালনা কৰে।

ফিফাৰ নিয়ম অনুসৰি এজেণ্টসকলে ১৬ বছৰ বয়সলৈকে আৰু প্ৰথম পেছাদাৰী চুক্তি স্বাক্ষৰ নকৰালৈকে খেলুৱৈৰ সৈতে প্ৰতিনিধিত্বমূলক চুক্তি স্বাক্ষৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা আছে।

কিন্তু দ্য টাইমছৰ বাতৰি অনুসৰি সেই বয়সৰ আগতে এজন যুৱ খেলুৱৈ আৰু তেওঁৰ পৰিয়ালক বাণিজ্যিক চুক্তিৰ ক্ষেত্ৰত এজেণ্টসকলে পৰামৰ্শ দিয়াত বাধা দিয়া কোনো নিয়ম নাই। জাহাভিৰ কোম্পানী আৰু ডেষ্টিনিৰ ক্ষেত্ৰত ঠিক এনেকুৱাই হৈছে। জাহাভিয়ে টাইমছক জনাইছে যে ভৱিষ্যতৰ সৈতে যোগাযোগৰ এইটোৱেই হৈছে পথ।

জাহাভিয়ে ডেষ্টিনিকো প্ৰশংসা কৰি কয়, ‘ল’ৰাজন অতি বিশেষ। বাৰ্চিলোনাৰ একাডেমীৰ সকলোৱে তেওঁক উচ্চমানৰ বুলি ভাবে।যদি ভুল কৰা নাই তেন্তে যোৱা ছিজনত তেওঁ ৫২খন খেলত ১৪৫টা গ’ল দিছিল। নাইকৰ সৈতে হোৱা চুক্তিখন বুজিব লাগিব। যিসকলৰ মাজত ডাঙৰ ফুটবলাৰ হোৱাৰ সম্ভাৱনা থাকে, তেওঁলোককে এনে চুক্তিৰ বাবে বিবেচনা কৰা হয়। ভৱিষ্যতৰ বাবে চুক্তি নিশ্চিত কৰাৰ বাবেই তেওঁলোকে যোগাযোগ কৰে। অৱশ্যে ডেষ্টিনি তেনেকুৱা কিবা এটা হ’ব পাৰে নে নোৱাৰে, সেয়া সময়েহে ক’ব।”

দৰাচলতে কথাটো ঠিক তেনেকুৱাই। ডেষ্টিনিৰ ‘ডেষ্টিনি’য়ে তেওঁক ক’লৈ লৈ যায় সেইটো চাবলৈ আমি অপেক্ষা কৰিবই লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd