NORTHEAST NOW (Assamese)

মদ নাপাই ছেনিটাইজাৰকে সেৱন, ৯ জনৰ মৃত্যু

July 31, 2020 2:17 pm · এন ই নাও নিউজ

৭০ৰ পৰা ৮০ শতাংশ এলক’হল যুক্ত ছেনিটাইজাৰ মদৰ দৰেই সেৱন কৰিব পাৰি বুলি বহুতৰে মনত ধাৰণা আছে।

এনে ধাৰণাৰ বশৱৰ্তী হৈয়ে মদ নাপাই ছেনিটাইজাৰকে সেৱন কৰি কৰুণ মৃত্যুক সাৱটি ল’লে অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাৰ কুৰিছেডু অঞ্চলত ৯ জন লোকে।

উচ্চ এলক’হল যুক্ত ছেনিটাইজাৰ সেৱন কৰাৰ পিছতে অসুস্থ হৈ পৰা লোক কেইজনক ভাৰছিৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱাৰ ভাগলৈ মৃত্যু ঘটে ৯ জন লোকৰ।

উল্লেখ্য ক’ৰ’ণাতংকৰ বাবে অন্ধ্ৰ প্ৰদেশৰ সুৰাৰ দোকান সমূহ বন্ধ হৈ থকাত লোক কেইজনে ছেনিটাইজৰকে নিচা লগাবলৈ সেৱন কৰিছিল।

Related News