• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চালকৰ হাৰ্ট এটেক! বছৰটোৰ অন্তিম দিনটোত গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ-এছইউভিৰ সংঘৰ্ষত নিহত ৯ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 31, 2022 10:44 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ বৰ্ষৰ অন্তিম দিনটোত গুজৰাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গুজৰাটৰ নৱসাৰীত এখন বাছৰ সৈতে এছইউভি সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনাটোত আন ৩২ জন লোক আহত হৈছে।

ঘটনাৰ খৱৰ পোৱাৰ পিছতে আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। স্থানীয় লোকসকলেও উদ্ধাৰ অভিযানত অংশ লৈছে। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

লগতে পঢ়ক: কেৱল উকীলৰ অনুপস্থিতিৰ বাবেই সমগ্ৰ দেশতে বিচাৰাধীন ৬৩ লাখ গোচৰ: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

Apply Now

আহতসকলৰ ভিতৰত ১৭ জনক ভালচাদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী ১৪ জনক নৱসাৰীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা যথেষ্ট সংকটজনক। খবৰ অনুসৰি তেওঁক চিকিৎসাৰ বাবে চুৰাটলৈ লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা গৈছে যে এখন বাছ আহমেদাবাদৰ পৰা ভালচাদলৈ গৈ থকাৰ বিপৰীতে ভালচাদৰ ফালৰ পৰা এখন এছইউভি গাড়ী আহি আছিল। এছইউভিখনত ৯ জন যাত্ৰী আছিল। এছইউভি আৰু বাছখনৰ মাজত সংঘৰ্ষত ৯ জন লোক নিহত হয়। ঘটনাটো পুৱতি নিশা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল নে আন কোনো কাৰণত হৈছিল সেয়া জানিব পৰা হোৱা নাই। একাংশ বাতৰিৰ মতে বাছখনৰ চালকজন হাৰ্ট এটেক হৈছিল। দুৰ্ঘটনাটোৰ পিছতে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে। 

বাতৰি অনুসৰি, এছইউভি গাড়ীখন বিপৰীত ফালৰ লেনৰ মাজেৰে গৈ আছিল। ইয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখন প্ৰথমে ডিভাইডাৰৰ সৈতে সংঘৰ্ষ ঘটে আৰু তাৰপিছতে সন্মুখৰ পৰা অহা বাছখনৰ খুন্দাত গাড়ীখন বিধ্বস্ত হৈ পৰে।

লগতে পঢ়ক: ৰাম-হনুমানৰ কপিৰাইট বিজেপিৰ! উমা ভাৰতীৰ ‘বিস্ফোৰণ’ত গেৰুৱা শিবিৰত অস্বস্তি

অতিৰিক্ত জিলা দণ্ডাধীশ কেতন যোশীয়ে জনায় যে তদন্তকাৰীসকলে সন্দেহ কৰিছে যে এছইউভিখনৰ চালকজন সম্ভৱত: টোপনি গৈছিল। ইফালে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সংশ্লিষ্ট কৰ্তৃপক্ষক আহতসকলৰ চিকিৎসাত যাতে কোনো অৱহেলা নহয় তাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ : যোৰহাটত স্তব্ধ হ’ল ৬২টাকৈ শামুকভঙা চৰাইৰ কলৰৱ

August 24, 2026 4:08 pm
বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd