চালকৰ হাৰ্ট এটেক! বছৰটোৰ অন্তিম দিনটোত গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা; বাছ-এছইউভিৰ সংঘৰ্ষত নিহত ৯ জন

২০২২ বৰ্ষৰ অন্তিম দিনটোত গুজৰাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গুজৰাটৰ নৱসাৰীত এখন বাছৰ সৈতে এছইউভি সংঘৰ্ষত ৯ জন লোকৰ মৃত্যু ঘটিছে। দুৰ্ঘটনাটোত আন ৩২ জন লোক আহত হৈছে।

ঘটনাৰ খৱৰ পোৱাৰ পিছতে আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। স্থানীয় লোকসকলেও উদ্ধাৰ অভিযানত অংশ লৈছে। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

লগতে পঢ়ক: কেৱল উকীলৰ অনুপস্থিতিৰ বাবেই সমগ্ৰ দেশতে বিচাৰাধীন ৬৩ লাখ গোচৰ: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

আহতসকলৰ ভিতৰত ১৭ জনক ভালচাদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী ১৪ জনক নৱসাৰীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা যথেষ্ট সংকটজনক। খবৰ অনুসৰি তেওঁক চিকিৎসাৰ বাবে চুৰাটলৈ লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা গৈছে যে এখন বাছ আহমেদাবাদৰ পৰা ভালচাদলৈ গৈ থকাৰ বিপৰীতে ভালচাদৰ ফালৰ পৰা এখন এছইউভি গাড়ী আহি আছিল। এছইউভিখনত ৯ জন যাত্ৰী আছিল। এছইউভি আৰু বাছখনৰ মাজত সংঘৰ্ষত ৯ জন লোক নিহত হয়। ঘটনাটো পুৱতি নিশা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে কুঁৱলীৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছিল নে আন কোনো কাৰণত হৈছিল সেয়া জানিব পৰা হোৱা নাই। একাংশ বাতৰিৰ মতে বাছখনৰ চালকজন হাৰ্ট এটেক হৈছিল। দুৰ্ঘটনাটোৰ পিছতে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰ মৃত্যু ঘটে। 

বাতৰি অনুসৰি, এছইউভি গাড়ীখন বিপৰীত ফালৰ লেনৰ মাজেৰে গৈ আছিল। ইয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখন প্ৰথমে ডিভাইডাৰৰ সৈতে সংঘৰ্ষ ঘটে আৰু তাৰপিছতে সন্মুখৰ পৰা অহা বাছখনৰ খুন্দাত গাড়ীখন বিধ্বস্ত হৈ পৰে।

লগতে পঢ়ক: ৰাম-হনুমানৰ কপিৰাইট বিজেপিৰ! উমা ভাৰতীৰ ‘বিস্ফোৰণ’ত গেৰুৱা শিবিৰত অস্বস্তি

অতিৰিক্ত জিলা দণ্ডাধীশ কেতন যোশীয়ে জনায় যে তদন্তকাৰীসকলে সন্দেহ কৰিছে যে এছইউভিখনৰ চালকজন সম্ভৱত: টোপনি গৈছিল। ইফালে, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সংশ্লিষ্ট কৰ্তৃপক্ষক আহতসকলৰ চিকিৎসাত যাতে কোনো অৱহেলা নহয় তাৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে।