ছেনেগালত কাৰাবন্দী বিৰোধী নেতা; প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী, নিহত ৯ জন

ফটো: সংগ্ৰহীত।

পশ্চিম আফ্ৰিকাৰ দেশ ছেনেগালত মূল বিৰোধী নেতা অউছমান ছনকোক জেলত ভৰোৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰে। দেশখনৰ গৃহমন্ত্ৰীয়ে ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে।

উছমানে ছনকোৰ বিৰুদ্ধে ধৰ্ষণ আৰু যুৱক-যুৱতীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছিল বুলি জানিব পৰা গৈছে। দ্বিতীয়টো অভিযোগত তেওঁক কাৰাগাৰালৈ নিক্ষেপ কৰা হয়।

শুকুৰবাৰে পুৱাৰে পৰা এই ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয়। প্ৰতিবাদত নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে। এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে টেলিভিছনযোগে এই কথা জনাইছে যে দুখন চহৰত প্ৰতিবাদত ৯ জন লোকৰ মৃত্যু হৈছে।

লগতে পঢ়ক: হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

ছনকো আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী। তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ প্ৰমাণিত নহ’ল। কিন্তু যুৱকক বিপথে পৰিচালিত কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হয়। যুৱক-যুৱতীসকলৰ মাজত ছনকো অতি জনপ্ৰিয়।

ছনকোৱে অভিযোগ কৰে যে ধৰ্ষণৰ অভিযোগ এনেদৰে কৰা হৈছে যাতে তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। তেওঁ বিচাৰ প্ৰক্ৰিয়া বৰ্জন কৰে। কিন্তু ৰায়দানৰ পূৰ্বে তেওঁক বলপূৰ্বকভাৱে দেশখনৰ ৰাজধানী ডাকাৰলৈ লৈ যোৱা হৈছিল।

ইপিনে, আদালতৰ ৰায়দানৰ লগে লগে ছেনেগালৰ ৰাজপথত বিক্ষোভৰ সূচনা হয়। তেওঁৰ সমৰ্থকসকলে বাছত জুই লগাই প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হয়।

ছনকোৰ দল পিএএছটিএফ-য়ে এই ৰায়দান ৰাজনৈতিক প্ৰতিশোধৰ বাহিৰে আন একো নহয় বুলি অভিযোগ উত্থাপন কৰে।

লগতে পঢ়ক: যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

ডাকাৰত বিশ্ববিদ্যালয় চৌহদৰ পৰা ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা যায়। ইয়াত কেইবাখনো বাছত অগ্নিসংযোগ কৰা হয়।

চৰকাৰৰ মুখপাত্ৰই অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি দাবী কৰে।

আনহাতে, যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত ছনকোৱে তৃতীয় স্থান লাভ কৰিছিল। ছেনেগালৰ নিয়ম হ’ল কোনো ৰাজনীতিবিদক যদি কোনো গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰা হয় তেন্তে তেওঁ আৰু ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে।

যুৱক-যুৱতীক বিপথে পৰিচালিত কৰাতকৈ ধৰ্ষণ বহুত বেছি গুৰুতৰ অপৰাধ। কিন্তু যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰাৰ অপৰাধৰ বাবে ছনকোৱে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিবনে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

অৱশ্যে ধৰ্ষণ কাণ্ডত ছনকোক শাস্তি দিয়া হোৱা নাই। অভিযোগ অনুসৰি মেচেজ পাৰ্লাৰত তেওঁ এগৰাকী মহিলাক যৌন নিৰ্যাতন চলাই হত্যাৰ ভাবুকি দিছিল। তাৰ বাবে চৰকাৰী অধিবক্তাই বিচাৰিছিল ১০ বছৰৰ কাৰাদণ্ড। কিন্তু আদালতে কয়, এই অভিযোগৰ বাবে পৰ্যাপ্ত প্ৰমাণ নাই।