• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌন বাসনা পূৰণৰ বাবে পেট-স্তনত ইচ্ছাকৃতভাৱে স্পৰ্শ! দুখন এজাহাৰত উল্লেখ ১০টা নিৰ্যাতনৰ ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2023 12:23 pm
ব্রিজভূষণ শৰণ সিং।

ব্রিজভূষণ শৰণ সিং।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰ মন্তৰত অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্রিজভূষণ শৰণ সিঙৰ গ্ৰেপ্তাৰৰ দাবীত দেশৰ শীর্ষ মল্লযুঁজাৰুসকলে কৰা আন্দোলন উৎখাত কৰিলেও কিন্তু তেওঁলোকে দাবীৰ পৰা তিলমানো আঁতৰি অহা নাই৷ চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ শীৰ্ষ মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত ধৰ্ণা আৰম্ভ কৰিছিল। সেই সময়ত তেওঁলোকে ব্রিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰে।

মল্লযুঁজাৰুৰ গতিবিধি সন্দৰ্ভত কেন্দ্ৰই প্ৰথমবাৰৰ বাবে মুখ খুলিছে। বুধবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়। একে সময়তে মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীৰ তদন্তক বিশ্বাসত ল’বলৈ অনুৰোধ জনোৱা হৈছে।

লগতে পঢ়ক: হঠাতে মঞ্চত উজুটি খাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন; তাৰপিছত…(চাওক ভিডিঅ’)

Apply Now

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰাৰ দাবীত অলৰ-অচৰ মল্লযুঁজাৰুসকল। দিল্লী আৰক্ষীৰ অশালীন আচৰণৰ প্ৰতিবাদত ক্ষুব্ধ মল্লযুঁজাৰুসকলে গংগাত পদক উটুৱাবলৈ হৰিদ্বাৰত উপস্থিত হৈছিল।

এনে পৰিস্থিতিত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীৰ তদন্তৰ ওপৰত বিশ্বাস ৰাখিবলৈ আৰু তদন্ত শেষ নোহোৱালৈকে ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়৷ মঙলবাৰে মল্লযুঁজাৰুসকলে এই বিষয়ত কেন্দ্ৰক পাঁচ দিনৰ সময়সীমা দিছিল। আপাততঃ পদক উটুৱাই দিয়াৰ সিদ্ধান্তৰ পৰা আঁতৰি আহি তেওঁলোকে এই সন্দৰ্ভত কৃষক নেতাসকলৰ শৰণাপন্ন হৈছে।

ভাৰতীয় কিষাণ সংঘৰ সৰ্বভাৰতীয় সভাপতি নৰেশ টিকাইতে কয় যে আমাৰ একমাত্ৰ দাবী ব্ৰিজভূষণ শৰণ সিঙক গ্ৰেপ্তাৰ কৰা। ইয়াৰ পিছত আমি আন কথা পাতিম। উল্লেখ্য যে ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ২৮ এপ্ৰিলত দিল্লী আৰক্ষীয়ে দাখিল কৰা দুখন এজাহাৰতো তেওঁৰ নাম উল্লেখ কৰা হৈছে। ইয়াৰ উপৰিও ব্ৰিজভূষণৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ব্রিজভূষণে নাবালিকা মহিলা মল্লযুঁজাৰু এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন হৈছে৷

লগতে পঢ়ক: গুৱাহাটীত প্ৰৱেশ কৰিবলগীয়া দূৰণিবটীয়া ASTC বাছসমূহক মালিগাঁৱৰে প্ৰৱেশ নকৰিবলৈ নিৰ্দেশ

আনহাতে, ব্ৰিজভূষণ শৰণ সিঙে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কয় যে, “মই আকৌ কৈছো, যদি মোৰ বিৰুদ্ধে এটাও অভিযোগো প্ৰমাণিত হয়, তেন্তে মই মোৰ ডিঙিত চিপ লগাম।” মোৰ বিৰুদ্ধে যদি কোনো প্ৰমাণ আছে তেন্তে আদালতত উপস্থাপন কৰক, আদালতে মোক ফাঁচী দিলেও মই মানি লম’।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত ১০টা নিৰ্যাতনৰ ঘটনাৰ কথা উল্লেখ কৰা হৈছে। য’ত মহিলা মল্লযুঁজাৰুসকলে অভিযোগ কৰিছিল যে ব্রিজভূষণ শৰণ সিঙে তেওঁলোকৰ সন্মতি অবিহনে তেওঁলোকক স্পৰ্শ কৰিছিল।

ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা দুখন এজাহাৰত গুৰুতৰ অভিযোগ আছে৷ ১৫টা যৌন নিৰ্যাতনৰ গোচৰো উল্লেখ কৰা হৈছে, য’ত অনুমতি অবিহনে শৰীৰৰ বিভিন্ন অংশ স্পৰ্শ কৰাৰ ১০টা গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।

এই এজাহাৰত মহিলা মল্লযুঁজাৰুসকলে অভিযোগ কৰে যে ব্রিজভূষণ শৰণ সিঙে তেওঁলোকৰ সন্মতি অবিহনে তেওঁলোকৰ স্তন আৰু পেট স্পৰ্শ কৰিছিল। ইয়াৰ উপৰিও সেই এজাহাৰত দুটাত ভয় দেখুওৱাৰ  বিষয়টোও উল্লেখ কৰা হৈছে। ২৮ এপ্ৰিলত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ সিঙৰ বিৰুদ্ধে দিল্লী আৰক্ষীত এজাহাৰ দাখিল কৰা হয়।

লগতে পঢ়ক: নীতিশ কুমাৰে আহ্বান কৰা বিৰোধী বৈঠকত থাকিব কংগ্ৰেছ; স্পষ্ট কৰিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে

ব্ৰিজভূষণৰ বিৰুদ্ধে আইপিচিৰ ৩৫৪, ৩৫৪এ ৩৫৪ডি আৰু ৩৪ ধাৰাত দুখন এজাহাৰ দাখিল কৰা হৈছে। দোষী সাব্যস্ত হ’লে ব্ৰিজভূষণক এবছৰৰ পৰা তিনিবছৰৰ কাৰাদণ্ড দিব পাৰে। প্ৰথম এজাহাৰত ছয়জন প্ৰাপ্তবয়স্ক মল্লযুঁজাৰু ব্ৰিজভূষণৰ বিৰুদ্ধে বিশেষ অভিযোগ উত্থাপন কৰা হৈছিল। এগৰাকী নাবালক মল্লযুঁজাৰুৰ পিতৃৰ এজাহাৰৰ ভিত্তিত দ্বিতীয়খন এজাহাৰ দাখিল কৰা হয়।

নাবালিকা মল্লযুঁজাৰু গৰাকীৰ পিতৃয়ে থানাত দাখিল কৰা এজাহাৰ অনুসৰি অভিযুক্ত ব্ৰিজভূষণ শৰণ সিঙে তেওঁৰ কন্যাক অহৰহ যৌন নিৰ্যাতন চলাই আহিছিল। এজাহাৰৰ মতে, নাবালিকাগৰাকীয়ে অভিযোগ কৰে যে, “তাইক জোৰকৈ ধৰি ফটো তোলাৰ নামত তাইক নিজৰ ফালে টানি লৈছিল, কান্ধত ধৰিছিল আৰু ইচ্ছাকৃতভাৱে তাইৰ স্তন স্পৰ্শ কৰিছিল।” এজাহাৰত আৰু কোৱা হৈছে যে, “নাবালিকা মল্লযুঁজাৰুগৰাকীয়ে অভিযুক্ত (সিং)ক স্পষ্টভাৱে জনাইছিল যে তেওঁ কোনো ধৰণৰ শাৰীৰিক সম্পৰ্কৰ প্ৰতি আগ্ৰহী নহয় আৰু তেওঁক অনুসৰণ কৰি ফুৰা বন্ধ কৰিব লাগে…”।

লগতে পঢ়ক: জুনিয়ৰ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত; পাকিস্তানক হৰুৱাই অৰ্জন খিতাপ

একে সময়তে ছয়জন প্ৰাপ্তবয়স্ক মল্লযুঁজাৰুৰ সৈতে জড়িত এজাহাৰত সিঙৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এজাহাৰত অধিকাংশ মহিলা মল্লযুঁজাৰুৱে কয় যে ‘’ব্রিজভূষণ শৰণ সিঙে তেওঁলোকৰ ফিটনেছ পৰীক্ষাৰ অজুহাতত তেওঁলোকৰ স্তন আৰু পেট স্পৰ্শ কৰিছিল। ব্রিজ ভূষণৰ বিৰুদ্ধে এজাহাৰত উল্লেখ কৰা এগৰাকী মহিলা মল্লযুঁজাৰুৱে কয় যে, ‘মোৰ উশাহ-নিশাহ পৰীক্ষা কৰাৰ অজুহাতত তেওঁ মোৰ টি-চাৰ্টটো ওপৰলৈ টানি আনি মোৰ পেটৰ তলৰ অংশটো হাতেৰে চুই মোৰ নাভিত হাতখন ৰাখিছিল৷’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd