DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 8:11 pm
a nirab
234
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ব্ৰিটেইনৰ আদালতত মুখ থেকেচা খালে পঞ্জাৱ নেছনেল বেংক কেলেংকাৰীৰ খলনায়ক তথা ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোদীয়ে।

আজি নীৰৱ মোদীৰ ভাৰতলৈ প্ৰত্যৰ্পন সন্দৰ্ভত ৱেষ্টমিনষ্টাৰৰ জিলা ন্যয়াধীশ ছেমুৱেল গুজে কয় যে নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পন কৰাত কোনো আপত্তি নাই।

ভাৰত চৰকাৰে নীৰৱ মোদীক সুধিবলগীয়া বহু কথা আছে বুলি ন্যায়াধীশ গৰাকীয়ে কয়।ন্যয়াধীশগৰাকীয়ে লগতে কয় যে ভাৰতলৈ প্ৰত্যৰ্পন কৰিলে নীৰৱ মোদীয়ে ন্যায় পোৱাত অসুবিধা হ’ব বুলি যি কথা কোৱা হৈছে সেয়া শুদ্ধ নহয়।

উল্লেখযোগ্য যে ৪৯ বছৰীয়া মোদীয়ে ২০১৯ চনৰ ১৯ মাৰ্চৰ পৰা লণ্ডনৰ ৱাণ্ডছৱৰ্থ কাৰাগাৰত কাৰাবাস খাটি আছে।

ৱেষ্টমিনষ্টাৰ মেজিষ্ট্ৰেটছ ক’ৰ্টে প্ৰদান কৰা ৰায় অনুসৰি সোনকালেই মোদীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব ।

ভাৰতলৈ প্ৰত্যৰ্পণ কৰাৰ পাছতে মোদীয়ে কেইবাটাও প্ৰবঞ্চনা আৰু আৰ্থিক জালিয়াতিৰ গোচৰৰ মুখামুখি হ’ব।

আজি কাৰাগাৰৰ পৰাই মোদীয়ে এটা ভিডিঅ’লিংকৰ দ্বাৰা ন্যায়ালয়ত অংশগ্ৰহণ কৰে। ইতিমধ্যে কেইবাবাৰো এনেধৰণে শুনানি সম্পন্ন হৈ গৈছে।

ন্যায়ালয়ে উক্ত ৰায়টো পাছত ইংলেণ্ডৰ গৃহ সচিব প্ৰীতি পেটেললৈ  অনুমোদনৰ বাবে প্ৰেৰণ কৰে।

ইতিমধ্যে মোদীয়ে কেইবাবাৰো জামিন আবেদন কৰিছিল যদিও ন্যায়ালয়ে মঞ্জুৰ কৰা নাছিল।

জানিব পৰা মতে ভাৰতত মোদীক মুম্বাইৰ আৰ্থাৰ ৰোড জেইলৰ ১২ নম্বৰ বেৰেকত ৰখা হ’ব। ইতিমধ্যে ভাৰত চৰকাৰে এটা ভিডিঅ’ ৰেকৰ্ডিঙৰ যোগেৰে উক্ত বেৰেকটো  সাজু কৰি তুলিছে বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে নীৰৱ মোদীৰ উপৰিও কিংফিছাৰ এয়াৰলাইনছৰ প্ৰাক্তন মালিক বিজয় মালিয়া, মৰণাস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীও ভাৰতৰ পৰা গৈ ইংলেণ্ডত পলাই আছে।

আনহাতে ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰীত ক্ৰিকেট বুকী সঞ্জীৱ চাওলাক ইংলেণ্ডৰ পৰা  ভাৰতলৈ প্ৰত্যৰ্পন কৰিছিল। ভাৰতৰ কাৰাগাৰৰ অৱস্থা সন্দৰ্ভতো আদালতে আজি সন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়।

Recent News

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd