• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোকসভাত আজি বেংকিং আইন সংশোধনী বিধেয়ক উত্থাপন কৰিব পাৰে নিৰ্মলা সীতাৰমণে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 2, 2024 9:52 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি (সোমবাৰে) লোকসভাত বেংকিং আইন (সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰাৰ সম্ভাৱনা আছে। সচিবালয়ে প্ৰদান কৰা সূচী অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, ১৯৩৪, বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯, ভাৰতীয় ষ্টেট বেংক আইন, ১৯৫৫, বেংকিং কোম্পানী (আণ্ডাৰিটেকিং অধিগ্ৰহণ আৰু হস্তান্তৰ) আইন, ১৯৭০ আৰু বেংকিং কোম্পানী (অধিগ্ৰহণ আৰু হস্তান্তৰ) আইন, ১৯৮০ আইন সংশোধনৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে বিধেয়ক উত্থাপন কৰিব বিচাৰিছে। এই আইনসমূহৰ প্ৰতিখন সংশোধনীৰ বাবে বিবেচনাধীন হৈ আছে। নিৰ্মলাই আজি সেইবোৰ গৃহীত কৰাব বিচাৰিছে।

কেৱল বেংকিং আইন (সংশোধনী) বিধেয়ক, ২০২৪ নহয়, ১৯৮৯ চনৰ ৰে’ল আইনখনো আজি লোকসভাত উত্থাপন কৰিব পাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণবে। একে সময়তে উপকূলীয় জাহাজ বিধেয়ক ২০২৪ লোকসভাত উত্থাপন কৰিব পাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

নতুন বিধেয়কখনে ভাৰতত দেশৰ উপকূলীয় সুৰক্ষা আৰু বাণিজ্যিক প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ ভাৰতীয় নাগৰিকৰ মালিকানাধীন আৰু পৰিচালিত পৰ্যাপ্ত জাহাজ থকাটোও নিশ্চিত কৰিব, ইয়াৰ উপৰিও সাগৰত জাহাজেৰে মাল বোজাই আৰু নমাই অনা সম্পৰ্কীয় নিয়মসমূহ সংশোধন কৰাৰ লগতে উপকূলীয় বাণিজ্য আৰু দেশৰ উদ্যোগসমূহৰ অংশগ্ৰহণৰ সম্প্ৰসাৰণৰ বাবেও উৎসাহ যোগাব।

গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ প্ৰদান কৰিব কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, জয়ন্ত চৌধুৰী আৰু পংকজ চৌধৰীয়ে।

জয়শংকৰে ‘ভাৰতৰ সৈতে চীনৰ কূটনৈতিক সম্পৰ্কৰ শেহতীয়া উন্নতি’ সন্দৰ্ভত ক’ব পাৰে। আনহাতে, শ্ৰম, বস্ত্ৰশিল্প আৰু দক্ষতা বিকাশৰ স্থায়ী সমিতিৰ ৫৬ সংখ্যক প্ৰতিবেদনত দিয়া পৰামৰ্শসমূহ কিমান দূৰ কাৰ্যকৰী হৈছে সেই সন্দৰ্ভত জয়ন্ত চৌধুৰীয়ে ভাষণ ৰাখিব।

২৫ নৱেম্বৰত সাংসদ চেলভাগণপতি টি এম-য়ে এই প্ৰশ্ন উত্থাপন কৰিছিল যে ভাৰতত ‘জাল নোটৰ’ৰ সংখ্যা বৃদ্ধি পাইছে। সেই প্ৰশ্নৰ সংশোধিত উত্তৰ আজি দাখিল কৰিব পাৰে পংকজ চৌধুৰীয়ে।

গজেন্দ্ৰ সিং শ্বেখাৱত, জয়ন্ত চৌধুৰী, পংকজ চৌধুৰী, কীৰ্তিবৰ্ধন সিং, সুকান্ত মজুমদাৰ, হৰ্ষ মালহোত্ৰাৰ দৰে মন্ত্ৰীয়ে লোকসভাত নিজৰ তথ্য পাতি দাখিল কৰিব পাৰে।

হৰদীপ সিং পুৰী আৰু কিঞ্জৰাপু ৰামমোহন ৰায়ুডুৱে ৰাজ্যসভাত তেওঁলোকৰ মন্ত্ৰালয়ৰ বিধেয়ক উত্থাপন কৰিব পাৰে। মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ হৈ তৈলক্ষেত্ৰ (নিয়ন্ত্ৰণ আৰু উন্নয়ন) সংশোধনী বিধেয়ক, ২০২৪ বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰিব।

আনহাতে, কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী কিঞ্জৰাপু ৰামমোহন ৰায়ুডুৱে ভাৰতীয় বিমান পৰিবহণ বিধেয়ক, ২০২৪ বিধেয়কখন বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰিব পাৰে। এই বিধেয়কখনে বিমানৰ ডিজাইন, নিৰ্মাণ, ৰক্ষণাবেক্ষণ, মালিকীস্বত্ব, ব্যৱহাৰ, পৰিচালনা, বিক্ৰী, ৰপ্তানি আৰু আমদানিৰ ক্ষেত্ৰত নিয়ম নিৰ্ধাৰণৰ ক্ষমতা আৰু নিয়ন্ত্ৰণ বিচাৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd