মুছলমান মানেই বাংলাদেশী বুলি প্ৰমাণ কৰিবলৈ হিমন্তক প্ৰত্যাহ্বান নিতুমণিৰ
বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত মইনবড়ী সত্ৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক প্ৰত্যাহ্বান জনাই দেওবাৰে মইনবড়িত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা ৷ ছোচিয়েল ওৱেলফেয়াৰ ছোচাইটিৰ উদ্যোগত প্ৰয়াত সত্ৰাধিকাৰ ভগবান চন্দ্ৰ অধিকাৰী আৰু ইছাহক আলী সোৱৰণী মঞ্চত সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হয় এই মুকলি সভা ৷
মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ পৰিয়ালৰ সু-সন্তান দশৰথ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে বৈদ্যুতিন মাধ্যম “প্ৰতিদিন টাইম”ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ৷ ভাষণ প্ৰসংগত শইকীয়াই কয় যে, মইনবড়িৰ সৈতে সত্ৰৰ এক সুকীয়া পৰিচয় আছে ৷ অসমত থকা সম্প্ৰীতিৰ বান্ধোনডাল অকামিলা কৰাৰ বাবে একাংশ ৰাজনৈতিক নেতাই চেষ্টা চলাইছে ৷
সমন্বয়ৰ পৰিৱৰ্তে বিভেদৰ বীজ চটিওৱাত একাংশ ৰাজনৈতিক নেতা ব্যস্ত হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ মন্ত্ৰী হিমন্তই বাঘবৰ আৰু জনীয়াত গৈ কবিতা আবৃত্তি কৰিবলৈ জনোৱা প্ৰত্যাহ্বান গ্ৰহণ কৰি বাঘবৰ সমষ্টিৰ মইনবড়ীত আহি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা আবৃতি কৰা বুলিও শইকীয়াই কয় ৷
বাঘবৰ আৰু জনীয়াৰ মুছলমান লোক সকল বাংলাদেশী বুলি মন্ত্ৰী হিমন্তই কোৱা কথাষাৰ সঁচা বুলি প্ৰতিপন্ন কৰাৰ বাবে মন্ত্ৰীগৰাকীক প্ৰত্যাহ্বান জনায় শইকীয়াই ৷ ক্ষমতা আৰু নিজৰ গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰি সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিব বিচৰা বুলিও তেওঁ উল্লেখ কৰে ৷
ধৰ্মীয় উন্মাদনা নথকা দেশসমূহে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰে উন্নতিৰ শিখৰত আৰোহন কৰা বুলি উল্লেখ কৰি ধৰ্মীয় উন্মাদনা থকা দেশসমূহত অশান্তি বিৰাজমান হোৱা বুলিও তেওঁ কয় ৷ কেন্দ্ৰীয় চৰকাৰে আমেৰিকা, চীন, জাপানক অনুসৰণ কৰাৰ পৰিবৰ্তে পাকিস্তান, আফগানিস্তানক অনুসৰণ কৰি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰিব বিচৰা বুলিও শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷
সভাখনত স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা পৰিষদৰ সদস্য নুৰুল ইছলাম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইছলামৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু পাঁচ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷
উল্লেখ্য যে, মহাপুৰুষ দুজনা গুৰুৰ কৃপাধন্য, স্নেহধন্য শ্ৰীশ্ৰী নাৰায়ণ দাস ঠাকুৰ আতাই ৫৫৬ বছৰ পূৰ্বে মইনবড়ীত মইনবড়ী সত্ৰখন স্থাপন কৰিছিল ৷ অঞ্চলটোত ব্ৰহ্মপুত্ৰ আৰু বেঁকীৰ গৰাখহনীয়াৰ বাবেই ২০০৫ চনৰ ২৮ অক্টোবৰত মইনবড়ী সত্ৰখন নদীৰ বুকুত চিৰদিনৰ বাবে জাহ যোৱাত এই সত্ৰখন সৰভোগলৈ স্থানান্তৰ কৰা হয় ৷