DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৪’ৰ দৰে বিদেশীৰ ভয় দেখুৱাই ১৯’তো সমৰ্থন আদায় কৰিব বিচাৰিছে হিমন্তই : হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 28, 2019 7:39 am
High power committee on Assam accord clause 6 meaningless, if land not reserved for indigenous people: Upamanyu Hazarika

উপমন্যু হাজৰিকাৰ ফাইল ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

”হিমন্ত বিশ্ব শৰ্মাই দিয়া যুক্তি আৰু মন্তব্য বিৰোধী দলত থকা নেতাৰ নিচিনা। তেওঁ চৰকাৰৰ মন্ত্ৰী হৈয়ো বিৰোধী দলৰ নেতাৰ দৰে ৰক্তব্য ৰাখি আছে।‘’ গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

তদুপৰি, হিমন্ত বিশ্ব শৰ্মাৰ তৰল মন্তব্যৰ বিৰুদ্ধে সংবাদমেলত সৰৱ হৈ পৰে মঞ্চৰ আহ্বায়কজন।

‘’হিমন্তই ২০১৪’ চনৰ দৰেই অসমৰ জনসাধাৰণক ভয় দেখুৱাই তুলুঙা মন্তব্য কৰি ২০১৯ চনৰ নিৰ্বাচন জিকিব বিচাৰিছে।‘’ সংবাদমেলত এইদৰে কয় উপমন্যু হাজৰিকাই।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত পঞ্চায়ত প্ৰতিনিধি সভাত ভাষণ প্ৰসংগত সত্ৰৰ মাটি বেদখল কৰাৰ তালিকা প্ৰদৰ্শন কৰিছিল। ইয়াক লৈয়ো সৰৱ হৈ পৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা।

‘’তেওঁ সত্ৰৰ ভূমি বেদখলৰ তালিকাখন ঠিকেই দেখুৱালে কিন্তু ৰাজ্য চৰকাৰৰ অধিকাৰ থকাৰ পাছতো যোৱা ৩২ মাহে কিয় সত্ৰৰ মাটি উচ্ছেদ কৰা নহ’ল?’’ হিমন্ত বিশ্ব শৰ্মা প্ৰতি এই প্ৰশ্ন উপমন্যু হাজৰিকাৰ।

তেওঁ লগতে কয় যে শাসনৰ গাদী দখলৰ পাছত হাত সাৱটি বহি থকা চৰকাৰখনে কিয় উচ্ছেদ নকৰিলে তাৰ ক্ষেত্ৰত কিন্তু কোনো স্পষ্টীকৰণ চৰকাৰৰ হাতত নাই। লগতে বাকী যি জি.ভি.আৰ, পি.জি.আৰ ভূমি উচ্ছেদ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল  সেই প্ৰতিশ্ৰুতি পালন কৰা নাই।

আনহাতে, ২০১৩’ চনত ছিপাঝাৰৰ ৰাজহ চক্ৰ বিষয়াই উক্ত জিলাখনত মুঠ ৭৭৪২০ বিঘা ভূমি বেদখল হৈ থকা বুলি তথ্য দিছিল বুলি তেওঁ উল্লেখ কৰি বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত অৰ্থ্যাৎ ২০১৮’ চনত সেই ভূমি ২৩০৫৯ বিঘালৈ হ্ৰাস কৰা হ’ল বুলি দাবী কৰে হাজৰিকাই।

ইয়াৰ ফলস্বৰূপে বেদখল কৰি ৰখা বাংলাদেশীসকল উপকৃত হ’ল বুলি সংবাদমেলত হাজৰিকাই অভিযোগ তোলে।

‘’উক্ত বেদখলকৃত ভূমিৰ পৰিমাণ কেনেকৈ হ্ৰাস পালে? সেই ভূমিসসমূহত এতিয়াও বেদখল হৈ আছে,‘’-সংবাদমেলত হাজৰিকাই কয়।

আনহাতে, বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ বৰ্তমানো চুড়ান্ত নহয় বুলি দাবী কৰে হাজৰিকাই।

হাজৰিকাৰ মতে ‘’যিহেতু উচ্চতম ন্যায়ালয়ে এই ভিত্তিবৰ্ষৰ বৈধতা ২০১৪’ চনত বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে কিন্তু শুনানি এতিয়াও বাকী আছে। ইতিমধ্যে অসম চৰকাৰ, এআইয়ুডিএফ, আছু আৰু আমছুৱে ১৯৭১’ চনক ভিত্তিবৰ্ষক সমৰ্থন জনাই লিখিত মতামত প্ৰদান কৰিছে।‘’

তেওঁ লগতে কয় যে যদি চৰকাৰখনৰ ১৯৫১’ চনৰ প্ৰতি সঁচাকৈয়ে আস্থা আছে তেন্তে ৰাজ্য চৰকাৰে লিখিত মতামত সংশোধন কৰি ১৯৫১’ চনটো কাৰ্য্যকৰী কৰিব পাৰে।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd