দেশৰ ২৩ ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ বিয়পালে নিজামুদ্দিনৰ জামাতে

Nizamuddin’s Tablighi Jaamat spread Corona virus in 23 states & UTs: Centre

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লোক।

নিজামুদ্দিনৰ জামাতে অসমকে ধৰি দেশৰ ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ ক’ভিড-১৯ বিয়পালে।

ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে শনিবাৰে এই তথ্য সদৰী কৰিছে।

“৪২৯১ গৰাকী তাবলিঘি জামাত কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শৰ লোকক ২৩খন ৰাজ্যত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে,” মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই কয়।

তেওঁ কয় যে অসমৰ ৩২টা আৰু অৰুণাচলৰ একমাত্ৰ ক’ভিড-১৯ পজিটিভ ঘটনাৰ নিজামুদ্দিনিৰ জামাতৰ সৈতে সম্পৰ্ক থকা।

তামিল নাডুৰ ৮৪, দিল্লীৰ ৬৩, তেলেংগানাৰ ৭৯, উত্তৰ প্ৰদেশৰ ৫৯ আৰু অন্ধ্ৰ প্ৰদেশৰ ৬১ শতাংশ ক’ভিড-১৯ পজিটিভ ঘটনা জামাতৰ সৈতে সম্পৰ্কিত।

আগৰৱালাই লগতে জনাই যে ১২খন ৰাজ্যৰ ২২খন জিলাত যোৱা ১৪ দিনত কোনো নতুন ক’ভিড-১৯ পজিটিভ ঘটনা ঘটা নাই।

এই জিলাসমূহৰ ভিতৰত অসমৰ কৰিমগঞ্জ, গোলাঘাট, কামৰূপ, নলবাৰী আৰু দক্ষিণ শালমাৰাও আছে।

উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশৰ লোহিত আৰু মণিপুৰৰ থাওবালো এই জিলাসমূহৰ ভিতৰত আছে।

ভাৰতত এতিয়ালৈকে ক’ভিড-১৯ত মৃত্যুৰ হাৰ ৩.৩ শতাংশ।

“মুঠ মৃত্যু হোৱা ১৪.৪ শতাংশ লোক ০-৪৫ বয়স গোটৰ, ১০.৩ শতাংশ ৪৫-৬০ বয়সৰ, ৩৩.১ শতাংশ ৬০-৭৫ বয়সৰ আৰু ৪২.২ শতাংশ ৭৫ বছৰ আৰু ঊৰ্ধ্বৰ,” আগৰৱালে কয়।

এতিয়ালৈকে ভাৰতত ১৪৭৯২গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে।

তাৰে ২০১৪ গৰাকী সুস্থ হৈছে বা তেওঁলোকক যাবলৈ দিয়া হৈছে। ৪৮৮ গৰাকীৰ মৃত্যু হৈছে।

বৰ্তমান দেশত সক্ৰিয় ক’ভিড-১৯ ৰোগী আছে ১২২৮৯গৰাকী।