কৃষি মন্ত্ৰী অতুল বৰাৰ অতি ঘনিষ্ঠ তথা গৃহ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ
গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ অধীন বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতি সুৰেন্দ্ৰ নাথ গগৈৰ বিৰুদ্ধে পঞ্চায়তখনৰ ৭ জন সদস্যই অনাস্থাৰ প্ৰস্তাৱ উত্থাপন কৰি আজি উন্নয়ন খণ্ডৰ বিষয়াৰ হাতত অৰ্পণ কৰিছে৷
ইয়াৰ প্ৰতিলিপি পঞ্চায়তখনৰ সচিব আৰু বোকাখাতৰ মহকুমাধিপতিলৈও প্ৰেৰণ কৰিছে৷
সদস্য সকলৰ মতে ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতি সুৰেন্দ্র নাথ গগৈয়ে পঞ্চায়তৰ সকলােবােৰ আঁচনিৰ কাম নিজা সিদ্ধান্তৰে কৰি আহিছে আৰু এই সম্পৰ্কত পঞ্চায়তৰ নির্বাচিত প্রতিনিধি সকলক কোনাে কথাই অৱগত কৰা নাই।
পঞ্চায়তখনৰ বহুকেইটা ৱার্ডতেই সম্প্ৰতি বিভিন্ন আঁচনিৰ কাম চলি আছে যদিও এই সন্দৰ্ভত সভপতিয়ে পঞ্চায়তৰ সদস্য-সদস্যাসকলক একো কথাই অৱগত কৰা নাই৷
পঞ্চায়তখনৰ বাকী ৱাৰ্ড সদস্য সকলে তোলা অভিযাগ মতে সভাপতি সুৰেন্দ্ৰ নাথ গগৈয়ে ৱার্ড সদস্যই নজনাকে অকলশৰীয়াকৈয়ে যিকোনাে আঁচনিৰ শুভাৰম্ভ কৰে আৰু এই আঁচনিৰ বিনিময়ত ধন দাবী কৰে৷
পঞ্চায়তৰ তৰফৰ পৰা প্রতিটো ৱার্ডতে দিয়া সৌৰ শক্তি লাইটৰ তথ্য আনকি পঞ্চায়তৰ বৈঠক বা ৰাজহুৱা সভাতো দিব নিবিচাৰে সভাপতি গৰাকীয়ে৷
পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত নিৰ্মাণ হোৱা মুকলি মঞ্চ আৰু সামূহিক গৃহৰ হিচাব বা পঞ্চায়তৰ বিভিন্ন উন্নয়ন আঁচনিৰ ধনৰ হিচাবৰ বিপৰীতে সভাপতি সুৰেন্দ্ৰ নাথ গগৈয়ে তেওঁ অধিস্থিত সভাপতিৰ আসনখন বহু লাখ টকাত ক্ৰয় কৰা বুলি মন্তব্য কৰি ৰাজহুৱা ধন তেওঁৰ প্ৰাপ্য বুলি মন্তব্য কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে পঞ্চায়ত খনৰ সদস্য সকলে৷
যাৰ বাবে ৫ দফীয়া অভিযোগেৰে তেওঁলোকে সভাপতিৰ সুৰেন্দ্ৰ নাথ গগৈৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ গ্ৰহণ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে খণ্ড উন্নয়ন বিষয়াক জনাইছে৷
মন কৰিব লগীয়া যে অসম গণ পৰিষদৰ সভাপতি কৃষি মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাতে অগপ দলৰ হৈ ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতি হিচাপে সুৰেন্দ্ৰ নাথ গগৈ নিৰ্বাচিত হৈছিল৷
অকল গৃহ সমষ্টিয়েই নহয় অতুল বৰাৰ গৃহ পঞ্চায়তৰ সভাপতি হিচাপেও অতুল বৰাৰ প্ৰিয়ভাজন আছিল সুৰেন্দ্ৰ নাথ গগৈ৷
ইয়াৰ পিছতো কৃষি মন্ত্ৰীৰ নিজা পঞ্চায়ততে তেওঁৰেই প্ৰিয় গাঁও পঞ্চায়তৰ সভাপতি সুৰেন্দ্ৰ নাথ গগৈৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ উত্থাপিত হোৱা ঘটনাতো আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও এক ইংগিত বুলি বহুতে মন্তব্য কৰিছে৷