শিৱসাগৰ আৰু চৰাইদেউ জিলাত এতিয়ালৈকে ধৰা পৰা নাই এজনো কৰ’না আক্ৰান্ত ৰোগী

images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া কৰ’নাভাইৰাছৰ আতংকই দেখা দিছে। দৈনিক বৃদ্ধি পাব ধৰিছে কৰ’না আক্ৰান্তৰ সংখ্যা। অসমতো বৰ্তমান সময়ত এই সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য বিভাগৰ এক সুত্ৰৰ পৰা জানিব পৰা মতে দেওবাৰলৈকে শিৱসাগৰ আৰু চৰাইদেউ জিলাত এজনো কৰ’না আক্ৰান্ত ৰোগী ধৰা পৰা নাই।

সুত্ৰটোৰ মতে শিৱসাগৰত অৱজাৰ্ভেশ্যনত ৰখা মুঠ ব্যক্তিৰ সংখ্যা ১৩৫৫ জন। কোৱাৰেন্টাইনত ৰখা হৈছে ৪৪০ জন ব্যক্তিক। আনহাতে নিজা গৃহত ১৪ দিনৰ বাবে কোৱাৰেন্টাইনত ৰখা ব্যক্তিৰ সংখ্যা ৯১৫ গৰাকী।

শিৱসাগৰত দেওবাৰলৈকে সৰ্বমুঠ ১০৩ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু ফলাফলত আটাইকেইগৰাকী ব্যক্তিৰে শৰীৰত কোবিড-১৯ বীজাণু ধৰা পৰা নাই।

আনহাতে, চৰাইদেউ জিলাত ৯৪৬ গৰাকী ব্যক্তিক অৱজাৰ্ভেশ্যনত ৰখা হৈছে। ইয়াৰে ২৩৬ গৰাকী ব্যক্তিক কোৱাৰেন্টাইনত ৰখা হৈছে আৰু ৭১০ গৰাকী ব্যক্তিক নিজ গৃহত কোৱাৰেন্টাইনত থাকিবলৈ দিয়া হৈছে।

চৰাইদেউ জিলাত দেওবাৰলৈকে ১৬ গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু আটাইকেইগৰাকী ব্যক্তিৰ ফলাফল নিগেটিভ পোৱা গৈছে বুলি জানিব পৰা গৈছে।