চিকিৎসা সেৱাৰ নামত জুৰীয়াৰ নৈপৰীয়া লোকে সন্মুখীন হৈছে চৰম বঞ্চনাৰ

d8e55eb2-1293-4521-a0fa-37234bfd7a37

ৰোগীক ঔষধ দি থকা অৱস্থাত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ জুৰীয়া অঞ্চলত থকা এখন চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ নমুনাই সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। জুৰীয়া সংলগ্ন দগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নৈপৰীয়া আইৰমাৰী চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি চিকিৎসক অনুপস্থিত থকাৰ অভিযোগ উঠিছে।

প্ৰায় কুৰিখনৰো অধিক সৰু-বৰ চৰ-চাপৰি অঞ্চল সামৰি থকা এই চৰকাৰী চিকিৎসালয়খন ২০১৪ চনতে প্ৰতিষ্ঠা কৰা হৈছিল যদিও চিকিৎসালয়খনত সম্প্ৰতি নাই এজনো চিকিৎসক-নাৰ্চ। কেৱল এজন ফাৰ্মাচিষ্ট আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে চলাই আছে  চৰাঞ্চলত অৱস্থিত এই চিকিৎসালয়খন।

প্ৰায় দুই কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ ফাৰ্মাচিষ্টজন কোনো কাৰণত চিকিৎসালয়ৰ বাহিৰত থাকিবলগীয়া হ’লে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনো চিকিৎসক, নাৰ্চ অথবা ফাৰ্মাচিষ্টৰ ভূমিকাত অৱতীৰ্ণ হ’বলগা হয়। কোনো প্ৰশিক্ষণ তথা অভিজ্ঞতা নথকা এইজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই ৰোগীক বিতৰণ কৰিবলগীয়া হয় জীৱন দায়িনী ঔষধ।

মন কৰিবলগীয়া যে, বৃহত্তৰ চৰ এলেকাৰ একমাত্ৰ চিকিৎসালয়খনত যাৱতীয় আন্তঃগাঁথনি থকা সত্বেও দীৰ্ঘদিন ধৰি ভাৰপ্ৰাপ্ত চিকিৎসকজন চিকিৎসালয়খনলৈ অহা নাই বুলি অভিযোগ কৰিছে ৰাইজে।

জানিব পৰা মতে, চিকিৎসকগৰাকীৰ নিজৰ ব্যক্তিগত সুবিধাৰ বাবে দগাঁও খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত সংলগ্ন হৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে। অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়খনৰ ঠাইত দগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসকজনক সংলগ্ন কৰি ৰখাৰ আঁৰত কি ৰহস্য আছে সেইয়া সাধাৰণ ৰাইজৰ বোধগম্য হোৱা নাই।

উল্লেখ্য যে বিগত প্ৰায় দুটা বছৰে বৃহত্তৰ এলেকাটোৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’বলগা হৈছে। ফলত চিকিৎসালয়খনত প্ৰতি দিনেই অহা ৬০-৭০ জনকৈ ৰোগী চিকিৎসা সেৱাৰ নামত এক প্ৰকাৰ প্ৰতাৰণাৰ সন্মুখীন হৈ আহিছে।

স্থানীয় ৰাইজে এই সন্দৰ্ভত বাৰম্বাৰ অভিযোগ দি অহাৰ পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।