• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিশোধ কৰা নাই বিল! বিদ্যুৎ সংযোগ অবিহনে আজি ৰায়পুৰত চতুৰ্থ টি-২০!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2023 5:09 pm
India vs Australia fourth T20 Shaheed Veer Narayan Singh stadium
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা পাঁচখন মেচৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ আজি অনুষ্ঠিত হ’ব। খেলখনক লৈ উৎসুক হৈ আছে ক্ৰিকেটপ্ৰেমী। কিয়নো আজি জয়ী হ’লেই শৃংখলা দখল কৰিব ভাৰতে। আনহাতে অষ্ট্ৰেলিয়াৰ জয় মানে শৃংখলাত সমতা।

সন্ধিয়া ৭ বজাৰ পৰা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং ষ্টেডিয়ামত আৰম্ভ হ’ব মেচখন। কিন্তু এই বাবে মাত্ৰ কেইঘণ্টামান সময় বাকী থকা অৱস্থাত আন এক খবৰে হতভম্ব কৰি তুলিছে ক্ৰিকেট প্ৰেমীক।

Apply Now

আজি অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে ষ্টেডিয়ামত নাই বিদ্যুৎ সংযোগ! ষ্টেডিয়ামৰ কিছু অংশতহে আছে বিদ্যুতৰ ব্যৱস্থা। ৫ বছৰ পূৰ্বেই বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল ষ্টেডিয়ামখনৰ; কিয়নো ২০০৯ চনৰ পৰাই অনাদায় হৈ আছে বিদ্যুতৰ বিল।

ষ্টেডিয়ামখনৰ অনাদায় বিলৰ পৰিমাণ ৩.১৬কোটি টকা। পাঁচবছৰ পূৰ্বেই বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছিল যদিও অৱশ্যে ছত্তীশগড় ৰাজ্যিক ক্ৰিকেট সন্থাৰ অনুৰোধত অস্থায়ী সংযোগ স্থাপন কৰা হৈছিল। কিন্তু সেয়াও কেৱল দৰ্শকৰ গেলেৰীত!

এনে পৰিস্থিতিত আজি মেচৰ সময়ত ষ্টেডিয়ামৰ ফ্লাডলাইট জ্বলোৱা হ’ব জেনেৰেটৰ ব্যৱহাৰ কৰি। কৰ্তৃপক্ষই সদৰী কৰা মতে, ষ্টেডিয়ামখনত অস্থায়ী সংযোগৰ ক্ষমতা বৃদ্ধিৰ বাবে ক্ৰিকেট সন্থাই আবেদন জনাইছে।

বৰ্তমান এই অস্থায়ী সংযোগৰ ক্ষমতা ২০০ কেভি। এই অস্থায়ী সংযোগৰ ক্ষমতাক ১ হাজাৰ কেভিলৈ উন্নীত কৰাৰ বাবে আবেদন ইতিমধ্যে অনুমোদিত হৈছে যদিও ইয়াৰ কাম এতিয়াও আৰম্ভ হোৱা নাই বুলি উল্লেখ কৰে কৰ্তৃপক্ষই।

উল্লেখ্য যে, ২০১৮ চনত হাফ মাৰাথনত অংশগ্ৰহণ কৰা খেলুৱৈসকলে ষ্টেডিয়ামত বিদ্যুৎ যোগান নথকাৰ কথা অৱগত হোৱাৰ পিছতে এক উত্তপ্তপৰিস্থিতিৰ সৃষ্টি হৈছিল।

তাৰ পিছতে ঘোষণা কৰা হ’ল যে ২০০৯ চনৰ পৰা বিদ্যুতৰ বিল পৰিশোধ কৰা হোৱা নাই আৰু অনাদায় বিলৰ পৰিমাণ ৩.১৬ কোটি টকালৈ বৃদ্ধি পাইছে।

লক্ষণীয়ভাৱে ষ্টেডিয়াম নিৰ্মাণৰ পিছতে ইয়াৰ দায়িত্ব PWD বিভাগৰ হাতত অৰ্পণ কৰা হয়, বাকী খৰচ ক্ৰীড়া বিভাগে বহন কৰিবলগীয়া হয়।এতিয়া বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে দুয়োটা বিভাগে পৰস্পৰক দোষাৰোপ কৰি আহিছে।

বিদ্যুৎ কোম্পানীটোৱে অনাদায় ধন পৰিশোধৰ বাবে পি ডব্লিউ ডি আৰু ক্ৰীড়া বিভাগলৈ কেইবাখনো জাননী প্ৰেৰণ কৰিছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ ধন পৰিশোধ কৰা হোৱা নাই।

২০১৮ চনত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ পিছৰে পৰা ষ্টেডিয়ামখনত তিনিখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd