DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অখিলৰ খবৰ ন’ললে স্বাস্থ্য মন্ত্ৰীয়ে : নিৰন্তৰে খবৰ লৈ আছে অসুস্থ আজমল, সুস্মিতাৰ!

হিমন্তই ফোনযোগে নিৰন্তৰে স্বাস্থ্যৰ বুজ লৈ আছে মুম্বাইত চিকিৎসাধীন আজমলৰ লগতে কংগ্ৰেছী সুস্মিতা আৰু বিজেপিৰ বলিন চেতিয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 12, 2020 2:42 pm
DelhiCITYNortGJE7AIQV53jpgjpg
13.6k
VIEWS
Share on FacebookShare on Twitter

মুম্বাইৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বদৰুদ্দিন আজমলৰ নিৰন্তৰ খবৰ লৈ আছে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আজমলৰ লগতে কোভিড আক্ৰান্ত শিলচৰৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেব আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰো নিৰন্তৰে খবৰ লৈ আছে আৰু স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।

এই কথাখিনি স্বয়ং স্বাস্থ্য মন্ত্ৰীয়ে টুইটযোগে জনাইছে।

AIUDF Chief, MP Dhubri @BadruddinAjmal is admitted at a Mumbai hospital after a mild dip in his oxygen saturation level. I am in constant touch with his family and monitoring his health. I join all in wishing him speedy recovery.

— Himanta Biswa Sarma (@himantabiswa) July 12, 2020

বদৰুদ্দিন আজমলক টেগ কৰি টুইটাৰত হিমন্তই লিখিছে “বদৰুদ্দিন আজমল মুম্বাইৰ হস্পিতাল এখনত ভৰ্তি হৈ আছে। তেওঁৰ সামান্য শ্বাস প্ৰশ্বাস জনিত সমস্যাত ভুগিছে। মই তেওঁৰ পৰিয়ালৰ লগত সঘনাই যোগাযোগত আছো আৰু নিৰন্তৰে তেওঁৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰি আছো। আশা কৰিছো তেওঁ সোনকালে সুস্থ হৈ উঠক।”

ঠিক সেইদৰে সুস্মিতা দেব আৰু বলিন চেতিয়াক টেগ কৰি টুইটাৰত স্বাস্থ্য মন্ত্ৰীয়ে লিখি কয় “শিলচৰৰ প্ৰাক্তন সাংসদ তথা মোৰ বান্ধৱী সুস্মিতা দেব কোভিড-১৯ পজিটিভ চিনাক্ত হোৱাৰ পাছত শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। লগতে মোৰ অন্য এগৰাকী বন্ধু বিধায়ক বলিন চেতিয়া কোভিড-১৯ পজিটিভ হৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । মই তেওঁলোক দুজনৰ স্বাস্থ্যৰ বুজে লোৱাৰ লগতে দুয়োগৰাকীৰ লগতে কথাও পাতিছো।”

Frmr MP and friend @sushmitadevinc is under treatment at SMCH, Silchar, after having tested + for #COVID. Another friend and colleague, MLA Bolin Chetia, also test COVID and under treatment at Tinsukia Civil Hospital. I am monitoring their health & also spoke to both of them.

— Himanta Biswa Sarma (@himantabiswa) July 12, 2020

ৰাজনৈতিক মহলত চৰ্চা চলা অনুসৰি হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ পূৰ্বৰে পৰা সম্পৰ্ক ভাল। ঠিক সেইদৰে সতীৰ্থ হিচাপে বা বন্ধু হিচাপে সুস্মিতা দেব আৰু বলিন চেতিয়াৰ স্বাস্থ্যৰ বুজ লোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আৰু কৰ্তব্য। এইক্ষেত্ৰত কাৰো দ্বি-মত নাই।

একেটা সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ কালি কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈ বৰ্তমান GMCH ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ শৰীৰৰ অৱস্থা বৰ এটা ভাল নহয় বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে।

তেনে সময়ত তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাটো ৰাজ্যৰ এগৰাকী স্বাস্থ্য মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আৰু কৰ্তব্য আছিল বুলি ছচিয়েল মেডিয়াত সৰৱ চৰ্চা চলিছে।

কিছু সংখ্যকৰ মতে, ৰাজনৈতিকভাৱে মতাদৰ্শ দুয়োজনৰ অমিল হ’লেও যিহেতু অখিল গগৈৰ অৱস্থা অতিকৈ অসুস্থ গতিকে আজমল, সুস্মিতাৰ দৰে হিমন্তই তেওঁৰো খবৰ ল’ব লাগিছিল।

ইতিমধ্যে, সকলোৱে অখিল গগৈৰ আশু আৰোগ্য কামনা কৰি ফেচবুকত লাখ লাখ ফেচবুক ব্যৱহাৰকাৰীয়ে পোষ্ট দিয়া পৰিলক্ষিত হৈছে।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd