• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড° ভুপেন হাজৰিকা “ধলা-শদিয়া দলং”ত আজিও নহ’ল পোহৰৰ ব্যৱস্থা

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
May 28, 2019 6:42 am
FB_IMG_1558976901852

নিশাৰ ভাগত ধলা-শদিয়াৰ ড০ ভূপেন হাজৰিকা সেঁতু। ফটো : নৰ্থইষ্ট নাও

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা(ধলা )আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং”৷

পৰৱৰ্তী সময়ত ২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰি ৯.১৫ কি.মি. দৈৰ্ঘ্যৰ এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম এই দলংখন অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল।

Apply Now

দলংখনৰ শুভ-উদ্বোধনীৰ পাছত কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে ব্যৱসায়-বাণিজ্য তথা যোগাযোগৰ ক্ষেত্ৰত সুচল হৈ পৰাৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামাংকৃত হোৱা দেশৰ দীৰ্ঘতম দলং খনক এবাৰ প্ৰতক্ষ কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকে আজিও ভিৰ কৰাহি পৰিলক্ষিত হয়।

IMG-20190527-WA0046
নিশাৰ ভাগত ড০ ভূপেন হাজৰিকা সেঁতু। ফটো : নৰ্থইষ্ট নাও

ন-দিহিং, টেঙাপানী, কুণ্ডলী, লোহিত আৰু দিবাং নদীৰ সংগমস্থলী তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই ড° ভুপেন হাজৰিকা সেঁতুৰ পৰাই একমাত্ৰ পূব দিশত অৰুণাচলৰ আকাশত সূৰ্য্যোদয় আৰু পশ্চিমত সূৰ্য্য অস্তৰ মহাবাহুৰ বুকুত জিলিকি থকা দৃষ্টিনন্দন দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লগতে কাষৰীয়া ৰাজ্যৰ পৰাও সমন্বয়ৰ বাৰ্তা কঢ়িয়াই পুৱা-গধূলি বহুলোকৰ আগমণ হয় ৷

দলং শুভ-উদ্বোধনৰ সময়ত নিশা দলং খনত পোহৰেৰে আলোকিত কৰি ৰাখিবলৈ পোহৰৰ ব্যৱস্থা হৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰৰ ব্যৱস্থা কৰাৰ কথা আছিল৷ কথা আছিল দেশৰ দীৰ্ঘতম নদী দলং ড° ভুপেন হাজৰিকা সেঁতুত কৰা হব “ছলাৰ লাইট”ৰ ব্যৱস্থা। কিন্তু দলং উদ্বোধন কৰাৰ দুটাকৈ বৰ্ষত সম্পূৰ্ণ কৰি  ২৬ মে’ দেওবাৰে ড° ভুপেন হাজৰিকা সেঁতুৱে ভৰি দিলে তৃতীয়টো বৰ্ষত।

কিন্তু পৰিতাপৰ কথা যে আজি পৰ্যন্ত দেশৰ মানচিত্ৰত আটাইতকৈ দীঘল দলং বুলি চিহ্নিত হোৱা এই ড° ভুপেন হাজৰিকা সেঁতুত পোহৰ অৰ্থাৎ “ছলাৰ লাইট”ৰ ব্যৱস্থা নকৰিলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰ খনে। পোহৰৰ কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে কেন্দ্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয় অথবা ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও।

নিশা হ’লে দলঙৰ ওপৰেৰে পাৰ হোৱা যানবাহনৰ পোহৰৰ বাদে অন্ধকাৰে ছানি ধৰে ড° ভুপেন হাজৰিকা সেঁতু। দলঙত প্ৰায়েই শুনিবলৈ পোৱা যায় দুৰ্ঘটনাৰ খবৰ, আৰু এই দলঙতেই দুৰ্ঘটনা সংঘটিত হোৱা বহু জনে ইতিমধ্যে প্ৰাণ হেৰুৱালে৷  উক্ত দুৰ্ঘটনা সমূহৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত পোহৰৰ ব্যৱস্থা নথকাটোও এটা অন্যতম কাৰণ হিচাপে সচেতন মহলে অভিহিত কৰিব বিচাৰে।

ৰাইজে অতি শীঘ্ৰেই ড° ভুপেন হাজৰিকা সেঁতুত পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে। কিন্তু চৰকাৰে ৰাইজৰ এই দাবীক সঁহাৰি জনাব কোন দিনা? সেইয়া হৈছে আজিৰ দিনত লাখটকীয়া প্ৰশ্ন! কেন্দ্ৰৰ নতুন বিজেপি চৰকাৰে দেশৰ দীৰ্ঘতম দলংখনত পোহৰ ব্যৱস্থা কৰিব বুলি এতিয়া প্ৰতিজন সচেতন ব্যক্তিয়ে আশাৰে বাট চাইছে।

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd