• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰু প্ৰত্যাৱৰ্তনৰ চলিত প্ৰচেষ্টাই অন্তিম

মিজোৰামৰ চৰকাৰী সূত্ৰত প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2019 8:41 pm
Bru migrants weep amidst a roads blockade protest at Dasda-Anandabzaaar area in North Tripura on Sunday while describing their plight in relief camps.

পথত উচুপি উঠা খাদ্যহীন, গৃ্হহীন ব্ৰু নাৰী। ছবি- নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিজোৰাম চৰকাৰে সিদ্ধান্ত লৈছে যে ত্ৰিপুৰাত থকা ব্ৰুসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত চলিত প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াই অন্তিম প্ৰচেষ্টা হ’ব, চৰকাৰী সূত্ৰত প্ৰকাশ।

উত্তৰ ত্ৰিপুৰাৰ ছটা আশ্ৰয় শিৱিৰত ৪ হাজাৰতকৈ অধিক ব্ৰু পৰিয়াল আছে আৰু কেন্দ্ৰই অহা ৩০ নৱেম্বৰক চলিত প্ৰক্ৰিয়াটোৰ অন্তিম দিনৰূপে ধাৰ্য্য কৰিছে।

Apply Now

সূত্ৰটোৱে জনোৱামতে, মিজোৰামৰ মুখ্য মন্ত্ৰী জোৰামথাংগাৰ অধ্যক্ষতাত শুকুৰবাৰে অনুষ্ঠিত মন্ত্ৰীমণ্ডলৰ বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ব্ৰুসকলে মিজোৰাম চৰকাৰে প্ৰত্যাৱৰ্তনৰ বাবে নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰি আহিছে।

ছাত্ৰ সংগঠন মিজো জিৰলাই পলকে ধৰি আটাইকেইটা প্ৰধান মিজো জাতীয় সংগঠনে ব্ৰুসকলৰ ভোটাধিকাৰক লৈ দীৰ্ঘদিনধৰি আপত্তি কৰি আহিছে। আনকি ভোটাধিকাৰ নিদিয়াৰ দাবীও পূৰ্বে উত্থাপিত হৈছে।

ব্ৰুসকলৰ সংগঠন মিজোৰাম ব্ৰু দিছপ্লে’চদ পীপলছ ফ’ৰামৰ প্ৰতিনিধি জুন, ২০১৮ত স্বাক্ষৰিত প্ৰত্যাৱৰ্তন চুক্তি সন্দৰ্ভত কথা পাতিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহৰ ওচৰলৈ যোৱা বুলি বাতৰিত প্ৰকাশ।

ঘূৰি যোৱা ব্ৰুসকলক মিজোৰামৰ লুংলেই, মামিত আৰু ক’লাচিব জিলাত সংস্থাপিত কৰা হৈছে।

ইতিমধ্যে কেন্দ্ৰয়ো প্ৰত্যাৱৰ্তনৰ এই নৱমটো প্ৰচেষ্টাক “অন্তিম” বুলি সদৰী কৰি আশ্ৰয় শিৱিৰকেইটাত ৰেচন যোগান বন্ধ কৰি দিছিল।

ফলত শিশু আৰু বৃদ্ধকে ধৰি কেইবাগৰাকীও লোকে “খাবলৈ নাপায় মৰা”ৰ গুৰুতৰ অভিযোগ উঠিছিল।

পিছত অৱশ্যে ত্ৰিপুৰা চৰকাৰে ৩০ নৱেম্বৰলৈকে ৰেচন যোগান দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত পথলৈ ওলাই অহা খাদ্যহীন ব্ৰু লোকসকলে পথ অৱৰোধ উঠাই লৈছিল।

খবৰমতে, কেন্দ্ৰই ব্ৰুসকলক মিজোৰামত পুনৰ সংস্থাপনৰ চলিত প্ৰক্ৰিয়াটোৰ বাবে ৩৫০ কোটি টকা মোকলাই দিছে।

প্ৰতিটো সংস্থাপিত ব্ৰু পৰিয়ালক মাহে ৫ হাজাৰকৈ টকা আৰু দুবছৰলৈ বিনামূলীয়া ৰেচন যোগানৰ আশ্বাসো দিয়া হৈছে।

কিন্তু খবৰমতে, ১ অক্তোবৰৰ পৰা চলা প্ৰচেষ্টাত এতিয়ালৈকে কেৱল প্ৰায় ৭০০ ব্ৰু লোক (১২৫টা পৰিয়াল)হে মিজোৰামলৈ ঘূৰি গৈছে।

যোৱা ৫ অক্তোবৰত মিজোৰামত সংঘটিত এটা ঘটনায়ো চৰকাৰী প্ৰচেষ্টাটোক পুনৰ বিফল কৰি পেলোৱা বুলিও বাতৰি প্ৰকাশিত হৈছে।

মিজোৰামৰ মামিত জিলালৈ ঘূৰি যোৱা লিন্দা ৰিয়াং নামৰ এগৰাকী ৩৩ বছৰীয়া ব্ৰু মহিলাক সেইদিনা তেওঁৰ মিজো গিৰীয়েকে জীৱন্তে জ্বলাই দিয়াৰ এক ঘটনা ঘটিছিল।

খবৰমতে, সেই ঘটনাৰ খবৰে ত্ৰিপুৰাৰ শিৱিৰত থকা ব্ৰুসকলক পুনৰ আতংকিত কৰি তোলে।

১৯৯৭ চনত দাম্পা টাইগাৰ ৰিজাৰ্ভত এজন মিজো বন কৰ্মচাৰীক ব্ৰু বিদ্ৰোহীয়ে হত্যা কৰা ঘটনাৰ আলম লৈয়ে মিজো আৰু ব্ৰুসকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হৈছিল।

তেতিয়াই প্ৰায় ৩০/৪০ হাজাৰ ব্ৰু লোক মিজোৰামৰ পৰা পলাই গৈ উত্তৰ ত্ৰিপুৰাত আশ্ৰয় গ্ৰহণ কৰিছিল।

ব্ৰুসকল মিজোৰামৰ লগতে ত্ৰিপুৰা আৰু অসমত সিঁচৰিত হৈ আছে। ত্ৰিপুৰাত ৰিয়াং বুলি জনাজাত ব্ৰুসকল ৰাজ্যখনৰ দ্বিতীয় বৃহৎ জনজাতি।

মিজোৰামত বৰ্তমান প্ৰায় ৪০ হাজাৰ ব্ৰু লোক থকাৰ বিপৰীতে ২০০১ চনৰ লোকপিয়লমতে ত্ৰিপুৰাত ব্ৰুৰ সংখ্যা ১,৬৫,১০৩গৰাকী।

ত্ৰিপুৰী ৰাজসন্তান প্ৰদ্যোত কিশোৰ দেব বাৰ্মাই শেহতীয়াকৈ ব্ৰু আশ্ৰয় শিৱিৰত সাহায্য আগবঢ়াই তেওঁলোক মিজোৰামলৈ ঘূৰি যোৱাৰ প্ৰয়োজন নাই বুলি কৈছিল।

“নিজৰ মাটিত ভূমিপুত্ৰক শৰণাৰ্থীৰ আচৰণ কৰা দেখিব লগা হোৱাতো যন্ত্ৰণাদায়ক। এই মাটি আপোনালোকৰ আৰু ইয়াৰ পৰা যাবলৈ আপোনালোকক কোনেও জোৰ কৰিব নোৱাৰে। ৰিয়াং মানুহ ৰাখিব পৰাকৈ ত্ৰিপুৰাৰ পৰ্য্যাপ্ত ঠাই আছে,” নিজকে “বুবাগ্ৰা” (ককবৰক ভাষাত ৰজা) বুলি পৰিচয় দি “আমাৰ মানুহ” ৰিয়াংসকলক দেব বাৰ্মাই কৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd