• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 11:12 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4.7k
VIEWS
Share on FacebookShare on Twitter

অলিম্পিকত পুৰুষৰ ১০০ মিটাৰ দৌৰত নোৱা লাইলছে সোণৰ পদক লাভ কৰিছে। তেওঁ হৈ পৰিল পৃথিৱীৰ আটাইতকৈ দ্ৰুততম মানৱ। সময় ল’লে মাত্ৰ ৯.৭৯ ছেকেণ্ড। দেওবাৰে পেৰিছৰ ষ্টেড ডি ফ্ৰান্সত দেখা গ’ল এই গ্ৰহৰ আটাইতকৈ দ্ৰুততম ব্যক্তিক। বহুতে মনত পেলাব নোৱাৰিব যে শেষবাৰৰ বাবে এনে দৌৰ কেতিয়া দেখা গৈছিল।

ফটো ফিনিছিঙৰ দ্বিতীয় স্থানত আছিল সোণৰ দাবীদাৰ আন এজন প্ৰতিদ্বন্দ্বী কিছানে থমছন। তেওঁ সময় লৈছিল ৯.৭৯ ছেকেণ্ড। এটা চেকেণ্ডক ১০০০ ভাগত ভাগ কৰি বিজয়ী নিৰ্ণয় কৰা হয়। তাত নোৱাই চেকেণ্ডৰ ভগ্নাংশত জয়ী হয়। আমেৰিকাৰ ফ্ৰেড কাৰ্লিয়ে ৯.৮১ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

লগতে পঢ়কঃ টীম ইণ্ডিয়াৰ ছন্দপতন! ৱাণ্ডাৰছেৰ স্পিনত ধৰাশায়ী ভাৰত, দ্বিতীয়খন এদিনীয়াত মসৃন জয় শ্ৰীলংকাৰ

২০০৮ চনৰ পৰা ২০১৬ চনলৈকে অলিম্পিকত জামাইকাই আধিপত্য বিস্তাৰ কৰিছিল। কোৱা ভাল উছাইন ব’ল্ট। অলিম্পিকত তেওঁ একেৰাহে তিনিবাৰকৈ সোণৰ পদক লাভ কৰে। টকিঅ’ অলিম্পিকৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিছিল ব’ল্টে।  জামাইকাৰ কোনোৱে  শীৰ্ষ তিনিটাৰ ভিতৰত স্থান লাভ কৰা নাছিল।

কিন্তু পেৰিছ অলিম্পিকৰ পূর্বে কিছানেৰ ওপৰত আশাৰ সঞ্চাৰ হৈছিল৷ বছৰটোৰ সৰ্বোত্তম সময় তেওঁৰে আছিল। লগতে অব্লিক চেভিলেও আশাৰ সঞ্চাৰ কৰিছিল। কিছানে প্ৰথম ৰাউণ্ড আৰু হিটত নিজৰ নামৰ সৈতে ন্যায় কৰিছিল। ফাইনেলত আৰু অলপ হ’লেই সোণ আজুৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নহ’ল।

সুদীৰ্ঘ দিনৰ অন্তত ১০০ মিটাৰ দৌৰত আমেৰিকাই সোণৰ পদক লাভ কৰে। জাষ্টিন গেটলিনে শেষবাৰৰ বাবে ২০০৪ চনত সোণৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত দেশখনে পালে নোৱাক। ১৮৯৬ চনত অলিম্পিক আৰম্ভ হোৱাৰ পিছত আমেৰিকাই প্ৰথমবাৰ তিনিবাৰকৈ সোণৰ পদক লাভ কৰিছিল। আমেৰিকাই ১০০ মিটাৰত ১৬টা সোণৰ পদক লাভ কৰিছে। পৃথিৱীৰ আন কোনো দেশৰ এই আধিপত্য নাই। মাজতে জামাইকাৰ পিছ পৰি ৰৈছিল। নোৱাই সেই গৌৰৱ পুনৰ ঘূৰাই দিলে।

লগতে পঢ়কঃ ব’ল ব’মত অঘটন, উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰত খুন্দিয়ালে DJয়েই; বিহাৰৰ হাজীপুৰত ৯ জনৰ মৃত্যু

যিকোনো অলিম্পিকতে পুৰুষৰ ১০০ মিটাৰ দৌৰ অতি আগ্ৰহৰ বিষয়। পেৰিছো ইয়াৰ ব্যতিক্ৰম নহয়। দিনটোৰ বাকী এথলেটিকছ প্ৰতিযোগিতা ইতিমধ্যে শেষ হৈ গৈছিল। এই ইভেন্টৰ পূৰ্বে ষ্টেডিয়ামৰ সকলো লাইট বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত প্ৰায় দুমিনিটমান লেজাৰৰ খেল চলি থাকিল। গোটেই ষ্টেডিয়ামখনেই ভৰি আছিল। অনুৰাগীবোৰ উত্তেজিত হৈ পৰিছিল।

The fact that Noah Lyles won this race is insane.. five one thousandths of a second!!! pic.twitter.com/OMPydrHceJ

— Bri Lewerke (@brilewerke) August 4, 2024

ষ্টেডিয়ামৰ লাউডস্পীকাৰত নোৱাৰ নাম ঘোষণা হোৱাৰ লগে লগে তেওঁ ওলাই আহিল। দৰ্শকৰ ফালে চাই তেওঁ হাত দাঙি চিঞৰিবলৈ ধৰিলে। আচলতে তেওঁ নিজকে উত্তেজিত কৰি তুলিছিল। কাৰণ, এনে ইভেন্টত প্ৰতিযোগীৰ মানসিক অৱস্থাই পৰিৱৰ্তন আনিব পাৰে। কিছানেও একেই কাম কৰে।

ট্ৰেকত থিয় হৈ নোৱাই  জপিয়াই থাকিল। তেওঁৰ চকুত এক বেলেগ ধৰণৰ আত্মবিশ্বাস দেখা গৈছিল। প্ৰথম ৰাউণ্ড আৰু ছেমি ফাইনেলত তেওঁ আপ্লুত কৰিব পৰা নাছিল। কিন্তু ফাইনেলত তেওঁ আচল কামটো কৰি পেলালে।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

গঁড়ৰ খৰ্গৰ অবৈধ বেহা! গঁড়ৰ খৰ্গৰ অবৈধ সৰ্বৰাহৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত মালয়েছিয়া আৰু ভিয়েটনাম

গঁড়ৰ খৰ্গৰ অবৈধ বেহা! গঁড়ৰ খৰ্গৰ অবৈধ সৰ্বৰাহৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত মালয়েছিয়া আৰু ভিয়েটনাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd