NORTHEAST NOW (Assamese)

তেজপুৰ লোকসভা সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

March 26, 2019 9:52 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যৰ দ্বিতীয় পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ সময় সোমবাৰে সামৰণি পৰে। আজি প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াসকলৰ দ্বাৰা পুনৰীক্ষণ কৰা হয়। আনহাতে, তেজপুৰ লোকসভা সমষ্টিৰ দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰে নিৰ্বাচনী ৰিটাৰ্ণিং বিষয়াই।

মনোনয়ন বাতিল হোৱা প্ৰাৰ্থী দুজন হ’ল বহুজন মুক্তি পাৰ্টিৰ প্ৰাৰ্থী ৰাণবিজয় ৰায় আৰু সৰ্বভাৰতীয় হিন্দুস্তান কংগ্ৰেছ পাৰ্টিৰ প্ৰাৰ্থী কৃষ্ণ হৰি পাল। মনোনয়ন পত্ৰৰ লগত শপতনামা দাখিল নকৰাৰ বাবে কৃষ্ণ হৰি পালৰ মনোনয়ন বাতিল কৰাৰ বিপৰীতে আমানতৰ ধন জমা নিদিয়াৰ বাবে মনোনয়ন বাতিল হয় বহুজন মুক্তি পাৰ্টিৰ প্ৰাৰ্থী ৰণবিজয় ৰায়ৰ।

উল্লেখযোগ্য যে, তেজপুৰ লোকসভা সমষ্টিত মুঠ ১০ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাৰ পাছত ৮ জন প্ৰাৰ্থীৰ মনোনয়ন গৃহীত কৰিছে ৰিটাৰ্ণিং বিষয়াই। মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থী সকল হ’ল ক্ৰমে-পল্লৱ লোচন দাস(বিজেপি), এম জি ভি কে ভানু(ভাৰতীয় জাতীয় কংগ্ৰেছ),জাইবুৰ ৰহমান খান(নিৰ্দলীয়), মহেন্দ্ৰ ভূঞা(নেশ্যেনলিষ্ট কংগ্ৰেছ পাৰ্টি),মহেন্দ্ৰ ওৰাং(ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেল), বিজয় কুমাৰ টিৰু(নিৰ্দলীয়), ইকবাল আনচাৰি(নিৰ্দলীয়)আৰু ৰাম বাহাদুৰ সুন্দৰ(এন পি পি)।

তেজপুৰ সমষ্টিত ১১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমান সমষ্টিটো বিজেপিৰ দখলত আছে।

Related News