• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰবীণ আৰ এছ এছ সদস্যই অসমত কিয় নাপালে বিজেপিৰ প্ৰাৰ্থিত্ব?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 26, 2019 10:49 pm
Ajmal is the leader of Bangladeshi infiltrators: BJP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১০টা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিলে বিজেপিয়ে। ১০জন প্ৰাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ৮খন নতুন মুখ। তাৰ বিপৰীতে নাম বাদ পৰিল ৫জন কৈ বৰ্তমানৰ সাংসদৰ।

বিজেপিয়ে এইবাৰ টিকেট নিদিয়া ৫জন সাংসদৰ ৩গৰাকীয়ে হৈছে আৰ এছ এছৰ প্ৰবীণ সদস্য। তেওঁলোক তেজপুৰৰ ৰাম প্ৰসাদ শৰ্মা, নগাঁৱৰ ৰাজেন গোহাঁই আৰু মঙলদৈৰ ৰমেন ডেকা।

Apply Now

তেওঁলোকৰ বিপৰীতে তেজপুৰ আৰু নগাঁৱত প্ৰাৰ্থিত্ব পালে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা পল্লৱলোচন দাস আৰু ৰূপক শৰ্মাই। অৱশ্যে মঙলদৈ সমষ্টিত টিকেট পোৱা দিলীপ শইকীয়া আৰ এছ এছৰেই মানুহ।

কিন্তু প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাৰ পাছতো তিনিজনকৈ পুৰণি আৰ এছ এছ কৰ্মী বিজেপিৰ টিকেটৰ পৰা বঞ্চিত হ’বলগীয়া বিষয়টো নিশ্চয়কৈ চিন্তনীয়।

আৰ এছ এছৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে মূলতঃ প্ৰাৰ্থীকেইজনৰ বয়স, তেওঁলোকৰ বিৰুদ্ধে থকা প্ৰতিস্থানবিৰোধী ঢৌ আৰু বিতৰ্কই টিকটৰ পৰা তেওঁলোকক বঞ্চিত কৰিছে।

সমান্তৰালভাৱে নাগৰিকত্ব বিধেয়কবিৰোধী আন্দোলনৰ বাবেও তেজপুৰ, নগাওঁ আৰু মঙলদৈত বিজেপি-আৰ এছ এছে নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত ল’বলগীয়া হৈছে।

এই সন্দৰ্ভত এজন জ্যেষ্ঠ আৰ এছ এছ নেতাই আমাৰ আগত এইদৰে প্ৰকাশ কৰে, “আৰ এছ এছে বিজেপি নেতৃত্বক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰিছে। আমি কিছুমান সমষ্টিত যুৱ প্ৰাৰ্থীক টিকট দিয়াৰ পৰামৰ্শ দিছো। আমি ভাবো বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেশখনক নতুন ৰূপত গঢ় দিয়াটো বিচাৰে। গতিকে ইয়াৰ বাবে নতুন মুখক নিৰ্বাচিত কৰোৱাটো উচিত।”

আৰ এছ এছ বা বিজেপিৰ কোনো নেতাই যদিও প্ৰকাশ কৰা নাই তথাপিও দিচপুৰৰ চৰকাৰক অস্থিৰ কৰি পেলোৱা নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ পাছত বিজেপিয়ে নতুন মুখক প্ৰাৰ্থিত্ব প্ৰদানত গুৰুত্ব দিয়াত প্ৰাধান্য দিয়াৰ কথাও নুই কৰিব নোৱাৰি। কাৰণ নতুন মুখক প্ৰাৰ্থিত্ব দি দলটোৱে ভোটাৰক, বিশেষকৈ যুৱ ভোটাৰক, আকৃষ্ট কৰাৰ চেষ্টা চলাইছে বুলি ধাৰণা কৰিব পাৰি।

উল্লেখ্য যে, বিজেপিয়ে শিলচৰ সমষ্টিত টিকেটৰ বাবে বাচনি নকৰিলে প্ৰবীণ আৰ এছ এছ কৰ্মী, প্ৰাক্তন মন্ত্ৰী তথা তিনিবাৰৰ সাংসদ কবিন্দ্ৰ পুৰকায়স্থকো। তেওঁৰ বয়স যথেষ্ট হৈছে, সেয়ে স্বাভাৱিকতে টিকট নাপালেও তেওঁৰ নাম আনকি বিবেচনাতো নাহিল।

ইপিনে, আৰ এছ এছৰ পৰিচয় থকাৰ পাছতো তিনিগৰাকী জ্যেষ্ঠ নেতাই টিকট নোপোৱা বিষয়টোত আৰ এছ এছৰ অসমৰ বৌদ্ধিক প্ৰমুখ তীৰ্থ শংকৰ দাসে নৰ্থ-ইষ্ট নাওক কয় যে বিজেপিয়ে টিকট দিয়া নিদিয়াটোত দলেই সিদ্ধান্ত লৈছে। তাত আৰ এছ এছৰ কথা নাই।

অৱশ্যে তেওঁ এইদৰে কয়, “সংঘই যুৱ প্ৰাৰ্থীক প্ৰাধান্য দিয়াটো বিচাৰে। সাংসদ হৈ থাকিলেই যে টিকেট পাব লাগিব তেনে কোনো কথা নাই। সংঘৰ আদৰ্শ মতে ৰাষ্ট্ৰ প্ৰথম, তাৰ পাছতহে দল আৰু ব্যক্তি। আৰ এছ এছৰ মানুহ হ’লেই টিকট পাব লাগিব তেনে নহয়।”

তেওঁ লগতে কয় যে যিসকল নতুন প্ৰাৰ্থীয়ে অহা পাঁচ বছৰত দলৰ নীতি-আদৰ্শ সূচাৰুৰূপে পালন কৰিব নোৱাৰে তেৱোঁ আগলৈ টিকেটৰ পৰা বঞ্চিত হ’ব পাৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd