বেয়া দিন চলিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পী নোৰা ফতেহিৰ। বাৰে বাৰে বিতৰ্কই যেন ছাঁৰ দৰে খেদি ফুৰিছে এইগৰাকী তাৰকাক। অলপতে অভিনেতা সঞ্জয় দত্তৰ সৈতে এটা গানত অশালীন অংগীভংগী প্ৰদৰ্শন কৰাৰ অভিযোগত মহিলা আয়োগৰ ৰোষত পৰিবলগীয়া হৈছিল নোৰা। এইবাৰ পুনৰ এক নতুন বিতৰ্কই আগুৰি ধৰিছে অভিনেত্ৰীগৰাকীক। তেওঁৰ শেহতীয়া মিউজিক ভিডিঅ’ত দেখুওৱা সাজপাৰক লৈ এতিয়া নেটিজেনসকলে তেওঁক কপি কেট বুলি কটাক্ষ কৰা আৰম্ভ কৰিছে।
শেহতীয়াকৈ হানী সিঙৰ সৈতে বডী ৰোল নামৰ এটা নতুন মিউজিক ভিডিঅ’ মুকলি কৰিছে নোৰা ফতেহিয়ে। এই গানটোত নোৰাক এগৰাকী অপ্সৰাৰ দৰে সজোৱা হৈছে। গোটেই শৰীৰত সোণালী আ অলংকাৰ পিন্ধি তেওঁৰ সেই বিশেষ লুকটোৱে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও একাংশ দৰ্শকে ইয়াৰ মাজত বিচাৰি পাইছে অন্য এক মিল। নেটিজেনসকলৰ অভিযোগ অনুসৰি, নেটফ্লিক্সৰ জনপ্ৰিয় এনিমেটেড শ্ব’ লাভ ডেথ এণ্ড ৰবটছৰ জিব্যাৰো নামৰ খণ্ডটোৰ চৰিত্ৰৰ সৈতে নোৰাৰ এই সাজপাৰৰ হুবহু মিল আছে। তাৰ পিছৰ পৰাই নোৰাক নেটফ্লিক্সৰ পৰা ধাৰণা চুৰি কৰাৰ বাবে সমালোচনা কৰা হৈছে।
এই মিউজিক ভিডিঅ’টোৰ অন্যতম প্ৰযোজক হিচাপেও নোৰা জড়িত হৈ আছে, যাৰ বাবে তেওঁৰ ওপৰত অধিক প্ৰশ্ন উত্থাপন হৈছে। বিতৰ্ক বৃদ্ধি পোৱাত শেষত মিউজিক ভিডিঅ’টোৰ পৰিচালক প্ৰকাশ তিৱাৰীয়ে মুখ খুলিবলৈ বাধ্য হৈছে। তেওঁ কয় যে তেওঁ পৃথিৱীৰ বিভিন্ন শিল্পকৰ্ম, চলচ্চিত্ৰ আৰু লোককথাৰ পৰা অনুপ্ৰাণিত হয়। তেওঁ স্বীকাৰ কৰিছে যে সাজপাৰৰ ক্ষেত্ৰত জিব্যাৰোৰ পৰা কিছু অনুপ্ৰাণিত হৈছে যদিও ভিডিঅ’টোৰ কাহিনী আৰু শৈলী সম্পূৰ্ণ নিজা। তেওঁৰ মতে দৰ্শকে হয়তো সেইবাবেই কিছু সাদৃশ্য বিচাৰি পাইছে।
ইফালে নোৰা ফতেহিয়ে নিজৰ এই লুকটোৰ সন্দৰ্ভত কয় যে তেওঁ এই বিশেষ সাজটো পিন্ধি অতি উৎসাহিত অনুভৱ কৰিছে। সোণালী অলংকাৰৰ জৰিয়তে ভাৰতীয় নান্দনিকতা ব্যৱহাৰ কৰি এগৰাকী অপার্থিৱ অপ্সৰাৰ ৰূপ ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছিল বুলি তেওঁ মন্তব্য কৰে। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে যিমানেই নিজৰ লুকটোৰ ব্যাখ্যা নিদিয়ক কিয়, নেট জগতৰ একাংশ লোকে তেওঁক সমালোচনাৰ লক্ষ্য কৰি লৈছে। অনু অনুকৰণৰ এই অভিযোগৰ বাবে এতিয়া নোৰা ফতেহি পুনৰ এবাৰ নেতিবাচক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।





