NORTHEAST NOW (Assamese)

এফ বি বি কালাৰছ ফেমিনা মিছ ইণ্ডিয়ালৈ উত্তৰ-পূবৰ যুৱতী

April 30, 2019 12:42 pm · এন ই নাও নিউজ
Updated: April 30, 2019 12:46 pm
আলোকচিত্ৰত চাং দোমা তামাঙ

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ক্ষেত্ৰত উত্তৰ-পূবৰ সুনামৰ ধাৰাক অক্ষুণ্ণ ৰাখি এইবাৰ এফ বি বি কালাৰছ ফেমিনা মিছ ইণ্ডিয়াত সাতভনীক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে আন এগৰাকী উত্তৰ-পূবৰ কন্যাই।

উত্তৰ-পূবৰ যুবতী চাং দোমা তামাঙে জুন মাহত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এফ বি বি মিছ ফেমিনা-২০১৯ ত অংশগ্ৰহণ কৰিব।

গেংটকৰ অনুষ্ঠান সঞ্চালক প’জিটিউডৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা তামাঙে প্ৰশিক্ষকগৰাকীৰ শিক্ষাতে মিছ চিকিমৰ শীৰ্ষৰ পাঁচটা স্থানৰ মাজত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱাৰ উপৰিও বিগত মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা মিছ ইণ্ডিয়া নৰ্থ-ইষ্ট ৰাউণ্ডত অংশলৈ সফলতা লাভ কৰিছিল।

তমাঙে ৭ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এমাহ যোৰা মিছ ফেমিনাৰ গ্ৰুমিং শ্যেচনত অংশলোৱাৰ বাবে মুম্বাইলৈ যাব।

পূব ছিকিমৰ ১৯ বৰ্ষীয় তামাঙ উগেন তামাঙ আৰু ফুলমায়া তামাঙৰ কন্যা। স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী তামাঙে তাদঙৰ নাৰ বাহাদুৰ ভাণ্ডাৰী ডিগ্ৰী কলেজৰ পৰা শিক্ষাক সন্মানীয় বিষয় হিচাপে লৈ অধ্যয়ন কৰি আছে।

দেওবাৰে সংবাদ মেলৰ আগত সমগ্ৰ দেশৰ সন্মুখত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ পাই উৎফুল্লিত বুলি মন্তব্য কৰে প্ৰতিভাবান মডেলিং গৰাকীয়ে। ২০১৯ চনৰ মিছ ইণ্ডিয়া ছিকিম সন্মান লাভ কৰাটো এক ডাঙৰ প্ৰাপ্তি বুলি উল্লেখ কৰি তামাঙে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটো অধিক প্ৰত্যাহবানপূৰ্ণ হ’ব যদিও তাৰ বাবে সম্পুৰ্ণৰূপে সাজু বুলি কয়।

Related News