নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ ‘সাহসী বঁটা ২০২০’

Kalpa Final

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ বে-চৰকাৰী সংস্থা সাহসীয়ে ‘সাহসী বঁটা ২০২০’ প্ৰদান কৰে।

আজি বিয়লি ভাগত অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত সাংবাদিকগৰাকীলৈ এই বঁটা আগবঢ়ায় সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথ, প্ৰশাসনিক বিষয়া তথা সমাজকৰ্মী মুকুল শইকীয়া, সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ কেন্দ্ৰীয় উপদেষ্টা সুনীল ৰংপী, সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ কেন্দ্ৰীয় সভা খুদেজা বেগম সমাজ সেৱিকা ৰেখা বৰগোঁহাইয়ে।

বঁটা গ্ৰহণ কৰি সাংবাদিক শইকীয়াই মনৰ ভাৱ প্ৰকাশ কৰি কয় ‘মই এগৰাকী ন-শিকাৰু। সাংবাদিকতাৰ ক্ষেত্ৰখনত ভালদৰে নিজকে আগুৱাই যাবৰ বাবে সাহসীয়ে দিয়া সাহসৰ বাবে সভানেত্ৰী তৃষ্ণা নাথ বাইদেউ আৰু সমূহ কৰ্মকৰ্তালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। এনেবোৰ উৎসাহে জীৱনত সাংবাদিকতা ক্ষেত্ৰখনত নিৰ্ভীকতাৰে বাতৰি পৰিৱেশন কৰিবলৈ অধিক আগ্ৰহী কৰি তুলিব।‘

আনহাতে, উক্ত বঁটা প্ৰদান অনুষ্ঠানতে আদৰণি ভাষণ প্ৰদান কৰি সন্থাৰ সাধাৰণ সম্পাদিকা মীৰা দাসে কয় ‘ভুক্তভোগী হিচাপে নিৰ্যাতিতা প্ৰতিগৰাকী মহিলাৰ হকে মাত মাতি যোৱাৰ পণ লৈ সমগ্ৰ অসমতে এদল মহিলাৰ সহযোগত কাম কাজ কৰি যোৱা সন্থাৰ সভানেত্ৰী তৃষ্ণা নাথ ডিমৌৰ এখন সৰু গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী। ৰাজ্যৰ বহুকেইখন জিলাত তেওঁ অতি শক্তিশালী ৰূপত ‘সাহসী’ৰ জৰিয়তে বৰ্তমানো অতি সক্ৰিয়ভাৱে কাম কাজ চলাই আছে।‘

ইপিনে, যোৱাবৰ্ষৰ দৰে এইবাৰো শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় ২৫ গৰাকী সাংবাদিক আৰু ৪ গৰাকী সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক সম্বৰ্দ্ধনা জনাবলৈ পাই অত্যন্ত সুখী বুলি ভাষণৰ জৰিয়তে মত পোষণ কৰে সন্থাৰ সভানেত্ৰী তৃষ্ণা নাথে।

উল্লেখযোগ্য যে, আজি ‘সাহসী’য়ে গৌৰৱোজ্জ্বল চাৰিটা বছৰত ভৰি দিলে আৰু সেই উপলক্ষে অনুষ্ঠানৰ মাজতে কেক কাটি প্ৰতিষ্ঠা দিৱসো উদযাপন কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানতে ডিৱাই৩৬৫ৰ সাংবাদিক ধীৰাজ হাজৰিকা, নিউজ১৮ অসম নৰ্থইষ্টৰ সাংবাদিক হিৰকজ্যোতি মালাকাৰ, আসাম টকছৰ সাংবাদিক তীৰ্থ বৰা, নিউজ লাইভৰ সাংবাদিক অভিলাষা বৰা, প্ৰাগ নিউজৰ সাংবাদিক ববিতা গগৈ, নিউজ নাওৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা, প্ৰাগ নিউজৰ যোৰহাটৰ সাংবাদিক উৎপল বৰাকে ধৰি মুঠ ২৮ গৰাকীক সাহসী আৰু কৰোণা যোদ্ধা বঁটা প্ৰদান কৰে।

উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু সমাজকৰ্মী মুকুল শইকীয়া। তেওঁলোকৰ লগতে বন্তি প্ৰজ্বলনৰে বঁটা বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।

আজিৰ অনুষ্ঠানৰ আঁত ধৰি সুচাৰুৰূপে পৰিচালনা কৰে জাহ্নবী বৰুৱা আৰু নয়নজ্যোতি বৰাই।