অপ্ৰতিৰোধ্য কিম! ধাৰাসাৰ মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ; সাধাৰণ লোকক নিৰাপদ আশ্ৰয় ল’বলৈ নিৰ্দেশ দক্ষিণ কোৰিয়া, জাপানৰ

উত্তৰ কোৰিয়াই ধাৰাসাৰ মিছাইল নিক্ষেপ কৰিছে। সেই কাৰণে দক্ষিণ কোৰিয়া আৰু জাপান চৰকাৰে সাধাৰণ ৰাইজক সুৰক্ষিতভাৱে স্থানলৈ যাবলৈ নিৰ্দেশ দিছে। বুধবাৰে কেইবাটাও মিছাইল উৎক্ষেপণৰ পিছত বৃহস্পতিবাৰেও কিমৰ দেশখনে আক্ৰমণ অব্যাহত ৰাখিছে। যদিও কোনো দেশৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰা নাই, দুয়োখন দেশ উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰক লৈ যথেষ্ট চিন্তিত।

ইপিনে, দক্ষিণ কোৰিয়াও উত্তৰ কোৰিয়াক প্ৰত্যুত্তৰ দিবলৈ ভালদৰে প্ৰস্তুত হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কৈছে যে উত্তৰ কোৰিয়াৰ মিছাইল নিক্ষেপ কোনোমতে গ্ৰহণযোগ্য নহয়।

লগতে পঢ়ক: গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান; চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক

কিম জং-উনৰ দেশখনে বুধবাৰে চিউলত মুঠ দহটা মিছাইল নিক্ষেপ কৰে। এটা মিছাইল দক্ষিণ কোৰিয়াৰ পানীত পৰিছিল। দক্ষিণ কোৰিয়াইও ঘটনাটোক গৰিহণা দিছিল আৰু ৰিভাৰ্চ মিছাইল নিক্ষেপ কৰিছিল। বৃহস্পতিবাৰে ৰাতিপুৱা পিয়ংইয়ংয়ে পুনৰ মিছাইল নিক্ষেপ কৰে।

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কয়, “উত্তৰ কোৰিয়াই বাৰে বাৰে মিছাইল আক্ৰমণ চলাইছে। এই আক্ৰমণটো অত্যন্ত আপত্তিজনক। উত্তৰ কোৰিয়াক ক্ষমা কৰিব নোৱাৰি।‘’ কিচিদাই লগতে কয় যে এটা মিছাইল সম্ভৱতঃ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল আছিল।

লগতে পঢ়ক: কোনো মহিলাকে কৰিব নোৱাৰে বিমুখ! ৬১ বছৰ বয়সত ৮৮ সংখ্যক বিয়া পাতিবলৈ সাজু এজন কৃষক

দক্ষিণ কোৰিয়াই যৌথভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মিছাইল অনুশীলন চলাই আছে। দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে চুবুৰীয়া দেশখনৰ নিৰন্তৰ মিছাইল নিক্ষেপৰ মাজত প্ৰস্তুত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকে কৈছে “আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুটীয়া অনুশীলনৰ উপৰিও উত্তৰ কোৰিয়াক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা উচিত।‘’

উল্লেখ্য যে বুধবাৰে উত্তৰ কোৰিয়াই মিছাইল নিক্ষেপৰ অভিলেখ গঢ়িছে। কিম জং-উনৰ দেশখনে এদিনতে সৰ্বাধিক ২৩ টা মিছাইল নিক্ষেপ কৰাৰ অভিলেখ গঢ়িছে।

বুধবাৰে ৰাতিপুৱা উত্তৰ কোৰিয়াৰ পিনৰ পৰা মিছাইল আক্ৰমণ আৰম্ভ হৈছিল। উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ সমূহ জাপান সাগৰত দুয়োখন দেশৰ মাজৰ সীমান্ত পাৰ হৈ উৰি আহিছিল।

লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

বাতৰি অনুসৰি, দক্ষিণ কোৰিয়াৰ জলসীমাৰ প্ৰায় ৬০ কিলোমিটাৰ ভিতৰৰ সাগৰত এটা মিছাইল পৰে। ইয়াৰ পিছত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰে। চৰকাৰে তৎক্ষণাৎ এটা পৰামৰ্শ জাৰি কৰি আৱাসীসকলক সুৰক্ষিত বাংকাৰত আশ্ৰয় ল’বলৈ কয়। আক্ৰমণৰ তিনি ঘণ্টা পিছত দক্ষিণ কোৰিয়াইও প্ৰত্যুত্তৰ দিয়ে।