NORTHEAST NOW (Assamese)

দেশদ্ৰোহিতাৰ দৰে অপৰাধ কিশোৰ-কিশোৰীৰ যৌনতা! কিম জং উনৰ নতুন নিৰ্দেশ

May 31, 2020 2:29 pm · এন ই নাও নিউজ
কিম জং উন।

গুৰুতৰভাৱে শাৰীৰিক অসুস্থতাৰ চাঞ্চল্যকৰ বাতৰি প্ৰকাশৰ পাছত হঠাত আৱিৰ্ভাৱ ঘটা উত্তৰ কোৰিয়াৰ একনায়ক শাসক কিম জং উন পুনৰ চৰ্চাৰ মাজলৈ ঘুৰি আহিছে।

উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসকগৰাকীয়ে এইবাৰ আন বিতৰ্কিত নিৰ্দেশেৰে সকলোৰে দৃষ্টি কাঢ়িছে।

কিম জঙে কিশোৰ-কিশোৰীৰ যৌন মিলনত নিষেধাজ্ঞা জাৰি কৰিছে।

উত্তৰ কোৰিয়াৰ শাসক গৰাকীয়ে কৈশোৰকালৰ এই যৌনতাক দেশদ্ৰেহিতাৰ দৰে অপৰাধ বুলি গণ্য কৰে।

আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, প্ৰাপ্ত বয়স্ক হোৱাৰ পূৰ্বে যৌন কাৰ্যক দেশখনৰ আইনত নিষিদ্ধ হিচাপে ধৰা হয়।

পিচে, আইনক আওকান কৰি দেশখনৰ বিভিন্ন প্ৰান্তত স্কুলীয়া কিশোৰ-কিশোৰীৰ যৌন কাৰ্যত লিপ্ত হোৱাৰ খৱৰ কিম জঙৰ হাতত পৰাৰ পাছতেই কঠোৰ হৈ পৰে শাসকগৰাকী।

কিশোৰসকলৰ এনে যৌনাচাৰৰ বাবে পাশ্চাত্যৰ প্ৰভাৱকে জগৰীয়া কৰি কিম জঙে উত্তৰ কোৰিয়াত কিশোৰ-কিশোৰীৰ যৌনতাৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

শাসকগৰাকীয়ে পুৰণি আইনখনৰ আধাৰতে নতুনকৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

কেবল সেয়াই নহয়, উত্তৰ কোৰিয়াৰ চৰকাৰী উদ্যোগত স্কুলীয়া শিক্ষাৰ্থীৰ ওপৰত নজৰ ৰখাৰ বাবে ৰেড ফ্লেগ নামৰ এটা এপ’ও বনোৱা হৈছে।

প্ৰতিজন শিক্ষাৰ্থীৰ বাবে এই এপ বাধ্যতামূলক কৰা হৈছে। শিক্ষাৰ্থীসকলৰ ফোন বা লেপটপত এই এপ ইনষ্টল কৰাৰ নিৰ্দেশ দিয়া হৈছে।

এই ৰেড ফ্লেগ এপ’ থাকিলে কোনোৱে পৰ্ণ জাতীয় ছাইট দৰ্শন কৰিলে য়ুজাৰৰ তথ্য চৰকাৰী ৱেবছাইটত নথিভুক্ত হ’ব।

আনহাতে, এনে অপৰাধত ধৰা পৰা শিক্ষাৰ্থীৰ স্কুলৰ শিক্ষক, অভিভাৱকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া বুলি কোৱা হৈছে।

Related News