দিল্লী ডাইনামোজৰ বিৰুদ্ধে ড্ৰ খেলিলে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে
গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা আই এছ এলৰ এখন তীব্ৰ উত্তেজনাপূৰ্ণ খেলত দিল্লী ডাইনামোজৰ বিৰুদ্ধে ১-১ গ’লৰ ব্যাৱধানত ড্ৰ খেলে নৰ্থ-ইষ্ট য়ুনাইটেডে। ঘৰুৱা সমৰ্থকৰ সন্মুখত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিলেও বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ নহ’ল নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি এ। উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেড শেহতীয়া সাতখন খেলৰ ভিতৰত মাত্ৰ এখন খেলতহে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।
আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে ভৰা খেলখনৰ প্ৰথমাৰ্ধত দুয়োটা দলেই গ’ল স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল। বিৰতিৰ পিছৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতেই ৪৯ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ ওগবেছে এটা সুন্দৰ সুযোগ গ’ললৈ ৰূপান্তৰিত কৰাত ব্যৰ্থ হয়। খেলৰ ৬৭ মিনিটত টেবাৰে দিয়া গ’লৰ জৰিয়তে অগ্ৰগতি লাভ কৰে দিল্লী ডাইনামোজে।
আনহাতে, ১-০ ব্যৱধানত পিছপৰি ৰোৱা নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ তাৰকা খেলুৱৈ ওগবেছে ৭০ মিনিটত গ’ল স্ক’ৰ কৰি খেলখনত সমতা স্থাপন কৰে। ওগবেছে এতিয়ালৈ অনুষ্ঠিত হোৱা খেলসমূহত ১১ টাকৈ গ’ল কৰি ফেৰান কোৰ’মিনাছৰ সৈতে গোল্ডেন বুটৰ দৌৰত আছে।
দিল্লী ডাইনামোজ এফ চি ৰ গ’ল ৰক্ষক দোৰোনছোৰোই দুটাকৈ গ’ল প্ৰতিহত কৰি দলক সাম্ভাব্য বিপদৰ পৰা উদ্ধাৰ কৰে। আই এছ এলত নৰ্থ-ইষ্ট য়ুনাইটেড চতুৰ্থ স্থানত থাকি প্লে অফত খেলাৰ সম্ভাৱনা বৰ্তাই ৰাখিছে।