NORTHEAST NOW (Assamese)

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

May 29, 2023 9:32 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 29, 2023 9:02 pm

নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাট মডেলৰ ফোপোলা স্বৰূপ উদঙাই দিলে ৰাজ্যখনৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলে।

২০২৩ বৰ্ষত ৰাজ্যখনৰ দশম শ্ৰেণীৰ ঘোষিত ফলাফলত উত্তীৰ্ণৰ হাৰ মাত্ৰ ৬৪.৬২ শতাংশ।

চৰকাৰী তথ্য অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ ০.৫৬ শতাংশ ফলাফল অৱনমিত হয়। তাৎপৰ্যপূৰ্ণভাৱে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যখনৰ ১৫৭ খন বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়েই অনুত্তীৰ্ণ হয়।

স্মৰ্তব্য গুজৰাট মডেলক দেশৰ আগত সততে দাঙি ধৰাৰ সময়তে শিক্ষাৰ ক্ষেত্ৰত আন বহু ৰাজ্যই গুজৰাটক চেৰ পেলাবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ দশম শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাত পঞ্জাবৰ ৯৭.৫৪%, পশ্চিমবংগত ৮৬.১৫%, তামিলনাডুত ৯১.৩৯% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আনকি অসমৰ দশম শ্ৰেণীৰ পৰীক্ষাতো ৭৬.৬৯% পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। 

মাধ্যমিক শিক্ষাৰ সমান্তৰালকৈ উচ্চ শিক্ষা আৰু কাৰিকৰী আৰু চিকিৎসা শিক্ষা আদিতো গুজৰাটতকৈ আন একাংশ ৰাজ্যৰ অগ্ৰগতি চকুতলগা ধৰণৰ বুলি প্রতিপন্ন হৈছে।

 

Related News