• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম গণ পৰিষদেহে এ আই ইউ ডি এফৰ বিপদ ঘটালে!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 22, 2018 9:27 pm
AIUDF
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত প্ৰায় এটা দশকতকৈও অধিক কাল ৰাজ্যৰ ৰাজনীতিত এক শক্তিশালী স্থিতি লৈ থকা মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল এতিয়া থমকিবলগীয়া হৈছে। পূৰ্বৰ পঞ্চায়তত দ্বিতীয় স্থানত থকা দলটো এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত তৃতীয় স্থানলৈ অৱনমিত হ’ল। দলটোৱে লাভ কৰা ভোটৰ হাৰো বহুখিনি হ্ৰাস হ’ল। কিন্তু এ আই ইউ ডি এফৰ উত্থানত বাধা দিলে কোনে?

ইতিমধ্যে এ আই ইউ ডি এফৰ হাতৰ পৰা ভোট আজুৰি আনিবলৈ সক্ষম হোৱা বুলি কংগ্ৰেছে দাবী কৰিছে। কংগ্ৰেছৰ মতে ধৰ্মীয় সংখ্যালঘু লোকসকলে এতিয়া পুনৰ কংগ্ৰেছকে আঁকোৱালী লৈছে। আনহাতে বদৰুদ্দিন আজমলক ৰূধিবলৈ বিজেপিহে সমৰ্থ হোৱা বুলি গেৰুৱা দলটোৱে পূৰ্বৰে পৰাই দাবী কৰি আহিছে।

Apply Now

কিন্তু এই সকলো দাবীক নস্যাত কৰি অৱশেষত এ আই ইউ ডি এফৰ অশ্বমেধৰ ঘোৰা ৰোধ কৰা ‘বব্ৰুৱাহন’ৰ খিতাপ পালে আঞ্চলিক দল অসম গণ পৰিষদে। তাকো খোদ এ আই ইউ ডি এফেই এই খিতাপ দিলে অগপক।

শনিবাৰে দিচপুৰৰ বিধায়ক আৱাসত অনুষ্ঠিত এক সংবাদমেলত এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে এই মন্তব্য কৰে।

তেওঁৰ মতে এইবাৰ এ আই ইউ ডি এফৰ ভোট অগপলৈ গৈছে। সেয়ে দলটোৰ ভাল স্থিতি থকা মানকাচৰ সমষ্টিত অগপই ২ খন আৰু হাইলাকান্দিত ১ খন জিলা পৰিষদ দখল কৰিছে। তাৰ বিপৰীতে এই জিলা সমূহত কংগ্ৰেছ শূন্য হৈছে।

ইয়াৰ কাৰণো ক’লে আমিনুল ইছলামে- ‘ধৰ্মীয় সংখ্যালঘু ৰাইজে অগপক এটা বিশ্বাসত লৈছিল। তেওঁলোকে ভাবিছিল অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিজেপিৰে মিত্ৰতা ত্যাগ কৰি চৰকাৰৰ পৰা ওলাই আহিব। সেয়ে অগপৰ প্ৰতি এইসকল ৰাইজৰ আস্থা বাঢ়িছিল’।

অৱশ্যে অগপই যেতিয়া বিজেপিৰ লগত থকাটোৱে হৈছে গতিকে সেইসকল লোক পুনৰ এ আই ইউ ডি এফলৈ উভতি আহিবলৈ বাধ্য হ’ব বুলিও তেওঁ মন্তব্য কৰে।

এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদকজনৰ মতে তেওঁলোকৰ দলৰ ভোট কংগ্ৰেছে পোৱা নাই। কেৱল অগপ আৰু এ আই ইউ ডি এফৰ ভোট বিভাজন হোৱা বাবেহে সংখ্যালঘু অঞ্চলত কংগ্ৰেছে আসন বেছি পালে। অৱশ্যে কংগ্ৰেছে এ আই ইউ ডি এফতকৈ বহুত বেছি ভোট পোৱা নাই বুলিও আমিনুল ইছলামে দাবী কৰে।

ইপিনে, এ আই ইউ ডি এফে হাইলাকান্দি আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত এককভাৱে জিলা পৰিষদ গঠন কৰিব বুলি আজিৰ সংবাদমেলত ইছলামে জানিবলৈ দিয়ে। লগতে গোৱালপাৰা, নগাওঁ, দৰং, কৰিমগঞ্জ আৰু হোজাইত জিলা পৰিষদ গঠনত এ আই ইউ ডি এফৰ সমৰ্থনৰ প্ৰয়োজন হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

আনহাতে, দলটোৱে জিলা পৰিষদ গঠন কৰিবলৈ বিজেপিক কোনো কাৰণত সমৰ্থন নিদিয়ে আৰু বিজেপিৰ পৰা সমৰ্থন নলয় বুলিও তেওঁ মন্তব্য কৰে।

কিন্তু সেয়ে যদি হয় তেতিয়াহ’লে দৰং, হোজাই, কৰিমগঞ্জ আৰু নগাঁওত জিলা পৰিষদ গঠন হোৱাত যে আউল লাগিব সেয়া নিশ্চিত। কাৰণ এ আই ইউ ডি এফে বিজেপিক সমৰ্থন নিদিয়াৰ বিপৰীতে কংগ্ৰেছে আকৌ এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা নকৰে বুলি পূৰ্বৰে পৰা কৈ আহিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd