চীন- ভাৰতৰ সংঘাত,সীমান্তত পাকিস্তানৰ অবিৰত আক্ৰমণ ,এই সকলো ভাবুকিৰ মাজতে ১০ ছেপ্তেম্বৰত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় বায়ু সেনা বাহিনীৰ হাতত তুলি দিব ফ্ৰান্সৰ পৰা অনা ৫ খনকৈ ৰাফেল বিমান।
ভাৰতৰ হাতত ৰাফেল বিমান আহি পৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে চীন-পাকিস্তান।
কিন্তু চীন বা পাকিস্তানে সহজে ৰাফেল বিমানৰ ক্ষতি সাধন কৰিবলৈ সক্ষম নহ’ব যদিও এটা সৰু ‘বস্তু’ক লৈ এতিয়া চিন্তিত হৈ পৰিছে ভাৰতীয় বায়ু সেনাৰ বিষয়া সকল।
কাৰণ সেই সৰু ‘বস্তু’টোৱেই নিমিষতে ধ্বংস কৰি পাৰে শক্তিশালী ৰাফেল বিমান।
সেই বস্তুটো আন একো নহয়,সেয়া হৈছে চৰাই। হাৰিয়ানাৰ আম্বালাৰ যি স্থানত ৰাফেল বিমান ৰখা হৈছে তাৰ কাষতেই আছে জাৱৰৰ বিশাল দম।
সেই জাৱৰত খাদ্য বিচাৰি আহে জাকে জাকে চৰাই।
আম্বালাৰ আকাশত সেয়ে এনে চৰাইয়ে আকাশমাৰ্গতে ৰাফেল বিমানত খুন্দা মৰাৰ আশংকা অধিক।উৰন্ত বিমানত চৰায়ে খুন্দিয়ালে কেনে পৰিস্থিতিৰ সৃষ্টি হয় সেয়া বায়ু সেনাৰ বিষয়া সকলে ভালদৰেই জানে।
সেয়ে আম্বালাৰ বিমান কোঠৰ পৰা ১০ কিলোমিটাৰ দূৰলৈ সকলো জাৱৰৰ দম পৰিষ্কাৰ কৰাৰ বাবে বায়ু সেনাই হাৰিয়ানাৰ মুখ্য সচিবলৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে।
#SavingLives: On the morning of 27 June19, an IAF Jaguar aircraft loaded with two additional fuel drop tanks & Carrier Bomb Light Stores
(CBLS) pods took off from AFS Ambala for a training
mission. Immediately after take off, the aircraft encountered a flock of
birds. pic.twitter.com/Mb0otqadVe— Indian Air Force (@IAF_MCC) June 28, 2019
পত্ৰ খন পোৱাৰ পিছতে হাৰিয়ানাৰ চৰকাৰে বিমান কোঠৰ কাষৰ সকলো জাৱৰৰ জদম পৰিষ্কাৰ কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে।
উল্লেখ্য ‘বিউটি এণ্ড বিষ্ট’ হিচাবে জনাজাত ৰাফেল যুদ্ধ বিমান ভাৰতৰ বায়ুসেনা বাহিনীত ১০ ছেপ্তেম্বৰৰ দিনা আনুষ্ঠানিক ভাবে অন্তৰ্ভূক্ত কৰা হ’ব।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা আনুষ্ঠানিক ভাবে ফ্ৰান্সৰ পৰা অনা ৫ খন ৰাফেল যুদ্ধ বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত কৰিব।
এই অনুষ্ঠানত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লোৰেন্স পাৰ্লো উপস্থিত থকাৰ কথা।
যুদ্ধক্ষেত্ৰত শত্ৰু পক্ষৰ ওপৰত চিলাৰ দৰে জঁপিয়াই পৰিব পৰা এই বিমান কেইখন ফ্ৰান্সৰ পৰা উৰুৱাই আনে ভাৰতীয় বায়ু সেনাৰ ১২ গৰাকী পাইলটে।
২৮ জুলাইত বিমান কেইখন আহি উপস্থিত হয় সংযুক্ত আৰৱ গণ ৰাজ্যৰ অল ডাৰফাৰ বিমান বন্দৰত।
২৯ জুলাইত ৭ হাজাৰ কিলোমিটাৰ আকাশী পথ অতিক্ৰমি ভাৰতৰ হাৰিয়ানাৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হয় যুদ্ধ বিমান কেইখন। ৰাফেল বিমানৰ অন্তৰ্ভূক্তিয়ে নিঃসন্দেহে শক্তিশালী কৰি তুলিব দেশৰ বায়ুসেনা বাহিনীক।