• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

জয়ৰাম ৰমেশ, ভূপেন বৰাৰ ওপৰত আক্ৰমণক গৰিহণা বিৰোধীৰ, তদন্তৰ দাবী কংগ্ৰেছৰ, ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2024 9:25 pm
Rahul Gandhi Himanta Biswa Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাই।- ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়তে দলীয় নেতা-কৰ্মীৰ ওপৰত আক্ৰমণৰ মাজতে এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে। এক সমাৱেশ সম্বোধন কৰি কংৰেছ নেতাগৰাকীয়ে এই হুংকাৰ দিয়ে।

নিজ বক্তব্যত ৰাহুল গান্ধীয়ে কয়,“আজি মোৰ বাছৰ আশে-পাশে বিজেপিৰ একাংশ কৰ্মী গোট খালে। কিন্তু যেতিয়াই মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ বাছৰ পৰা নামিলো, তেওঁলোকে পলায়ন কৰিলে। আপোনালোকে কিমান পোষ্টাৰ বা বেনাৰ ফালে, সেই বিষয়ে আমি চিন্তা নকৰো। এয়া মতাদৰ্শৰ যুঁজ।”

Apply Now

উল্লেখ্য যে আজি যাত্ৰাৰ মাজতে বিয়লি শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ বাহনত বিজেপিৰ একাংশ কৰ্মীয়ে আক্ৰমণ চলায়। ইয়াৰ কিছুসময় পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক শাৰীৰিক আক্ৰমণ কৰে বিজেপিৰে একাংশ দলীয় কৰ্মীয়ে।

এই আক্ৰমণত আহত হয় ভূপেন বৰা। কংগ্ৰেছ নেতাদ্বয়ৰ ওপৰত হোৱা এনে আক্ৰমণক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে বিৰোধীয়ে। বিৰোধী নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এনে কাণ্ডই বিজেপি চৰকাৰৰ ফেচিবাদী মনোভাৱ উদঙাই দিছে বুলি মন্তব্য কৰে।

অখিল গগৈয়ে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ আক্ৰমণ কৰে আৰু ভাৰত জোড়ো ন্যায় যাত্ৰা নিঃসন্দেহে গণতান্ত্ৰিক পদ্ধতিৰে সম্পন্ন হৈছে আৰু কোনো চৰকাৰে দেশত নিৰাপদে চলাচল কৰাৰ স্বাধীনতাক বাধা দিয়াৰ অধিকাৰ নাই বুলি গৰিহণা দিয়া।

চি পি আই (এম) ৰ অসম ৰাজ্যিক কমিটিয়েও এই ঘটনাক তীব্ৰ গৰিহণা দিছে। ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জোড়ো ন্যায় যাত্ৰাক অসমত বাধা দিয়াৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলে সকলো ধৰণৰ স্বৈৰতান্ত্ৰিক, বেআইনী আৰু অনৈতিক পদ্ধতি ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰে দলটোৱে।

তাৰ প্ৰতিফলন হিচাপে আজি জামুগুৰিহাটত তেওঁলোকে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ ওপৰত আক্ৰমণ চলালে আৰু পৰৱৰ্তী সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰি আহত কৰিছে বুলি চি পি আই (এম)- এ দাবী কৰে।

“অসমত ক্ৰমাৎ বেছি বেছিকৈ জনবিচ্ছিন্নতা আৰু অসন্তোষৰ মুখত পৰা বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হতাশ আৰু আতংকিত হৈ যে চৰম অসহিষ্ণু আৰু অগণতান্ত্ৰিক হৈ পৰিছে, এই আক্ৰমণবোৰ হৈছে তাৰেই প্ৰতিফলন। বিৰোধী দলৰ বক্তব্য যাতে জনসাধাৰণৰ মাজলৈ নিব নোৱাৰে তাৰ বাবেই তেওঁলোকে সম্পূৰ্ণ গুণ্ডামিৰ আশ্ৰয় লৈছে।”- এক বিবৃতি যোগে চি পি আই (এম)- এ কয়।

ইফালে কংগ্ৰেছে এক বিবৃতি যোগে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ঘটনা সন্দৰ্ভত শোণিতপুৰ জিলা কংগ্ৰেছে ইতিমধ্যে জামুগুৰিহাটত এজাহাৰ দাখিল কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতাত শংকিত হৈ বিজেপি দল আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰ এনে কাণ্ড ঘটায় বুলি দাবী কৰে কংগ্ৰেছে। এই ঘটনাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা জড়িত থকা বুলিও সন্দেহ প্রকাশ কৰিছে কংগ্ৰেছ দলে।

প্রদেশ কংগ্ৰেছে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়াৰ লগতে যদিহে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে। বিজেপিয়ে এনে কাণ্ডৰে কাপুৰুষালি কৰা বুলি উল্লেখ কৰি কংগ্ৰেছে বিজেপিৰ ভেৰোনীয়া গুণ্ডা বাহিনীক ভয় নকৰে বুলিও সকীয়াই দিয়ে।

লক্ষণীয়ভাৱে এই ঘটনা সংঘটিত হোৱা শোণিতপুৰ জিলাত আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা। ঘটনাৰ পিছতে দেশজুৰি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত অসম আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd