• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘জাতিধ্বংসী’ বিধেয়কক অসমৰ সাংসদৰ সমৰ্থনৰ বিপৰীতে বিৰোধিতা বাঙালী, মাৰাঠী, ওড়িয়া সাংসদৰ

সৰ্বাধিক প্ৰভাৱিত হ'ব পৰা ৰাজ্য অসমৰ সাংসদ, প্ৰধান মন্ত্ৰী, মন্ত্ৰী, বিধায়কে জাতিতকৈ অগ্ৰাধিকাৰ দিছে দলৰ স্বাৰ্থক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2019 2:31 pm
Home-Minister-750x375

গৃহ মন্ত্ৰী ৰাজনাথ সিং। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পৰা সৰ্বাধিক ক্ষতিগ্ৰস্ত হ’ব পৰা ৰাজ্য হিচাপে অসমৰ সাংসদসকলে দলৰ স্বাৰ্থতকৈ অসমীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিব লাগিছিল যদিও সেয়া বাস্তৱত দেখা নগ’ল।

ৰাজ্যখনৰ এই সংকটকালত অসমৰ সাংসদসকলে একোৱেই ভূমিকা নল’লে বুলি ক’ব পাৰি। কংগ্ৰেছৰ সাংসদসকলে সদনত্যাগেৰে প্ৰতিবাদ কৰাৰ বিপৰীতে অসমৰ বিজেপিৰ সাংসদকেইজনে বিধেয়কখনক দলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি সমৰ্থন কৰিলে। গুৱাহাটী সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে বিধেয়কখনৰ সমৰ্থনত বক্তব্যও ৰাখে।

Apply Now

ইয়াৰ বিপৰীতে অসমীয়াৰ স্বাৰ্থত লোকসভাত বিধেয়কখনৰ বিৰোধিতা কৰি মাত মাতিলে কেইবাজনো অনা অসমীয়া সাংসদে। বাঙালী,. মাৰাঠী, ওৰিয়া আদি ভাষিক সম্প্ৰদায়ৰ কেইবাজনো সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰিলে। তেওঁলোকে সাংবিধানিক প্ৰমূল্যৰ দোহাই দি এই বিৰোধিতা কৰাৰ লগতে অসমৰ মানুহৰ শংকাৰ প্ৰসংগও টানি আনে।

উল্লেখযোগ্য যে ৮ জানুৱাৰিত লোকসভাৰ মজিয়াত শিৱসেনা. বিজু জনতা দল, চি পি আই (এম) আৰু তৃণমূলৰ সাংসদে বিধেয়কখনৰ বিৰোধিতাত সৰৱ ভূমিকা লয়।

আনহাতে কম প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকিলেও চুবুৰীয়া মেঘালয়ৰ মুখ্য মন্ত্ৰীয়েও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। আনকি মুখ্য মন্ত্ৰীজনে বিজেপিৰে থকা মিত্ৰতা ছেদ সন্দৰ্ভতো চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমত। একেদৰে নাগালেণ্ড কেবিনেটেও কেন্দ্ৰক বিধেয়কখনৰ পৰা ৰাজ্যখনে বহুতো সমস্যাৰ সন্মুখীন হ’ব বুলি জনাই পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছিল।

কিন্তু এইবোৰ উদাহৰণৰ পৰিৱৰ্তে সৰ্বাধিক প্ৰভাৱিত হ’ব পৰা অসমৰ মুখ্য মন্ত্ৰী দলৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি মৌনতাৰে বিধেয়কখনক সমৰ্থন দি আছে। তেওঁ ‘খিলঞ্জীয়াৰ ক্ষতি হ’ব পৰা কাম মই নকৰো’, ‘অসমৰ মানুহ শংকিত হ’ব নালাগে’ ইত্যাদি কথাৰে সেই পুৰণি ৰেকৰ্ডখনকে এই কেইদিনো বজাই আছে।

আনপিনে যিসময়ত সমগ্ৰ অসমৰ ৰাইজ, দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি আন্দোলনৰ পথ লৈছে, সেই সময়তে এজন বিত্ত মন্ত্ৰী হিমন্তই “বিধেয়কখন গৃহীত কৰা বাবে অসমীয়া মানুহৰ হৈ মোদীক ধন্যবাদ দিছোঁ” বুলি কৈ অসমৰ মানুহৰ শংকা, অধিকাৰৰ চিন্তা-চেষ্টাক চৰম উপলুঙা কৰিছে। অসমীয়া মানুহে যিটো কাৰণক জাতিৰ সংকট বুলি ধৰি আন্দোলন কৰিব লগীয়া হৈছে, সেই ‘কাৰণ’টো অনাৰ বাবেই মোদীক ধন্যবাদ দি হিমন্তই কি বুজাব খুজিছে?

অসমৰ সাংসদ, মুখ্য মন্ত্ৰী, মন্ত্ৰী, বিধায়কসকলৰ দলৰ স্বাৰ্থক জাতিৰ স্বাৰ্থতকৈ অগ্ৰাধিকাৰ দিয়া স্বভাৱ জাতিটোৰ বাবেই এক অভিশাপ বুলিব পাৰি।

আজি ৰাজ্যসভাত বিধেয়কখন পাছ হ’লে অসমীয়াই কৰা আন্দোলনবোৰ অৰ্থহীন হৈ পৰিব আৰু কেৱল আদালতৰ মজিয়াৰ বাদে আন একো উপায় নাথাকিব ইয়াক বাধা দিয়াৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd